নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সামাজিক শিষ্টাচাৰ আমি কেতিয়া শিকিম?

এটি সৰু অনুৰোধ৷ এই সৰু অনুৰোধ এটাৰ পিছতে ঘটা ঘটনাৱলীয়ে উন্মোচিত কৰিছে আমাৰ ভাৰতীয়সকলৰ চৰম লজ্জাজনক আচৰণ৷ প্রাচুর্যৰ মহানগৰ মুম্বাইৰ সন্ধিয়া এটা৷ ৬৫–৭২ বছৰীয়া দম্পতী এটাই মুম্বাইৰ এটা ৰাস্তাৰ পদপথেৰে সন্ধিয়া আন দিনাৰ দৰেই খোজকাঢ়ি গৈ আছিল৷

সেই সময়তে বৃদ্ধৰ চকুত পৰিল এজন কেব ড্রাইভাৰে গুট্খাজাতীয় কিবা খাই পদপথত পিকাই আছে৷ যি পথেৰে হাজাৰজনে খোজকাঢ়ি অহা–যোৱা কৰি থাকে সেই ঠাইত চালকজনে পিকাই থকা দেখি স্বাভাৱিকতে বৃদ্ধগৰাকীৰ বেয়া লাগিল আৰু চালকজনক গুট্খা খাই পিকাই নাথাকিবলৈ অনুৰোধ জনালে৷

কিন্তু বৃদ্ধগৰাকীৰ এই অনুৰোধ শুনি লাজ পোৱাৰ সলনি প্রায় ৩০ বছৰৰ ঊর্ধ্বৰ চালকজনে ওলোটাই বৃদ্ধগৰাকীৰ ওপৰত জঁপিয়াই পৰে৷ কেইবাজনো পথচাৰী আৰু বৃদ্ধা পত্নীৰ সন্মুখতে চালকজনে বৃদ্ধৰ টী–চার্টৰ কলাৰত ধৰি তর্কাতর্কিত লিপ্ত হয়৷

আনকি ইয়াতে ক্ষান্ত নাথাকি অসভ্য চালকজনে বৃদ্ধগৰাকীক কেইবাটাও পূর্ণহতীয়া চৰ শোধায়৷ ইয়াৰে এটা চৰত ৭০ৰ ঊর্ধ্বৰ বৃদ্ধগৰাকীয়ে ৰাস্তাত পৰি যায় আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায়৷ পিছত কেইবাজনো লোক আগবাঢ়ি আহি বৃদ্ধগৰাকীক তুলি আনি পদপথৰ কাষত বহুৱাই দিয়ে আৰু চালকজনক আঁতৰাই লৈ যায়৷

এই অৱস্থাতো চালকজনে বৃদ্ধগৰাকীক অশ্লীল ভাষাত গালি দি থাকে৷ পিছত কোনোবা এজনে ম’বাইলত ভিডি’ কৰা এই ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ বর্বৰ চালকজনে সৰু সামাজিক দায়বদ্ধতাৰ অনুৰোধ এটা নামানি ওলোটাই বৃদ্ধগৰাকীক প্রহাৰ কৰা ঘটনাই দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰে৷

এই প্রতিক্রিয়াৰ পিছতে মাৰাঠী সংগঠন এটাই চালকজনক বিচাৰি উলিয়াই কিছু লঘু শাস্তি দি আৰক্ষীক গতাই দিয়ে৷ আনহাতে, মহাৰাষ্ট্রৰ চৰকাৰেও মুম্বাই আৰক্ষীক চালকজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ ৰুজু কৰি গ্রেপ্তাৰ কৰোৱায়৷

কোনোবা পথচাৰীয়ে এই উদ্বেগজনক ঘটনাটো ভিডিঅ’ ৰেকর্ডিং কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া বাবেহে পোহৰলৈ আহিল৷ কিন্তু কেৱল মুম্বায়েই নহয়, সমগ্র দেশ আৰু আমাৰ অসমতো এনে ঘটনা প্রতিনিয়ত ঘটি আছে৷

