আন্তঃমহাবিদ্যালয় টেবুল টেনিছ টুৰ্ণামেন্টত পুৰুষৰ শাখাত দুলীয়াজান মহাবিদ্যালয়ৰ স্বৰ্ণপদক
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তগৰ্ত আন্তঃ মহাবিদ্যালয়ৰ পুৰুষ মহিলাৰ টেবুল টেনিছ টুৰ্ণামেন্টত পুৰুষৰ শাখাত দুলীয়াজান মহাবিদ্যালয় আৰু মহিলাৰ শাখাত ডিব্ৰুগড় স্নাতকোত্তৰ মহলাই শ্ৰেষ্ঠত্ব অৰ্জন কৰি স্বৰ্ণ পদক আজুৰিবলৈ সক্ষম হয়। দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যাপক মৃন্ময় বৰুৱাৰ তত্বাৱধানত যোৱা ১৩ আৰু ১৪ ডিচেম্বৰত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃমহাবিদ্যালয় টেবুল টেনিছ টুৰ্ণামেন্টত মুঠ ১০ খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। পুৰুষৰ শাখাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্হান দখল কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আৰু ডিব্ৰুগড় স্নাতকোত্তৰ মহলাই । চতুৰ্থ স্হানত থাকে ডি এইছ এছ কে বাণিজ্য মহাবিদ্যালয় ।
সেইদৰে মহিলা শাখাত দ্বিতীয় স্হান দখল কৰিবলৈ সক্ষম হয় শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে । পুৰুষৰ ছিংগল শাখাত ক্ৰমে ডি এইছ এছ কে মহাবিদ্যালয়ৰ মানৱজ্যোতি ভূঞাই প্ৰথম শ্ৰেষ্ঠ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সমীৰ ৱাজবীৰ ৰহমান আৰু অহিৰণ সন্দিকৈয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠৰ বিপৰীতে দুলীয়াজান মহাবিদ্যালয়ৰ ডিংকুজ্যোতি গগৈয়ে চতুৰ্থ স্হান দখল কৰে । মহিলা চিংগলছৰ শাখাত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ আকাংক্ষা বৰপূজাৰীয়ে প্ৰথম শ্ৰেষ্ঠ, ডি এইছ এছ কে বাণিজ্য মহাবিদ্যালয়ৰ আবৃতা ভূঞাই দ্বিতীয় শ্ৰেষ্ঠ, তৃতীয় আৰু চতুৰ্থ ক্ৰমে ডিব্ৰুগড় স্নাতকোত্তৰ মহলাৰ পায়েল শৰ্মা, দৃষ্টি দৰ্পণ নাথ । টুৰ্ণামেন্ট উদ্বোধন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষা উপদেষ্টা ডঃ হেমন্ত দাসে । বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাঃ অধ্যক্ষ জ্যোতিপ্ৰসাদ চেতীয়া, আই কিউ এ চিৰ সমন্বয়ক ডঃ দয়ানন্দ নাথ আৰু জয়ন্ত দত্ত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাণজিৎ বৰুৱা ।