নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকুতা উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ ব্যতিক্রমী প্রয়াস ৰাইপাটৰ নাৰায়ণ দাসৰ

শামুকৰ খেতি আৰু ব্যৱসায় বিষয়টো অসমত আজিৰ প্রেক্ষাপটত এক অবিশ্বাস্য আৰু ব্যতিক্রম৷ কিন্তু বহিঃৰাজ্যত ইয়াৰ চাহিদা আৰু সমাদৰ অকল্পনীয়৷ বিশেষকৈ নাগালেণ্ড, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্রদেশ আদি অঞ্চলত এই শামুকৰ ব্যৱসায় উদ্যোগটোৰ আছে অভাৱনীয় বজাৰ৷ আনহাতে চুবুৰীয়া দেশ বাংলাদেশতো শামুকৰ ব্যৱসায়ৰ এক বৃহৎ বজাৰ আছে৷ অৱশ্যে অসমত এতিয়াও শামুকৰ ব্যৱসায় কৰিও যে কোনোৱে স্বাৱলম্বী হ’ব পাৰে সেই কথা বহুতৰে বাবে হয়টো সপোন সাঁথৰ নতুবা সাধুকথাৰ দৰে অবাস্তৱ হ’ব৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত এতিয়ালকৈ হয়টো শামুকৰ ব্যৱসায়েৰে স্বাৱলম্বী হ’ব পৰা নজিৰ নোলাব বা কোনোৱে মনোনিৱেশ কৰা নাই৷ কিন্তু ইয়াৰ মাজতে অসমত প্রথমবাৰৰ বাবে এনে ব্যতিক্রমী ব্যৱসায়ৰ ভাল খবৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ এজন শিক্ষিত যুৱকে৷ জিলাখনৰ কমলপুৰ সমষ্টিৰ অন্তর্গত তথা চাংসাৰিৰ নিকটৱর্তী গাঁও কলাকুছি ৰাইপাটৰ নাৰায়ণ দাস নামৰ যুৱকজনে৷ গাঁওখনৰ বীণা দাস আৰু প্রয়াত সোণাৰাম দাসৰ পুত্র নাৰায়ণ দাসে এই অভিনৱ বৃত্তিত অগ্রসৰ হোৱা পৰিলক্ষিত হৈছে৷ শিক্ষিত যুৱক তথা এগৰাকী ফার্মাচিষ্ট ডিগ্রীধাৰী হৈয়ো চাকৰি নাপাই পাছত প্রাইভেট হাস্পতালত কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছিল যদিও প্রতিটো মুহূর্তত তেওঁৰ মনটোক খেদি ফুৰিছিল কিবা এটা কৰাৰ৷ এনেতে এদিন তেওঁ নেটত বিচাৰি পালে শামুকৰ খেতি আৰু ব্যৱসায়ৰ কথা৷ প্রথমে কথাটো কিবা আচহুৱা যেন পালেও ইয়াৰ বজাৰ, চাহিদাৰ বিৱৰণ সবিস্তাৰে জানিব পাৰি মনটোক বান্ধি ৰাখিব নোৱাৰিলে৷