সকলো সামাজিক শিষ্টাচাৰ আমি ভৰিৰে মোহাৰি য’তে–ত’তে থু–খেকাৰ, তামোল–গুট্খাৰ পিক, চিগাৰেট, চাধা পেলাই থাকোঁ৷ কোনোবাই যদি আমাক এনে কাম কৰিবলৈ বাৰণ কৰে তেন্তে আমি ওলোটাই সেই লোকজনকহে সামাজিকভাৱে অপদস্থ কৰোঁ৷

কিন্তু আচৰিতভাৱে আমি এই একেখিনি মানুহেই যেতিয়া বিদেশলৈ যাওঁ, তেতিয়া কস্মিনকালেও এই পিকোৱা কাৰবাৰটোৰ পৰা সতর্কভাৱে আঁতৰি থাকোঁ৷

আমি সর্বসাধাৰণ মানুহবোৰ কেতিয়াৰ পৰা সামাজিক শিষ্টাৰৰ প্রতি সজাগ হ’ম? এখন আধুনিক সমাজ আৰু নগৰত বসবাস কৰাৰ বাবে নূ্যনতম প্রয়োজনীয় শিষ্টাচাৰ আমি কেতিয়া আয়ত্ত কৰিম? আৰু কিমান দিনলৈ আমি বর্বৰ, অসভ্য হৈ থাকিম?

নিশ্চিতভাৱে আমি নিজে উপলব্ধি কৰি ঘৰখনৰ পৰাই এই সামাজিক শিষ্টাচাৰ শিকিব লাগিব৷ আয়ত্ত কৰিব লাগিব৷ আনহাতে, সময়ে সময়ে চৰকাৰে এনে আইন ভংগকাৰীক শাস্তি দিয়াৰ ঘোষণা কৰে যদিও কার্যক্ষেত্রত কিন্তু চৰকাৰৰ কঠোৰতাৰ অভাৱ দেখা যায়৷

এখন বাসোপযোগী সুন্দৰ চহৰ গঢ়াৰ বাবে চৰকাৰে এনে অকামসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব লাগিব৷ কেৱল কাগজে–পত্রই সীমাবদ্ধ নাথাকি ব্যৱহাৰিকভাৱে সামাজিক আচৰণ ভংগকাৰীৰ বিৰুদ্ধে চৰকাৰে তাৎক্ষণিকভাৱে সেই স্থানতেই ব্যৱস্থা ল’ব লাগিব৷

সামাজিক দায়বদ্ধতা আৰু নাগৰিক সচেতনতা আদবয়সত শিকা আচৰণ নহয়৷ এই আচৰণ আমি শৈশৱৰ পৰাই শিকিব লাগিব৷ সেইবাবে চৰকাৰে জৰুৰীভাৱে প্রাথমিক বিদ্যালয়ৰ পৰা অন্ততঃ অষ্টম শ্রেণীলৈকে ৰাজহুৱা স্থানত আমাৰ আচাৰ–ব্যৱহাৰ কেনে হোৱা উচিত আৰু ট্রেফিক আইন মানি চলাৰ বিষয়ে পাঠ্যক্রম অন্তর্ভুক্ত কৰিব লাগিব৷

যদি শৈশৱ–কৈশোৰতে চৰিত্র গঠন নহয়, তেন্তে ইয়াৰ প্রতিফলন পৈণত বয়সত দেখা পোৱা নাযায়৷ আইন প্রণয়ন কৰি ব্যৱস্থা লোৱাৰ সমান্তৰালকৈ চৰকাৰে এই পাঠ্যক্রমৰ ব্যৱস্থাটোক সর্বাধিক গুৰুত্ব দিব বুলি আমি সাধাৰণ নাগৰিকে আশা আৰু দাবী কৰোঁ৷

You might also like