মৰণফান্দত পৰিণত পুৰণি শৰাইঘাট দলং
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ বন বিভাগ আৰু আৰক্ষীৰ নির্লিপ্ততাৰ সুযোগ লৈ আমিনগাঁৱৰ বালি আৰু মাটি খাদানৰ পৰা গুৱাহাটীলৈ নিশাৰ ভাগত অবৈধভাৱে সৰবৰাহ কৰি আহিছে শ শ ডাম্পাৰ৷ বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে মৃত্যুদূতত পৰিণত হৈছে পুৰণি শৰাইঘাট দলং৷ খাদানৰ পৰা বোকা মাটি আৰু বালি কঢ়িয়াই অনা ডাম্পাৰসমূহ আমিনগাঁৱৰ পৰা শৰাইঘাট দলং হৈ গুৱাহাটীলৈ আহে৷ বোকা মাটি আৰু বালি কঢ়িয়াই অনা ডাম্পাৰৰ পৰা পানী আৰু বোকাই এতিয়া শৰাইঘাট দলং বোকাময় কৰি পেলাইছে৷ শৰাইঘাট দলংখন বোকাৰে ভৰি পৰাত সংঘটিত হৈছে কেইবাটাও পথ দুর্ঘটনা৷ আজি পুৱতি নিশাও আমিনগাঁৱৰ পৰা বোকা মাটি কঢ়িয়াই অনা এ এছ–০১–কে চি–৯৩৫৯ নম্বৰৰ ডাম্পাৰখনে পুৰণি শৰাইঘাট দলঙৰ ওপৰত থকা বোকাত পিচলি নিয়ন্ত্রণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে৷ ডাঠ কুঁৱলীৰ বাবে একে দিশেৰে আহি থকা এ এছ–০২–এ এফ–১৭৬০ নম্বৰৰ এখন বাহনে দুর্ঘটনাগ্রস্ত ডাম্পাৰখনত খুন্দা মাৰে৷ ইয়াৰ ঠিক কিছু সময়ৰ পাছতে পুৰণি শৰাইঘাট দলঙৰ বোকাত নিয়ন্ত্রণ হেৰুৱাই দুখন দুচকীয়া বাহনো দুর্ঘটনাগ্রস্ত হয়৷ সৌভাগ্যক্রমে এই দুর্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আমিনগাঁৱৰ খাদানৰ পৰা নিশাৰ ভাগত শ শ ডাম্পাৰেৰে বালি আৰু মাটি কঢ়িয়াই অনাৰ ফলতেই শৰাইঘাট দলংখন বোকাময় হৈ পৰিছে৷ শৰাইঘাট দলঙৰ বোকাত পিচলি আজি পুৱতি নিশা চাৰিখনকৈ বাহন দুর্ঘটনাগ্রস্ত হয়৷ যদিহে বন বিভাগ, আৰক্ষী আৰু জিলা প্রশাসনে মাটি–বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰে তেন্তে ভৱিষ্যতে ইয়াতকৈও ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে৷ বোকা মাটিৰে ভৰি পৰা শৰাইঘাট দলঙত নিশাৰ ভাগত পৰা ডাঠ কুঁৱলীয়ে পিচল কৰি পেলাইছে৷ শীঘ্রে পুৰণি শৰাইঘাট দলঙত থকা বোকা মাটি, বালিৰ প্রলেপ পৰিষ্কাৰ কৰি যাতায়াতৰ সূচল ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে প্রশাসনৰ লগতে ৰে’ল বিভাগক দাবী জনাইছে৷