নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিচিঙৰ প্রথম স্নাতক চাৰু চন্দ্র দলে

-সুৰেন বড়ি

ইংৰাজৰ শাসন কালত মাজুলীৰ নিচিনা প্রাকৃতিক দুর্যোগত বিধবস্ত হৈ থকা ঠাইত প্রাথমিক শিক্ষাৰ প্রচাৰ আৰু প্রসাৰত গুৰুত্বপূর্ণ পদক্ষেপ লৈ পিছপৰি থকা বৃহৎ অঞ্চলটোক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিবলৈ অহোপুৰুষার্থ কৰা ব্যক্তিগৰাকী চাৰু চন্দ্র দলে আছিল বুলি ক’লে অত্যুক্তি কৰা নহ’ব৷ সমাজক মনে–প্রাণে ভালপোৱা চাৰু চন্দ্র দলে মিচিং জনগোষ্ঠীৰ প্রথমগৰাকী স্নাতক আছিল কাৰণে তেওঁক বি এ চাৰু চন্দ্র হিচাপে জনাজাত আছিল৷ চাৰু চন্দ্র দলেৰ জন্ম হৈছিল বর্তমানৰ ঢ়কুৱাখনা মহকুমাৰ বকুলগুৰি নামৰ অতি পিছপৰা মিচিং গাঁওখনত ১৮৯৮ চনত৷ চাৰু চন্দ্র দলেৰ পিতৃৰ নাম মনবিং দলে আৰু মাতৃৰ নাম সাম্পি দলে আছিল৷ চাৰু চন্দ্র দলেৰ পিতৃ–মাতৃ সমগ্র অঞ্চলটোৰ সন্মানীয় লোক আছিল৷ তদুপৰি তেওঁলোকক গোসাঁইৰ ওচৰত শৰণ লোৱা সাধু ভকতৰ পৰিয়ালৰ লোক বুলি সকলোৱে সমীহ কৰিছিল৷ চাৰু চন্দ্র দলেৰ পিতৃ–মাতৃৰ যৌথ পৰিয়াল আছিল৷ এটা দীঘল চাংঘৰত তেওঁলোক সকলোৱে বাস কৰিছিল৷ বকুলগুৰিৰ দৰে এখন সর্বদিশতে পিছপৰি থকা মিচিং গাঁৱত সেই সময়ত শিক্ষা গ্রহণ কৰাতকৈ ল’ৰা–ছোৱালীবোৰ ডাঙৰ হৈ অহাৰ লগে লগে খেতি–বাতিত আত্মনিয়োগ কৰিছিল৷ গৰু–ম’হ চৰাই, বিল– নৈত মাছ মাৰিয়েই দিনবোৰ পাৰ কৰিছিল৷ কিন্তু চাৰু চন্দ্র দলেৰ অতি দূৰদর্শী পিতৃ–মাতৃয়ে নিজৰ পুত্রক শিক্ষা–দীক্ষাৰে পাৰদর্শী কৰি তুলিবৰ কাৰণে সংকল্প লৈছিল৷ শিক্ষা অবিহনে জীৱনটো অসাৰ বুলি ভাবি চাৰু চন্দ্রৰ পিতৃ–মাতৃয়ে গাঁৱৰ বিদ্যালয়তে পুত্রক প্রাথমিক শিক্ষা গ্রহণ কৰাৰ ব্যৱস্থা কৰি দিছিল৷ ল’ৰালিৰে পৰা বিনম্র, মৃদুভাষী, গম্ভীৰ স্বভাৱৰ চাৰু চন্দ্র পঢ়াত মেধাৱী আছিল৷ উচ্চ প্রাথমিক শিক্ষা গ্রহণ কৰিবৰ কাৰণে পিছপৰা গাঁওখনত তেনে শিক্ষানুষ্ঠান নথকাত খেৰকটামুখ স্কুলৰ পৰা মধ্য ইংৰাজী পৰীক্ষাত উত্তীর্ণ হৈছিল৷ তাৰপিছত তেওঁ ঘৰৰ পৰা কিছু নিলগৰ লক্ষীমপুৰত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰি মেড্রিকৰ ডেওনা পাৰ হৈছিল৷ চাৰু চন্দ্রৰ পঢ়াৰ প্রতি অত্যন্ত আগ্রহ আছিল৷ সেই সময়ত অতি পিছপৰা মিচিং গাঁও বকুলগুৰিৰ পৰা ওলাই গৈ মেড্রিকৰ ডেওনা পাৰ হ’ব পৰাটো সহজ কথা নাছিল৷ মেড্রিকৰ ডেওনা পাৰ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা গ্রহণৰ কাৰণে মন মেলে৷  আৰু এদিন উচ্চ শিক্ষা গ্রহণৰ কাৰণে গুৱাহাটীৰ কটন কলেজত আই এ শ্রেণীত নামভর্তি কৰিছিল৷  সেই সময়ত মিচিং লোকসকলৰ আর্থিক অৱস্থা টনকিয়াল নোহোৱাত পিতৃ–মাতৃৰ ইচ্ছা থাকিলেও নিজৰ সন্তানক উচ্চ শিক্ষা গ্রহণ কৰিবৰ কাৰণে পঠিয়াব পৰা নাছিল৷ চাৰু চন্দ্র দলেৰ পিতৃ–মাতৃ এই ক্ষেত্রত ব্যতিক্রম আছিল৷ অৱশ্যে চাৰু চন্দ্র দলেৰ পিতৃ–মাতৃৰ দৰে স্বচ্ছল পৰিয়ালবোৰে নিজৰ সন্তানক উচ্চ শিক্ষা গ্রহণ কৰিবলৈ পঠিয়াইছিল যদিও সেয়া আঙুলিৰ মূৰত লেখিব পৰা বিধৰ আছিল৷ চাৰু চন্দ্রই ১৯২৬ চনত কটন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীর্ণ হ’ল৷ কটন কলেজত পঢ়ি থাকোঁতে তেওঁতকৈ পিছৰ মহী মিৰিক লগ পাইছিল৷ তেওঁলোক দুয়ো তেতিয়াৰ সমাজত অতি প্রকট হৈ পৰা জাতিভেদ প্রথা দেখি অত্যন্ত ক্ষুব্ধ হৈ পৰিছিল৷ তেনে ব্যৱস্থাক তেওঁলোকে মনে–প্রাণে ঘিণ কৰিছিল৷ জাতিভেদ প্রথা নিৰাময়ৰ কাৰণে তেওঁলোক দুয়ো ছাত্রাৱস্থাতে আপ্রাণ চেষ্টা কৰিছিল৷ তেওঁলোক দুয়ো শিক্ষা–দীক্ষাত পিছপৰি থকা মিচিং জনগোষ্ঠীটোক আগবঢ়াই নি আন আনসকলৰ লগত সমানে ফেৰ মাৰিব পৰাৰ ব্যৱস্থা কৰিবলৈ উঠিপৰি লাগিছিল৷ কলেজৰ পৰা বন্ধৰ দিনত গাঁৱৰ ঘৰলৈ আহিলে গাঁৱৰ যুৱক–যুৱতী, শিশু–কিশোৰ সকলোকে একগোট কৰি যিকোনো প্রকাৰে শিক্ষা গ্রহণ কৰি নিজকে প্রতিষ্ঠা কৰাৰ লগতে উত্তৰ পুৰুষসকলকো সুন্দৰ পথ দেখুৱাবলৈ আহ্বান জনাইছিল৷

কটন কলেজত শিক্ষাৰ সামৰণি মাৰি সমাজ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰী চাকৰি কৰাৰ মানস কৰে চাৰু চন্দ্র দলেই৷ চাৰু চন্দ্র দলেই চিলেট জিলাত (বর্তমান বাংলাদেশৰ অন্তর্গত) আবকাৰী পৰিদর্শক হিচাপে যোগদান কৰি কর্ম জীৱনৰ পাতনি মেলে৷ তেওঁ চিলেটত ১৯২৭ চনৰ পৰা ১৯৩০ চনলৈকে কার্যনির্বাহ কৰাৰ পিছত  জলেশ্বৰ আৰু ধুবুৰীত কেইবছৰমান অতিবাহিত কৰে৷ তাৰপিছত তেওঁ মঙলদৈ, কামপুৰ আৰু তেজপুৰত কার্যনির্বাহ কৰিছিল৷ ইয়াৰ উপৰি দলেই হাফলং, মাইবং আদিৰ দৰে