নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঞ্চুৰিয়নত জয়ৰ দিশে অগ্রসৰ টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা  ৩০ ডিচেম্বৰঃ ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ বিপক্ষে চেঞ্চুৰিয়নত খেলি থকা প্রথমখন টেষ্টত জয়ৰ দিশে অগ্রসৰ হৈছে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া৷ টেষ্টখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ’লঠেকত পৰিছে প্রটিয়াজ বাহিনী৷ বুধবাৰে চতুর্থ দিনৰ খেলৰ অন্তলৈকে ঘৰুৱা দলটোৱে চাৰিটা উইকেট হেৰুৱাই মাত্র ৯৪ ৰান সংগ্রহ কৰিছে৷ দিনান্তত অধিনায়ক ডীন এলগাৰে ৫২ ৰান কৰি ক্রিজত আছে৷ হাতত সম্পূর্ণ এটা দিন আৰু ৬টা উইকেট বাকী থকা অৱস্থাত টেষ্টখনত দক্ষিণ আফ্রিকাক জয়ৰ বাবে এতিয়াও ২১১ ৰানৰ প্রয়োজন৷ ঘৰুৱা দল দক্ষিণ আফ্রিকাৰ ইনিংছ মুকলি সুখকৰ নাছিল৷ দলীয় স্ক’ৰ ১ ৰানতে তাৰকা বেটছমেন মার্কৰামে ১ ৰান কৰি পেভিলিয়নমুখী হয়৷ মার্কৰাম আউট হোৱাৰ কিছুসময় পিছতে কিগান পিটাৰছেন আৰু ৰাছি ভান ডাৰ ডুছেনে বিদায় লোৱাত দক্ষিণ আফ্রিকা চৰম বিপর্যয়ত পৰে৷ পিটাৰছেনে ১৭ আৰু ডুছেনে মাত্র ১১ ৰান কৰি বিদায় লয়৷

ইফালে নাইট ৱাটছমেন হিচাপে ক্রিজলৈ অহা কেশৱ মহাৰাজেও বিশেষ অৰিহণা আগবঢ়োৱাত ব্যর্থ হয় আৰু মাত্র ৮ ৰান কৰি বুমৰাহৰ বলত ব’ল্ড হয়৷ অৱশ্যে এলগাৰে সুন্দৰ খেল দাঙি ধৰি অর্ধশতক পূর্ণ কৰে৷ ভাৰতীয় দলটোৰ হৈ বুমৰাহে দুটা, ছামি আৰু ছিৰাজ উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথম ইনিংছত ১৩০ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰা টীম ইণ্ডিয়াই তৃতীয় দিনা ১ উইকেটত কৰা ১৬ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি আজি কাগিছো ৰাবাডা আৰু মার্কো জানছেনৰ চমকপ্রদ বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ১৭৪ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷ ৰাবাডা আৰু জানছেনৰ দুর্দান্ত বলিঙৰ সন্মুখত কোনো এগৰাকী ভাৰতীয় বেটছমেনে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷

ঋষভ পণ্টে সর্বাধিক ৩৪ ৰানৰ অৰিহণা আগবঢ়ায়৷ আগদিনা ৫ ৰানত বেটিং কৰি থকা অ’পেনাৰ লোকেশ ৰাহুলে আজি বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ প্রথম ইনিংছত ১২৩ ৰানৰ দর্শনীয় ইনিংছ খেলা ৰাহুলে দ্বিতীয় ইনিংছত মাত্র ২৩ ৰানৰ অৱদানহে আগবঢ়ায়৷ ইফালে, আগদিনা ৪ ৰান কৰি থকা নাইটৱাটছমেন শার্দূল ঠাকুৰে আজি ১০ ৰান কৰি বিদায় লয়৷ ইফালে শ্বেটেশ্বৰ পূজাৰা, অধিনায়ক বিৰাট কোহলি আৰু আজিংক্য ৰাহানেই দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ পূজাৰাই ১৬, কোহলিয়ে ১৮ আৰু ৰাহানেই ২০ ৰান কৰি বিদায় লয়৷ অশ্বিনে ১৪ ৰানৰ অৱদান আগবঢ়ায়৷ দক্ষিণ আফ্রিকাৰ হৈ ৰাবাডা আৰু জানচেন উভয়ে চাৰিটাকৈ উইকেট লাভ কৰাৰ লগতে লুংগি এনগিৰিয়ে দুটা উইকেট লাভ কৰে৷

You might also like