নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাত পোত খাই আছে এছিয়াৰ দ্বিতীয় সর্ববৃহৎ আঁচনি

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ খেতিপথাৰলৈ জলসিঞ্চনৰ সু–ব্যৱস্থাৰে দেশৰ কৃষিখণ্ড–কৃষক জনতাক উজ্জীৱিত কৰাৰ হকে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰাৰ সময়তে অসমত উন্মোচিত হৈছে এক পুতৌজনক প্রতিচ্ছবি৷ বিগত সময়ছোৱাত হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে বহু আঁচনি হ’ল যদিও আজিকোপতি কৃষিপ্রধান ৰাজ্য অসমৰ মুঠ কৃষিভূমিক জলসিঞ্চন ব্যৱস্থাই ঢুকি নাপালে৷ আনকি ৰাজ্য চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগটোৰ একাংশ বিষয়া–কর্মচাৰীৰ চৰম অকর্মণ্যতা–অৱহেলাৰ পৰিণতিত ৰূপায়িত আঁচনিও ধ্বংসৰ গৰাহত পৰিছে৷ ইয়াৰ বাস্তৱ উদাহৰণ হ’ল– নগাঁও জিলা কলিয়াবৰৰ হাতীমূৰাত ব্রহ্মপুত্রৰ ওপৰত থকা কলিয়াবৰ–কলং সংযোজিত জলসিঞ্চন আঁচনি৷ এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সর্ববৃহৎ ৰূপে চিহ্ণিত এই জলসিঞ্চন আঁচনিখন বিগত প্রায় চাৰি মাহ ধৰি পোত গৈ আছে ব্রহ্মপুত্রৰ বোকা–পানীত৷ এনে অৱস্থাত ’৭০ৰ দশকতে স্থাপন কৰা এই জলসিঞ্চন আঁচনিখনত এতিয়া কার্যতঃ মৃত্যুঘণ্টা বাজিছে৷

সংযোজিতভাৱে ৰূপায়িত জলসিঞ্চন আঁচনিখনৰ পৰা কলিয়াবৰ আঁচনি বন্ধ কৰি দিয়াৰ ফলত এতিয়া তীব্র ভাবুকিৰ সৃষ্টি হৈছে কলং আঁচনিখনৰ প্রতি৷ তদুপৰি মাহে ৰাজকোষৰ পৰা দৰমহা লৈ থকা জলসিঞ্চন আঁচনিখনৰ দায়িত্বত থকা বিভাগীয় বিষয়া–কর্মচাৰীসক আওকণীয়া মনোভাবৰ পৰিণতিত পানীৰ ওপৰত ওপঙি থাকিবলগীয়া জলসিঞ্চন আঁচনিখনৰ ‘ব্রাজ’ যোৱা চাৰি মাহ ধৰি পানীত বুৰ গৈ আছে৷ ‘ব্রাজ’খন এনেদৰে পানীত বুৰ গৈ থাকিলে ই ধ্বংস হোৱাৰ সমান্তৰালভাৱে বৃহৎ মটৰটো বিকল হৈ পৰাৰ সম্ভাৱনা প্রবল৷ এনে অৱস্থাত ’৭০ৰ দশকত কলিয়াবৰৰ বৃহৎ এলেকাৰ কৃষকৰ কৃষিভূমি অধিগ্রহণ কৰি কেইবা কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা এছিয়া মহাদেশৰ দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনিখন সম্প্রতি প্রহসনত পৰিণত হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– আঁচনিখনৰ নামত অধিগ্রহণ কৰা কৃষিভূমিৰ ক্ষতিপূৰণ আজিও নাপালে অঞ্চলটোৰ খেতিয়কসকলে৷ অৱশ্যে আৰম্ভণিতে এই জলসিঞ্চন আঁচনিখনৰ জৰিয়তে কৃষকসকল উপকৃত হৈছিল৷ পিছে জলসিঞ্চন বিভাগৰ দায়িত্বত থকা সংশ্লিষ্ট বিষয়া–কর্মচাৰীসক বাবেই এতিয়া কলিয়াবৰৰ কৃষক জনতাই নিজৰ খেতিৰ মাটিত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

