নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৱ মাজিৰগাৱত অবৈধ মাটি খনন: বন বিভাগে জব্দ কৰিলে জে চি বি

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পূৱ মাজিৰগাৱত অবৈধভাৱে কৃষিভূমি খান্দি থকা অৱস্হাতে বন বিভাগে আজি এখন এক্সকেভেটৰ জব্দ কৰে । জানিব পৰামতে অবৈধ খননকাৰ্যই বৰঝাৰ বিমানবন্দৰলৈ কঢ়িয়াই আজাৰা আৰক্ষী আৰু বন বিভাগৰ একাংশক মেনেজ কৰি একাংশ যুৱকে আজাৰা ৰাজহ চক্ৰ অধীনৰ পূৱ-মাজিৰিগাৱত কৃষিভূমি খনন কৰি ডাম্পাৰৰে সেই মাটি বিভিন্ন ঠাইলৈ চালান দি ৰমৰমীয়া বেহা চলাই আছিল ।

উল্লেখ যে বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগতে চলাই থকা এই খননে বাৰিষাৰ সময়ত বিমানবন্দৰটোলৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰেঞ্জাৰে জব্দ কৰিবলৈ বাধ্য হ’ল খননকাৰ্য চলোৱা জে চি বি । স্থানীয় খেতিয়ক ৰাইজৰ অভিযোগ অনুসৰি ৰাইজৰ সুবিধা-অসুবিধালৈ কেৰেপ নকৰি মইমতালিৰে চলোৱা খননৰ ফলত হোৱা দ গাতত পৰি ইতিমধ্যে বহু পশুধনৰ মৃত্যু হৈ আহিছে ।

You might also like