অসমত কোনেও নকৰা এটা ব্যৱসায়ৰ প্রতি ৪১বছৰীয়া নাৰায়ণ দাসৰ ধাউতি জন্মিল৷ সেইমতে মনৰ উৎসুকতাৰ অৱগাহনক বাস্তবায়িত কৰিবলৈ পৰিকল্পনা কৰিলে৷ পূর্বৰ যোগাযোগ অনুসৰি যুৱকজন ২০১৮ বর্ষৰ দুই জুলাইত যাত্রা কৰিলে কলকাতা অভিমুখে৷ কলকাতাৰ মেদেনীপুৰত এটা প্রতিষ্ঠানত মাত্র তিনি দিন বৈজ্ঞানিক ভিত্তিত শামুকৰ খেতি , ইয়াৰ চাহিদা আৰু বজাৰ সম্পর্কত প্রশিক্ষণ গ্রহণ কৰিলে৷ আনকি শামুকৰ পৰা উৎপাদিত মণি–মকুতাৰ চাহিদা তথাবৃহৎবজাৰৰ চাক্ষুস প্রমাণৰ বাবে প্রশিক্ষার্থীসকলক লৈ যোৱা হয় বাংলাদেশলৈ৷ দলটোৱে বাংলাদেশত শামুকৰ চাহিদা প্রত্যক্ষ কৰি অভিভূত হৈ পৰে আৰু তাতেই সংকল্প লয় নাৰায়ণ দাসেও৷ উল্লেখ্য যে ২৫ জনীয়া প্রশিক্ষণ কেন্দ্রটোত আছিল অসমৰ পৰা মাত্র দুজন লোক৷ আনজন আছিল ধুবুৰীৰ৷ ধুবুৰীৰ লোকজনে কাৰিকৰী সুবিধাৰ বাবে শামুকৰ খেতিত এতিয়াও আগবাঢ়িব পৰা নাই বুলি জানিব পাৰিছেছা৷ নাৰায়ণ দাসে ঘৰৰ চৌহদতে প্রথমে পৰীক্ষামূলকভাৱে আৰম্ভ কৰে শামুকৰ খেতি৷ ১২ ফুট দীঘল আৰু ৮ ফুট বহল পকী কেনেল প্রস্তুত কৰি সামান্য কাৰিকৰী প্রয়োগেৰে সকলো ব্যৱস্থা প্রস্তুত কৰি লয়৷ তাৰ পাছত হাজোৰ পৰা জীয়া শামুক (প্রায় দুহেজাৰ) ক্রয় কৰি তাত সংস্থাপিত কৰা হয়৷ এবছৰ বা ১৪ মাহৰ ভিতৰত যেতিয়া ইয়াৰ মঙহৰ পূর্ণাংগ ৰূপ পাব তেতিয়া তাৰ পৰা মুকুতাৰ উৎপাদন ক্ষমতা সজীৱ হ’ব৷ এই কথা জানিবলৈ দি নাৰায়ণ দাসে কয় যে সামান্য কেমিকেলৰ জৰিয়তে আৰু সাচ ব্যৱহাৰ কৰি শামুকৰ মঙহৰ পৰা গণেশ, শিৱ, লক্ষ্মী ইত্যাদি মুকুতা তৈয়াৰ হৈ উঠিব৷ শামুকৰ পৰা উৎপাদিত এটা মুকুতাৰ বজাৰমূল্য কমেও তিনিশ টকা৷

গতিকে এহাজাৰ শামুকৰ পৰা বছৰত তিনি লাখ পর্যন্ত উপার্জন কৰিব পাৰি৷ লক্ষণীয় কথাটো হ’ল ‘শামুকৰ পেটত মানিক’ এই কথাটো তাহানিতে চীনদেশৰ মানুহে উপলদ্ধি কৰিব পাৰিছিল আৰু আজিৰ প্রেক্ষাপটত দেশখনে ভাৰতত প্রায় দহ কোটি টকাৰ শামুকৰ পৰা উৎপাদিত লাভজনক মুকুতাৰ বজাৰ দখল কৰি আছে৷ এনে সময়তে নাৰায়ণ দাসৰ মনলৈ অহা চিন্তাশক্তিয়ে সঁচাকৈয়ে ৰাজ্যখনৰ নিৱনুৱা যুৱকসকলৰ বাবে আদর্শৰ পথিক৷ অৱশ্যে নাৰায়ণ দাসে মার্চতহে শামুকৰ মুকুতা বিক্রীৰ বাবে সাজু কৰি তুলিব পাৰিব আৰু কলকাতাৰ ব্যৱসায়ীয়ে নিজেই দাসৰ ৰাইপাটৰ ঘৰৰ পৰা লৈ যাববুলি অৱগত কৰিছে৷ এয়া অসমৰ নিৱনুৱাৰ বাবে স্বাভাৱিকতে ভাল খবৰ৷

You might also like