হোমেন বৰগোহাঞি এজন অসামান্য প্রতিভাশালী সাহিত্যিক আৰু অসমীয়া সংবাদ–পত্রক নতুন চৰিত্র প্রদান কৰি অসমত সংবাদ সাহিত্য বোলা কথাষাৰ নির্ণয় কৰা সাংবাদিক৷ গল্পকাৰ, ঔপন্যাসিক, কবি, প্রবন্ধকাৰ আৰু একে সময়তে সাংবাদিক, প্রতিটো ক্ষেত্রতে ইমান বিৰল প্রতিভাধৰ দ্বিতীয়জন আমাৰ চকুত ধৰা নপৰে৷ বৰগোহাঞি বুলিলেই কবি নৱকান্তৰ এটা কবিতা মনলৈ আহে–
‘সত্যসন্ধ হোমেনৰ লগত কথা পাতিব খুজিছিলোঁ
পৱিত্র মেৰীৰ লিলি ফুল পাহিৰ
কিন্তু সকলো আবদ্ধ থাকিল সৰিয়হ ফুল আৰু
মোৰ নেদেখা মিচিং কনেঙৰ কলাফুলতে…
মই বহুৱালি কৰি থাকোঁতেই হোমেনে দেখুৱাই গ’ল…
কি বিচিত্র ট্রেপিজ৷’
ট্রেপিজ খেলিবলৈ লাগে দেহৰ ভাৰসাম্য, গতিৰ ক্ষিপ্রতা আৰু মনৰ সক্রিয়তা৷ এই তিনিওটা কথাৰে অসমৰ সাহিত্য আৰু সংবাদৰ জগতত চিৰনতুন সদাআধুনিক ব্যক্তিগৰাকী হৈছে হোমেন বৰগোহাঞি৷ ১৯৫৫ চনত প্রকাশ পোৱা প্রথমখন গ্রন্থ বিভিন্ন কোৰাছৰ পৰা আজিলৈকে পাৰ হৈ যোৱা ৬৫টা বছৰত তেওঁৰ গল্প, উপন্যাস, প্রবন্ধ, জীৱনী, আত্মজীৱনীত যিদৰে অজস্র মনৰে সমৃদ্ধ এখন সমাজ তেওঁ ৰচি আহিছে, তাৰ বিপৰীতে ১৯৮৭ চনত প্রকাশ পোৱা তেওঁৰ একমাত্র কাব্য সংকলন ‘হৈমন্তী’ৰ কবিতাসমূহ পঢ়িলে লগ পোৱা যায় একাকীত্বৰ সম্পদেৰে পৰিপূর্ণ কবিজনক৷ এনে দ্বন্দ্বাত্মক সমৃদ্ধি কেইজন লেখকৰ আছে? ১৯৫৭ চনতেই জর্জ চেফেৰিচৰ কবিতা অসমীয়ালৈ তেওঁ অনুবাদ কৰিছিল, অজিত বৰুৱা, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা, ভবেন বৰুৱা অসমীয়া সাহিত্যৰ যে গুৰুত্বপূর্ণ কবি, সেই কথা বিশ্লেষণ কৰি অসমীয়া সাহিত্যত প্রথমটো সমালোচনা লিখিছিল৷ সৌৰভ কুমাৰ চলিহা আৰু প্রণৱজ্যোতি ডেকা যে অতি শক্তিশালী আধুনিক গল্পকাৰ, সেই কথা সোচ্ছাৰে তেতিয়াই কৈছিল হোমেন বৰগোহাঞিয়ে৷ তেওঁৰ এই কৃতিত্ববোৰ মনত পেলালে অনুভৱ কৰোঁ, আমাৰ বহুতে বহুৱালি কৰি থাকোঁতেই হোমেনে দেখুৱাই দিলে কি বিচিত্র ড্রেপিজ…৷ পৰৱত্ সময়ৰ তেওঁৰ ৰচনাৰাজিৰ কথা নক’লোঁৱেইবা৷ ‘আশীৰ উপকণ্ঠত ৰৈ মই কোন কবি’ নামৰ ‘নাগৰিক’ত প্রকাশ পোৱা প্রবন্ধটোত সমীৰ তাঁতী, সনন্ত তাঁতি, বিপুলজ্যোতি শইকীয়া, ৰফিকুল হুছেইন আদিক অসমীয়া সাহিত্যত প্রতিষ্ঠা কৰি অসমীয়া আধুনিক কবিতাৰ পৰৱত্ ধাৰাটোৰ বাট মোকলাই দিলে৷ আচৰিত লাগে, যেতিয়া ভাবোঁ একেজন ব্যক্তিয়েইতো অসমীয়া সাহিত্যত খাদ্য আৰু স্বাস্থ্যক দুটা জনপ্রিয় বিষয় হিচাপে প্রতিষ্ঠা কৰিলে৷
