নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কয়লা–চুপাৰি সৰবৰাহত সেউজ সংকেত চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অসমৰ কয়লা–চুপাৰি অহা জানুৱাৰী মাহৰ পৰা সৰবৰাহৰ ক্ষেত্রত সেউজ সংকেতৰ ইংগিত দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অহা জানুৱাৰী মাহত সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি এই সংক্রান্তত চৰকাৰে এছ অ’ পি প্রকাশ কৰিব বুলি সদৰী কৰে৷ বৃহস্পতিবাৰে সদনত বৰাক উপত্যকাৰ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে বৰাক উপত্যকাত উৎপাদিত স্থানীয় চুপাৰি সৰবৰাহৰ ক্ষেত্রত থকা বাধা–নিষেধ প্রত্যাহাৰ কৰিবলৈ দাবী জনায়৷ সেইদৰে কংগ্রেছ বিধায়ক ৰকিবুল হুছেইন, এ কে ৰছিদ আলম আদিয়ে অসমৰ কয়লাৰ ওপৰত থকা নিষেধাজ্ঞাও একে সময়তে প্রত্যাহাৰৰ দাবী উত্থাপন কৰে৷ ইয়াৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ কার্বি আংলঙত কয়লাৰ চাৰিটা খনি আছে৷ হাফলঙৰ উমৰাংছ’ত দুটা কয়লাৰ খনি আছে৷ উমৰংছ’ৰ খনিত ৩৫ হাজাৰ মেট্রিকটন কয়লা আছে৷ তাত বর্তমান খনন চলি আছে৷ অসম মিনাৰেল ডেভেলপমেণ্ট কর্প’ৰেচনে কয়লা প’র্টেলত নিবিদা দাখিল কৰিছে আৰু নিলামৰ দায়িত্ব লাভ কৰিছে৷ কার্বি আংলঙৰ কয়লাৰ পৰা অহা ধন কার্বি আংলং স্বায়ত্ত পৰিষদে আৰু ডিমা হাছাওৰ কয়লাৰ পৰা অহা ধন উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে লাভ কৰিব৷ সেই ধনেৰে স্বায়ত্তশাসিত পৰিষদ দুখনে কর্মচাৰীক দৰমহা দিয়াকে ধৰি নিজৰ কামত ব্যৱহাৰ কৰিব৷

অসমত উৎপাদিত কয়লাৰ সৰবৰাহ বন্ধ থকাৰ ফলত ইটা উদ্যোগ সাংঘাটিক ধৰণে ক্ষতিগ্রস্ত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ ফলত ইটাৰ দাম বৃদ্ধি পাইছে, চাহ বাগিচাৰ কলঘৰ ক্ষতিগ্রস্ত হৈছে, বৰাকত চিমেণ্ট উদ্যোগ সমস্যাৰ সন্মুখীন হৈছে, মেঘালয়ত কয়লা শ্রমিক হিচাপে কাম কৰা ধুবুৰী–গোৱালপাৰাৰ শ্রমিকসকল ক্ষতিগ্রস্ত হৈছে, অসমৰ ট্রাক ব্যৱসায়ী ক্ষতিগ্রস্ত হৈছে৷ উদ্যোগ বিভাগৰ তৰফৰ পৰাও তেওঁক ঝাৰখণ্ডৰ পৰা কয়লা আনি উদ্যোগ চলাব নোৱাৰে বুলি জনাইছে৷ প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণতো সমস্যাৰ সন্মুখীন হৈছে৷ কয়লাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– কয়লা সৰবৰাহ অব্যাহত ৰাখিলে তেওঁৰ ওপৰত ছিণ্ডিকেটৰ হেঁচা পৰে৷

আনহাতে, সৰবৰাহ বন্ধ ৰাখিলে মূল্যবৃদ্ধিৰ বিষয়টো আহি পৰে৷ সেয়ে তেওঁ বিধায়কসকলক এই বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনাই কয় যে কয়লা সম্পর্কত অহা জানুৱাৰী মাহত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি চৰকাৰে সিদ্ধান্ত ল’ব আৰু সেই সম্পর্কত এছ অ’ পি প্রকাশ কৰিব৷ সেইদৰে বৰাক উপত্যকাত উৎপাদিত স্থানীয় চুপাৰিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান দুই ধৰণৰ চুপাৰি বৰাক আৰু মিজোৰামৰ পৰা আহে৷ ম্যানমাৰৰ পৰা বার্মিজ চুপাৰিও আহে৷ কোনবিধ স্থানীয় চুপাৰি আৰু কোনবিধ বার্মিজ চুপাৰি, সেয়া নিৰীক্ষণ কৰিবৰ বাবে চৰকাৰে এছ অ’ পি কৰিব৷

অহা ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীৰ ভিতৰত এই সম্পর্কত এছ অ’ পি প্রকাশ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি সদনত কংগ্রেছ–এ আই ইউ ডি এফৰ বিধায়কসকলে কোৱাৰ দৰে বৰাক উপত্যকাৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালেও তেওঁক স্থানীয় চুপাৰি সৰবৰাহৰ অনুমতি দিবলৈ অনুৰোধ জনাই আছে৷ সেয়ে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ উপায়ুক্তক অঞ্চলটোৰ সকলো বিধায়কৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি সেই সম্পর্কত এছ অ’ পি কৰিবলৈ দিছে৷

আনহাতে, মেঘালয়ৰ বৈধ কয়লা সৰবৰাহত অসমে কোনো বাধা দিব নোৱাৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেঘালয়ৰ কয়লা হাৰিয়ানালৈ যায়৷ অসম পাৰ হৈ পশ্চিমবংগ, উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লীলৈ যায়৷ আন কোনো ৰাজ্যই সেই কয়লা সৰবৰাহত যদি বাধা নিদিয়ে অসমে কেনেকৈ বাধা দিব? চুবুৰীয়া ৰাজ্যৰ লগত সম্পর্ক বেয়া কৰাৰো এটা সীমা আছে৷ মার্ঘেৰিটা বা উমৰাংছ’ৰ পৰা কিবা অবৈধ কার্য হ’লে অসমে চাব৷ কিন্তু মেঘালয়ৰ কয়লাৰ ক্ষেত্রত কিবা অনিয়ম হ’লে সেয়া মেঘালয় বা হাৰিয়ানাইহে চাব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like