নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আৰক্ষীৰ অভিযানত পাঁচ জুৱাৰী গ্ৰেপ্তাৰঃ জেল হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাত জুৱাৰ বিৰুদ্ধে যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই পাঁচজন জুৱাৰীক গ্ৰেপ্তাৰ কৰি সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন ক্ৰমে-বালাপাৰাৰ ছেদামাৰী গাঁৱৰ সহিদুৰ আলী(৫০ ), বেলতলি গাঁৱৰ মফিদুল ইছলাম(২৫),জাকাৰীয়া আহমেদ(২২), জুবান আলী(৫০) আৰু হকোডবা প্ৰথম খণ্ড গাঁৱৰ ইমান আলী(৩০) বুলি আৰক্ষী সুত্ৰে জনা গৈছে।

জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীৰ এটা দলে কালি দিনৰ ভাগত বালাপাৰাৰ ছেদামাৰী গাঁৱত জুৱাৰ বিৰুদ্ধে অভিযান চলায়। দিন দুপৰতে মুকলিকৈ চলি থকা জুৱাৰ ঘাটিত আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে হাতে-লোটে পাঁচজন জুৱাৰীক কৰায়ত্ব কৰে। যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজনৰ বিৰুদ্ধে থানাত ৪২১/২০২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like