জলসিঞ্চন আঁচনিখনৰ অধীনত কৃষিভূমিত পানী যোগানৰ বাবে নলা নির্মাণ কৰা হৈছিল যদিও সেয়া বিজ্ঞানসন্মতভাৱে নির্মাণ নকৰাৰ বাবে বিস্তীর্ণ কৃষিভূমিলৈ সম্প্রতি নলাৰে পানী নাযায়৷ পৰিণতিত কেইবাটাও নলা হাবি–জংঘলেৰে ভৰি পৰিছে৷ এই পৰিত্যক্ত নলাসমূহত কৃষিকার্য কৰাও পৰিলক্ষিত হৈছে একাংশ খেতিয়কে৷ আশ্চর্যজনক কথাটো হ’ল জলসিঞ্চন আঁচনিখন সম্প্রতি স্থবিৰ হৈ পৰিলেও বছৰি কিন্তু ইয়াৰ মেৰামতিৰ নামত লাখ লাখ টকা ব্যয় কৰি অহা হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি মেৰামতিৰ নামত ধার্য কৰা এই বৃহৎ পৰিমাণৰ ধনেৰে বিভাগীয় বিষয়া–কর্মচাৰী, ঠিকাদাৰ আৰু ৰাজনৈতিক প্রভাৱশালী লোকে নিজৰ জেপ গধুৰ কৰাৰ বিপৰীতে খাটিখোৱা কৃষক জনতা উপকৃত হোৱা নাই৷ উল্লেখ্য যে ২০১৭ চনৰ আগষ্ট মাহত ব্রহ্মপুত্রৰ বানে হাতীমূৰা মথাউৰিটো ভাঙি নিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে জলসিঞ্চন আঁচনিখনৰ আওতাৰ কৃষিভূমিত থকা মথাউৰিও ঠায়ে ঠায়ে ছিগিছিল৷ পিছে আজি চাৰি বছৰে মথাউৰিৰ এই ভগা অংশৰ মেৰামতি নহ’ল৷

আনকি বর্তমান পর্যন্ত মথাউৰি ছিগা অংশৰ জৰীপো নকৰিলে৷ সম্প্রতি কলিয়াবৰৰ একাংশ শিক্ষিত নিবনুৱাৰ লগতে কৃষকসকলে ৰবি শস্যৰ কৃষিকর্মত ব্রতী হৈছে৷ মাহ–সৰিয়হকে ধৰি বিভিন্ন শাক–পাচলিৰ খেতিৰে এই শিক্ষিত নিবনুৱা আৰু কৃষকসকল লাভৱান্বিত হ’ব বুলি আশা কৰিছিল যদিও কৃষিভূমিত পানীৰ অভাৱত তেওঁলোকৰ খেতি মৰহি যাবলৈ ধৰিছে৷ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰ মাহৰ লগতে এতিয়ালৈকে বৰষুণ নোহোৱাত তেওঁলোকৰ মূৰৰ ওপৰত যেন ভাগি পৰিছে সৰগ৷ কলিয়াবৰৰ কৃষক জনতাৰ ভৰসাৰ থলী আছিল এই জলসিঞ্চন আঁচনিখন৷ পিছে ‘আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল’– এই আপ্ত বাক্যশাৰী যেন জলসিঞ্চন আঁচনিখনৰ ক্ষেত্রত বাস্তৱ ৰূপে প্রতিপন্ন হৈছে৷ মৃত্যুঘণ্টা বজা এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনিখন শীঘ্রেই কার্যকৰী কৰি তুলিবলৈ ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে কলিয়াবৰীয়া কৃষক ৰাইজে৷

You might also like