পাহাৰীয়া ঠাইতো কার্যনির্বাহ কৰি জনসাধাৰণৰ আর্থ–সামাজিক উন্নয়নৰ হকে কাম কৰিছিল৷ দলে সেই সেই অঞ্চলৰ ৰাইজৰ প্রিয়পাত্র হৈছিল৷ চাৰু চন্দ্র দলেই আবকাৰী পৰিদর্শকৰ চাকৰি কৰি সন্তোষ লাভ কৰা নাছিল৷ তেওঁ নিজস্ব চিন্তাধাৰাৰে আগুৱাই যোৱাৰ মানস কৰি আবকাৰী পৰিদর্শকৰ চাকৰি ইস্তফা দিয়ে৷ পিছত নিজৰ পছন্দৰ শিক্ষা বিভাগত নিযুক্তি লাভ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ যোৰহাট সদৰলৈ আহে৷ যোৰহাটৰ পৰা তেওঁ মাজুলী চার্কোললৈ বদলি হয়৷ মাজুলীৰ দৰে প্রাকৃতিক দুর্যোগত বিধবস্ত হৈ থকা নদীদ্বীপটোলৈ শিক্ষা বিভাগৰ উপ–পৰিদর্শক হিচাপে যোগদান কৰা তেৱেঁই প্রথম ব্যক্তি আছিল৷ শিক্ষা–দীক্ষাত পিছপৰি থকা নদীদ্বীপ মাজুলীক শৈক্ষিক উত্তৰণৰ জৰিয়তে সর্বাংগীণ উন্নয়নৰ হকে কাম কৰি তেওঁ নদীদ্বীপটোৰ সমাজ ব্যৱস্থাৰ পৰিৱর্তন আনিবলৈ মনস্থ কৰিছিল৷ স্বাধীনতাৰ আগৰ মাজুলী আজিৰ মাজুলীতকৈ ভাবিব নোৱৰা ধৰণে পিছপৰা আছিল৷ ব্রহ্মপুত্রৰ বানে মাজুলীবাসীৰ অর্থনৈতিক কাঠামো ভাঙি চূৰমাৰ কৰিছিল৷ যোগাযোগৰ কাৰণে থকা বাট–পথবোৰ অতি শোচনীয় আছিল৷ প্রাকৃতিক দুর্যোগত ভুগি থকা সেই সময়ৰ মাজুলীত শিক্ষাৰ প্রসাৰৰ কাৰণে বিশেষ উদ্যোগ ল’ব পৰা নাছিল৷ শিক্ষাৰ প্রসাৰৰ কাৰণে অনুন্নত যোগাযোগ ব্যৱস্থাই মূল প্রতিবন্ধক আছিল৷ চাৰু চন্দ্র দলেই মাজুলীৰ ভিতৰুৱা অঞ্চলত আঙুলিৰ মূৰত লেখিব পৰাকৈ থকা বিদ্যালয়বোৰ পৰিদর্শন কৰিবলৈ চাইকেল আৰু এটা ৰঙা ঘোঁৰা ব্যৱহাৰ কৰিছিল৷ তেওঁ দুর্গম গাঁওবোৰ অত্যন্ত সাহসেৰে ঘূৰি–পকি বিদ্যালয় নথকা গাঁওবোৰত বিদ্যালয় প্রতিষ্ঠা কৰিবলৈ গাঁৱৰ লোকসকলক অনুপ্রাণিত কৰিছিল৷ তেওঁক এনে কামত শিক্ষাবিদ কেশৱ বৰা, তহচিলদাৰ প্রদ্যুত দাস আদিৰ দৰে সমাজহিতৈষী আৰু শিক্ষানুৰাগী লোকে সহায় কৰিছিল৷

মাজুলীত বাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকল তেতিয়াও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছিল৷  তেওঁৰে প্রচেষ্টাত চুমৈমাৰী মিচিং গাঁৱত ১৯৪১ চনত গাঁওবুঢ়া গৰীয়া কুটুমৰ উদ্যোগত এখন প্রাথমিক বিদ্যালয় প্রতিষ্ঠা কৰা হয়৷ এইখন প্রাথমিক বিদ্যালয়ত প্রথমগৰাকী ছাত্র হিচাপে কুলধৰ কুটুমে নামভর্তি কৰে৷ এইগৰাকী কুলধৰ কুটুমেই পৰৱর্তী সময়ত মিচিং জনগোষ্ঠীৰ প্রথম প্রশাসনিক বিষয়া হৈছিল৷ পিছত তেওঁ ভাৰতীয় প্রশাসনিক বিষয়ালৈ পদোন্নতি লাভ কৰিছিল৷