এই সকলো কথাৰ এদিন মূল্যায়ন হ’ব আৰু অসমীয়াই এই কথাবোৰৰ বাবেই হোমেন বৰগোহাঞিক তেওঁৰ স্থানত স্থাপন কৰি ৰাখিব৷ ভূপেন হাজৰিকা আছিল এটা জনপ্রিয় মাধ্যমৰ অংশীদাৰ৷ কিন্তু হোমেন বৰগোহাঞিয়ে তেনে জনপ্রিয় মাধ্যমৰ অংশীদাৰ নোহোৱাকৈ মানুহক কিদৰে ইমান প্রভাৱিত কৰিব পাৰে, ভাবিলে আচৰিত লাগে৷ গ্রন্থমেলা বা কিতাপৰ দোকানত যেতিয়া টুকুৰা কাগজত তেওঁৰ নামটো লিখি কিতাপ বিচাৰে, তেতিয়া অনুভৱ কৰোঁ অসমীয়া পাঠক সৃষ্টি কৰিবলৈ আৰু অসমীয়া পাঠকক জীয়াই ৰাখিবলৈকো এইজন লেখকৰ আমাক দৰকাৰ৷ ইমানে ব্যাপ্তি কিদৰে সম্ভৱ, ভাবিলে এটা উত্তৰেই মনলৈ আহে, যিটো উত্তৰ আন এক প্রসংগত নিৰুপমা বৰগোহাঞিয়ে আমাক দিছিল– ‘বহুত মানুহ থাকে, যাক আমি ভাল পাওঁ, শ্রদ্ধা কৰোঁ, কিন্তু দেখা পাওঁ তেওঁলোকে জীৱনৰ ব্যক্তিগত লোভ, আশা–আকাংক্ষাৰ পৰা আঁতৰি আহিব নোৱাৰে৷ কিন্তু বৰগোহাঞিৰ দৰে নির্লোভ আৰু নির্মোহ মানুহ মই দেখা নাই৷ আৰু লোভ নথকা মানুহেই কাকো কেয়াৰ নকৰে৷ মই ভাবোঁ, মানুহ নামৰ যোগ্য হ’বলৈ সাহস লাগে, যিটো বৰগোহাঞিৰ আছে৷ তেওঁ নিজে সত্য বুলি ভবা কথাৰ পৰা কেতিয়াও বিচ্যুত নহয়৷
‘লেখকৰ সামাজিক দায়িত্ব’ নামৰ ৰচনাখনত তেওঁ লিখিছিল– ‘আমাক এনে এদল স্বাধীনচেতা, নিভ্ক সমাজ সচেতন লেখক লাগে, যিসকলে সৌন্দর্য সৃষ্টিৰ স্বাভাৱিক আকাংক্ষা আৰু অমৰত্বৰ মোহ স্বেচ্ছাই পৰিত্যাগ কৰি কেৱল মানুহৰ চিন্তাত বিপ্লৱ ঘটাবৰ বাবে অহৰহ ব্যাপৃত থাকিব৷’ এইখিনিতে মনত পৰিছে নাগৰিক কাকতখনৰ প্রথম সম্পাদকীয়টোতেই তেওঁ লিখিছিল– ‘নাগৰিক শব্দৰ অর্থই হ’ল স্বাধিকাৰ সচেতন মুক্ত মানুহ, ভয়শূন্য মানুহ৷’ এই ধ্যান–ধাৰণা অতিকৈ কঠোৰ আৰু বিবেকী আছিল নীলাচল আৰু নাগৰিকৰ সম্পাদকজনৰ মাজত৷ সেই স্বাধীনচিতীয়া নতুনত্ব প্রয়াসী লেখক–সম্পাদকজন সৃষ্টি এক ব্যতিক্রমী জীৱনবোধে গঢ় দিছিল, য’ত সমজুৱা দার্শনিক চেতনা আৰু ব্যক্তিগত বৌদ্ধিক পছন্দ–পছন্দৰ সমানেই ভূমিকা আছিল৷ ছাত্র অৱস্থাতো চল্লিছৰ দশকৰ ভৱানন্দ দত্তই হেম বৰুৱাতকৈ তেওঁক বেছি প্রভাৱিত কৰিছিল বুলি লিখি থৈ গৈছে৷ অৱশ্যে মৎস্যগন্ধা (১৯৮৭)ৰ পৰৱত্ সময়ৰ লেখকজনত তাৰ বৰ প্রমাণ নাপালোঁ, কিন্তু আগবয়সৰ ইছমাইল শেখৰ সন্ধানত, সুবালা, তান্ত্রিক, কুশীলৱ আদি ৰচনাত তেওঁৰ গতিশীল দায়বদ্ধ সমাজ ৰাজনৈতিক চেতনাৰ স্পষ্ট আভাস পোৱা যায়৷ নীলাচল, জনক্রান্তি, নাগৰিক আদি কাকতৰ সাহসী প্রতিষ্ঠানবিৰোধী সাংবাদিকজনৰ আদর্শই অসমত এচাম প্রগতিশীল লেখকৰ বাট মুকলি কৰিছিল৷ সেই সময়ৰ তেওঁৰ গল্প, উপন্যাসকো সামাজিক দায়বদ্ধতাৰে সমৃদ্ধ কৰি তুলিছিল৷ কেতিয়াবা আচৰিত লাগে একেজন ইছমাইল শেখৰ সন্ধানত লিখা গল্পকাৰেই ‘চিনাকি গাঁও’ৰ দৰে তীব্র সাম্যবাদবিৰোধী গল্প লিখি উলিয়াইছিল৷ বৰগোহাঞিৰ তেনে কেতবোৰ খেলিমেলি থাকি গৈছিল, অৱশ্যে এয়া চিন্তাৰ অস্বচ্ছতা নাছিল, কাৰণ তেওঁ দোমোজাত বাস কৰা নাছিল, কৰিছিল জীৱন যাপনৰ তীব্রতাতহে৷ জীৱন আৰু সাহিত্যলৈ অহা স্বস্বীকৃত বিপৰীতমুখী অৱস্থান নিজৰ জীৱন আৰু সাহিত্যত কিদৰে আয়ত্ত কৰিলে বুলি ভাবিলে তাৰ উত্তৰ তেওঁৰ আত্মজীৱনীখনৰ নাম আত্মানুসন্ধান হোৱাটোতেই বিচাৰি পাব পাৰি৷ বৰগোহাঞিৰ যি অন্তর্মুখী চৰিত্র, সেয়া আছিল জিজ্ঞাসাজনিত অন্তর্মুখিতা৷ এই অন্তর্মুখিতাৰ বাবে তেওঁৰ সৃষ্টিশীল সাহিত্যত নিঃসংগতা আছিল, জীৱনত আছিল একাকীত্ব৷ কিন্তু সাহিত্য বা জীৱন উভয়তেই তেওঁ প্রচণ্ড আশা আৰু জীৱনবাদী চিন্তা–চেতনাক আগবঢ়াই গৈছিল৷ তেখেতে লিখিছিল– ‘মই গোটেই জীৱন ধৰি ঘাইকৈ দুটা উৎসৰ পৰা জীৱনৰ সঞ্জীৱনী ৰস আহৰণ কৰিছোঁ– কিতাপ আৰু প্রকৃতি৷’ প্রকৃতিৰ চৰিত্রৰ দৰেই তেওঁৰ ভাল লেখাবোৰ স্বতঃস্ফূর্ত আৰু বহু সময়ত আত্মজৈৱনিক৷ কটন কলেজত পঢ়ি থাকোঁতে লিখা কেতবোৰ গল্প–কবিতাক যুগৰ প্রভাৱ পৰা সচেতন আধুনিক মনে কৃত্রিম কৰি তুলিছিল যদিও পৰৱত্ সময়ত নিজেই সেই পথ ত্যাগ কৰিছিল৷ তেওঁৰ উৎকৃষ্ট ৰচনাখিনিলৈ মনত পেলালে ভাব হয় ‘সাউদৰ পুতেকে নাও মেলি যায়’ত দেখাৰ দৰে হেবাঙৰ সৈতে ফৰিংফুটা জোনাকত পথাৰত গৰু বিচৰাৰ আনন্দ অথবা গছৰ ওখ ডালৰ পৰা পকা বনৰীয়া ফল পাৰি ভীষণ তৃপ্তি অনুভৱ কৰিব নোৱাৰা হ’লে জীৱনৰ বিচিত্রতাৰ আহ্বানে বাপুকণক একে সময়তে বিপুল আনন্দ আৰু দুঃসহ বিষাদেৰে কেতিয়াও সমৃদ্ধ কৰিব নোৱাৰিলেহেঁতেন৷ এই আনন্দ আৰু বেদনা দুয়োটাকে পৰৱত্ সময়ত তেওঁ আগবঢ়াই নিলে সচেতনভাৱে তেখেতৰ নিজস্ব বৌদ্ধিক চর্চা আৰু জীৱনমুখী আশাবাদেৰে৷ তেওঁৰ শেষ বয়সৰ ৰচনাসমূহতো যি যৌৱনসুলভ আত্মপ্রত্যয় দেখা পাওঁ, সেয়া প্রকৃতি, অধ্যয়ন আৰু জীৱনবোধেৰে সত্তাক সদায় নতুনকৈ আৱিষ্কাৰ কৰি থকাৰ হাবিয়াসৰ বাবেই সম্ভৱ হৈছে৷ বৰগোহাঞিৰ ভাষাৰ প্রাঞ্জলতা ভাবৰ স্পষ্টতাৰ পৰা অহা আৰু ভাবৰ এই স্পষ্টতা সম্ভৱ হৈছিল নিজক আজীৱন স্বাধীন কৰি ৰাখিব পৰাৰ সাহস আৰু উদাৰ মন এটাৰ বিশালতা থকাৰ বাবে৷
হোমেন বৰগোহাঞিক মই সেই বাবেই ভাল পাওঁ৷