পাকিস্তানত ২৩০০ বছৰ পুৰণি বৌদ্ধ মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পাকিস্তানৰ উত্তৰ–পশ্চিম প্রান্তৰ খাইবাৰ পাখতুনখাৱা প্রদেশৰ ছোৱাত জিলাত প্রত্নতাত্ত্বিকসকলে খনন কার্য চলাই লাভ কৰিছে প্রাচীন বৌদ্ধ যুগৰ স্থাপত্যৰ কীর্তিচিহ্ণৰ সন্ধান৷ পাকিস্তানী আৰু ইটালিয়ান প্রত্নতাত্ত্বিক দলে যৌথভাৱে জিলাখনৰ বাৰিক’ট তহচিলৰ বাজিৰা চহৰত চলোৱা খনন কার্যৰ সময়ত ২৩০০ বছৰতকৈও পুৰণি এক মন্দিৰৰ ধ্বংসাৱশেষ লাভ কৰিছে৷ ইয়াৰ উপৰি আৱিষ্কাৰ হৈছে বহু মূল্যৱান প্রত্নতাত্ত্বিক সম্পদ৷ বাজিৰা চহৰৰ এই নিদর্শনবোৰে প্রমাণ কৰিছে যে ছোৱাত জিলাত অন্ততঃ ৬–৭ ধর্মৰ পৱিত্র স্থান আছিল৷
বৌদ্ধ যুগৰ স্থাপত্যই প্রমাণ কৰিছে যে খাইবাৰ পাখতুনখাৱাৰ এই প্রাচীন স্থাপত্য তক্ষশীলাত আৱিষ্কাৰ হোৱা ধর্মীয় স্থাপত্যতকৈও পুৰণি৷ লক্ষণীয়ভাৱে পাকিস্তানত এতিয়ালৈকে আৱিষৃকত বৌদ্ধ যুগৰ এইটোৱেই হৈছে আটাইতকৈ পুৰণি স্থাপত্য৷ মন্দিৰৰ উপৰি প্রত্নতাত্ত্বিকসকলে বৌদ্ধ যুগৰ ২৭০০ৰো বেছি নিদর্শন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত আছে মুদ্রা, আঙঠি, পাত্র তথা গ্রীক ৰজা মেনান্দৰ বাবে মিলিণ্ডৰ আমোলৰ বিভিন্ন লিপিত লিখা প্রাচীন সমল৷ খৰ’ষ্ঠি লিপিত লিখা হৈছিল এই সমলবোৰ৷ স্মর্তব্য যে গ্রীক ৰজা মেনান্দৰক বৌদ্ধাচার্য নাগসেনে বৌদ্ধ ধর্মত দীক্ষিত কৰাৰ চেষ্টা কৰিছিল৷ পালি ধর্ম সাহিত্যত তেওঁলোকৰ বক্তব্য ‘মিলিণ্ড পঞ্চহো’ গ্রন্থত লিপিবদ্ধ হৈছে৷