এনে প্রচেষ্টাৰে দলেয়ে মাজুলীৰ আন আন মিচিং গাঁও জেংৰাইমুখ, ৰতনপুৰ, ভেকেলীমুখ আদিতো প্রাথমিক বিদ্যালয় প্রতিষ্ঠা কৰি সেই অঞ্চলবোৰত প্রাথমিক শিক্ষাৰ পাতনি মেলিছিল৷ তেওঁ মিচিং গাঁওবোৰত প্রাথমিক বিদ্যালয় প্রতিষ্ঠা কৰাৰ সময়ত মিচিং দোৱানত (বর্তমান ভাষা) ‘কাজু কাজু কাজু স্কুললপে কাজু আঙে–বিৰ কিদিঙা পৰিকল কাজু’ গীত গাই গাই গাঁৱৰ ল’ৰা–ছোৱালীবোৰক শিক্ষা গ্রহণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল৷ এই মিচিং দোৱানত গোৱা গীতটোৰ অর্থ হ’ল– ‘আহা ভাইসকল আহা, পঢ়িবলৈ পঢ়াশালিলৈ ওলাই আহা৷’ উপ–পৰিদর্শক দলেই অনা মিচিং গাঁওবোৰত বিদ্যালয় প্রতিষ্ঠা কৰাৰ ক্ষেত্রতো এই গীতফাঁকি অসমীয়া ভাষাত গাই গাই ল’ৰা–ছোৱালীহঁতক বিদ্যালয়মুখী কৰিছিল৷

 ১৯২৪ চনত আউনীআটী সত্রৰ সত্রাধিকাৰে দান কৰা মাটিত আৰু কেশৱ বৰাৰ দৰে সমাজসচেতন, শিক্ষানুৰাগী, দূৰদর্শী ব্যক্তিসকলৰ আশাশুধীয়া প্রচেষ্টাত প্রতিষ্ঠা হৈছিল মাজুলী আউনীআটী হেমচন্দ্র হাইস্কুল৷ এই শিক্ষানুষ্ঠানখনৰ প্রতিষ্ঠাই মাজুলীবাসীৰ মুখত হঁাহি বিৰিঙাইছিল৷ চাৰু চন্দ্র দলেই মাজুলীত উপ–পৰিদর্শক হিচাপে যোগদান কৰি শিক্ষানুষ্ঠানখনৰ শৈক্ষিক উত্তৰণত সাৰ–পানী যোগালে৷ তেওঁ শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ছাত্র–ছাত্রীসকলক (যদিও ছাত্রীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিল) সততে উদগনি দিছিল আৰু মেধাৱী ছাত্র–ছাত্রীৰ কাৰণে ছাত্র বৃত্তিৰ ব্যৱস্থা কৰিছিল৷ দলে এগৰাকী উপ–পৰিদর্শকেই নাছিল, তেওঁ সমাজৰ আৰু সর্বজনৰ উন্নতিৰ কাৰণে চিন্তা কৰা লোক আছিল৷ সকলোৰে প্রতি সমভাবাপন্ন মনোভাবৰ তেওঁ ব্যক্তি আছিল৷ তেওঁ দুখীয়া আৰু মেধাৱী মিচিং ছাত্রসকলক নিজৰ ঘৰৰ কাষতে বর্ডিং সাজি বিনামূলীয়াকৈ থাকিবলৈ দিছিল৷ এনে কার্যৰে উপ–পৰিদর্শক দলেয়ে নিজৰ মহানতাক প্রকট কৰি তুলিছিল৷ এগৰাকী চৰকাৰী বিষয়া হোৱাৰ কাৰণে দলেয়ে কর্তব্যৰ তাডনাত মাজুলীৰ অনা মিচিং গাঁওবোৰত ঘূৰি ফুৰোঁতে তেওঁ মিচিং সম্প্রদায়ৰ লোক হোৱাৰ কাৰণে বর্ণ–বৈষম্যৰ সন্মুুখীন হৈছিল৷ তেওঁক উচ্চ হিন্দু গাঁৱৰ গাঁওবুঢ়াই বাঁহৰ চুঙাত পানী, কণ্ডেঞ্চ মিল্কৰ টেমা বা তেনে জাতীয় টেমাত চাহ পানী আৰু কলপাতত জলপান খাবলৈ দিছিল৷ আনকি তেওঁ বহা আসনখন ‘চুৱা’ হোৱাৰ কাৰণে তেওঁ উঠি যোৱাৰ পিছত পানীৰে মচি মচি ধুই পেলাইছিল৷ এনেবোৰ বর্ণ বৈষম্য দেখি আৰু নিজে ভুক্তভোগী হৈ তেওঁ শোকত ম্রিয়মাণ হৈছিল৷ বুকুৱে হাহাকাৰ কৰিছিল৷ তেওঁ সমাজৰ এনে কার্যক জনজাতীয় স্কুল পৰিদর্শক হিচাপে হজম কৰিব লগা হৈছিল৷ শিক্ষাৰ পোহৰেৰে আলোকিত হ’লে এই সমাজবোৰেও তেওঁলোকৰ বৈষম্য আঁতৰ কৰিব বুলি মনক সাত্ব্ন্না দিছিল৷ তেওঁ মহামানৱ মহাত্মা গান্ধীৰ ‘অস্পৃশ্যতা নিবাৰণ’ আন্দোলনক পূর্ণ সমর্থন কৰিছিল৷ তেওঁ সততে উচ্চ হিন্দু আৰু জনজাতিসকলৰ মাজত থকা উচ্চ–নীচৰ প্রাচীৰখন ভাঙিবলৈ আপ্রাণ চেষ্টা কৰিছিল৷

সেই সময়ৰ মাজুলীত স্বাধীনতা সংগ্রামী, সংস্কাৰী মনৰ মানুহ তথা ঐক্য আৰু সংহতিৰ পৃষ্ঠপোষক গডমূৰ সত্রৰ সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ পৃষ্ঠপোষকতাত অস্পৃশ্যতা বর্জন আন্দোলনে গা কৰি উঠিছিল যদিও গাঁওবোৰত বিশেষ প্রভাৱ পৰা নাছিল৷ সত্রাধিকাৰ গোস্বামীয়ে উচ্চ হিন্দু আৰু জনজাতি গাঁওবোৰ ভ্রমণ কৰি ভেদাভেদৰ প্রাচীৰখন আঁতৰাবলৈ চেষ্টা কৰিছিল৷ সত্রাধিকাৰ গোস্বামীৰ অনুপ্রেৰণাত অনুপ্রাণিত হৈ চাৰু চন্দ্র দলেয়েও সমাজ সংস্কাৰৰ কামত আত্মনিয়োগ কৰিছিল৷ এইক্ষেত্রত এটা উল্লেখযোগ্য ঘটনাৰ কথা নক’লে লেখাটো আধাৰুৱা হ’ব৷ তেওঁ গুৱাহাটীত চাকৰি কৰি থকাৰ সময়ত মহী মিৰি ৰেংগুনত জিলা বন–প্রাধিকাৰী হিচাপে কার্যনির্বাহ কৰি আছিল৷ মহী মিৰি আৰু বিদুষী মহিলা ইন্দিৰা মিৰিৰ মাজত অসবর্ণ বিবাহ হৈছিল৷ এইখন অসবর্ণ বিবাহত চাৰু চন্দ্র দলেয়ে মুখ্য ভূমিকা গ্রহণ কৰি সমাজৰ মাজত থকা সংকীর্ণতা দূৰ কৰাত অৰিহণা যোগাইছিল৷ এনে কামেৰে চাৰু চন্দ্র দলেয়ে নিজৰ বহল মনটোৰ পৰিচয় দিছিল৷ তেওঁ মিচিং লোকৰ বসতিপ্রধান গাঁওবোৰলৈ গৈ স্বাস্থ্য ৰক্ষাৰ ৰীতি–নীতিসমূহ ব্যাখ্যা কৰিছিল৷ সকলোকে পৰিষ্কাৰ–পৰিচ্ছনত্ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল৷ মিচিং লোকসকলৰ চাংঘৰবোৰৰ তলৰ আৱর্জনা আঁতৰাই, চোতাল সৰা–মচা কার্যৰে চাফাই অভিযান চলাবলৈ উদগনি দিছিল৷ তেওঁ নিজে হাতে–কামে কৰি দেখুৱাই গাঁওবোৰৰ জীয়ৰী–বোৱাৰীহঁতক ব্যৱহাৰিক জ্ঞান প্রদান কৰিছিল৷ তেওঁ কর্ম জীৱনত জনজাতি গাঁৱত থকা বিদ্যালয়বোৰলৈ অজনজাতি শিক্ষকক বদলি কৰাই সম্প্রীতিৰ সেতু বান্ধিবলৈ চেষ্টা কৰিছিল৷ চাৰু চন্দ্র দলে এগৰাকী সু–বক্তা আছিল৷ মিচিং সমাজৰ প্রথম স্নাতক হোৱাৰ বাবে তেওঁৰ কথাবোৰ মিচিং–নামিচিং সকলোৱে মন দি শুনিছিল৷ তেওঁ মিচিং জনগোষ্ঠীৰ সর্বতোপ্রকাৰৰ উন্নয়নৰ কথা চিন্তা কৰি ১৯২৪ চনত সদৌ অসম মিচিং সন্মিলন গঠনত আগভাগ লৈছিল আৰু তেওঁ এই সন্মিলনৰ প্রতিষ্ঠাপক আছিল৷ পৰৱর্তী সময়ত এই সন্মিলনেই সদৌ অসম বানে কেবাং নামেৰে পৰিচিত হয়গৈ৷

চাৰু চন্দ্র দলেয়ে আবকাৰী বিভাগৰ চাকৰি কৰি থকাৰ সময়তে উজনি মাজুলীৰ মোৱামাৰী গাঁৱৰ গাঁওবুঢ়াৰ জীয়ৰী পুণ্যৱতী পেগুৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ শিক্ষাৰ পোহৰ নোপোৱা মোৱামাৰী গাঁৱৰ জীয়ৰী পুণ্যৱতীক  তেওঁ ঘৰতে শিক্ষকৰ দ্বাৰাই ইংৰাজী শিক্ষাৰ প্রাথমিক জ্ঞান প্রদান কৰিছিল৷ পৰৱর্তী সময়ত পুণ্যৱতী দলেই মিচিং সমাজৰ প্রথম মহিলা ঠিকাদাৰ হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিছিল৷ প্রেৰণা আৰু আদর্শৰ মূর্ত প্রতীক চাৰু চন্দ্র দলেই ১৯৪৬ চনৰ ১১ জুনৰ দিনা ইহসংসাৰ ত্যাগ কৰে৷ জীৱনক সঁচা অর্থত বুজি পোৱা, সমাজক সঁচা অর্থত চিনি পোৱা আৰু কর্মৰে যিগৰাকীয়ে জীৱনক মহীয়ান কৰি উত্তৰ পুৰুষসকলৰ কাৰণে আদর্শ হ’ল সেই গৰাকী পুৰোধা ব্যক্তিক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আমাৰ একো কৰণীয় নাইনে? বৃহত্তম নদীদ্বীপ মাজুলীৰ সকলো প্রাকৃতিক দুর্যোগক হেলাৰঙে অতিক্রম কৰি, উচ্চ–নীচৰ প্রাচীৰ ভাঙি শিক্ষাৰ প্রসাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি সমাজখনক আগুৱাই নিবলৈ সততে চেষ্টা কৰা চাৰু চন্দ্র দলেৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে মাজুলীবাসীৰ কোনো কৰণীয় নাইনে? আহকচোন, চাৰু চন্দ্র দলেক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে কিবা এটা চিন্তা কৰোঁ৷

You might also like