বৰদৈচিলা থিয়েটাৰৰ আখৰাগৃহত পূৰ্ণগতিত চলিছে নাটকৰ আখৰা

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ চলিত মাহৰ শেষ সপ্তাহৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন। ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে নাট্যপ্ৰেমীসকল৷ আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ। প্ৰতিখন থিয়েটাৰৰ আখৰাগৃহসমূহত এতিয়া ব্যাপক ব্যস্ততা। পূৰ্ণগতিত চলিছে নাটকৰ আখৰা। চলিত বৰ্ষত ভ্ৰাম্যমাণৰ মঞ্চ কঁপাবলৈ সাজু হৈছে পেছাদাৰী নাট্য দল বৰদৈচিলা থিয়েটাৰ। নলবাৰীৰ শনিৰোডৰ বৰদৈচিলা থিয়েটাৰৰ আখৰাস্থলীত এতিয়া ব্যস্ত শিল্পীসকল। চলিত বৰ্ষত অলপ ব্যতিক্ৰমী ৰূপত দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে ভ্ৰাম্যমাণ নাট্য দলটো। বৰদৈচিলা থিয়েটাৰৰ কলা-কুশলীসকলে আৰম্ভ কৰিছে নাটকৰ আখৰা। নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ “সীতাৰ সংসাৰ”, সতীশ দাসৰ “গংগাৰ পানী মক্কাৰ মাটি” আৰু অভিজিত ভট্টাচাৰ্যৰ “অঘৰী ছোৱালীৰ প্ৰেম” নামৰ তিনিখনকৈ জনপ্ৰিয় নাটকেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে বৰদৈচিলা থিয়েটাৰ। “নাটক মনোৰঞ্জন নহয়, মনোৰঞ্জন নাটকৰ ক্ষণিকৰ এটা অংশহে মাথোন। নাটক হৈছে সম্পূৰ্ণভাৱে শিক্ষাৰ সমাহাৰ। নাটক সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। এই মূল কথাখিনি সাৰোগত কৰি  নাট্য মাদকতাৰ খাদ্য বা সোৱাদেৰে পৰিপূৰ্ণ নাট্য ব্যাকৰণৰ আধাৰত এটা মননশীল কাহিনীৰ নাট্যৰূপেৰে দৰ্শকলৈ আগবঢ়াব খুজিছোঁ”- এয়া হৈছে “সীতাৰ সংসাৰ” নাটকৰ নাট্যকাৰ নৱৰত্ন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা মনৰ কথা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত  চাব্বিশ বছৰ সফলতাৰে অতিক্ৰম কৰিছে বৰদৈচিলা থিয়েটাৰে। বিশাল ব্যক্তিত্বৰ অধিকাৰী তথা বলিষ্ঠ অভিনেতা, সাংস্কৃতিক মনৰ অধিকাৰী নজৰুল ইছলাম বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক যিয়ে নেকি নাটকৰ ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নাই। উৎকৃষ্টমানৰ সৃষ্টি  দৰ্শকৰ মাজলৈ লৈ যোৱাৰ তেওঁৰ অদম্য হেঁপাহ। নাটকৰ মাজেৰে কব খোজে মানুহৰ কথা। মানুহৰ সমাজখন সুন্দৰ কৰাৰ বাবে তেওঁ অংগীকাৰবদ্ধ। বয়সেও হাৰ মনাব পৰা নাই তেওঁক৷ এই বয়সতো  অশেষ কষ্ট ত্যাগ কৰি আহিছে এইগৰাকী মহান নাট্যযোদ্ধাই। এইবেলি তেওঁৰ বৰদৈচিলা থিয়েটাৰত বলিষ্ঠ সংলাপেৰে পূৰ্ণ এখন নাটক হ’ব “সীতাৰ সংসাৰ”। নৱপ্ৰজন্মৰ বাবে কৰণীয় কি? শিক্ষিত নিৱনুৱাৰ ভৱিষ্যত  কি? কোন দিশে নৱপ্ৰজন্মৰ ভৱিষ্যত? কেনেদৰে কৰ্মসংস্থানৰ পথৰ সন্ধান পোৱা যাব তাৰ ওপৰতেই নজৰ দি বিশিষ্ট সাংস্কৃতিক কৰ্মী, নাট্যকাৰ নৱৰত্ন পাটোৱাৰীয়ে লিখি উলিয়াইছে “সীতাৰ সংসাৰ” নাটকখন। ইতিমধ্যে সংগীত পৰিচালনাও সম্পূৰ্ণ হোৱা নাটখন দৰ্শকে যে আদৰি লব সেয়া ধুৰুপ। কাৰণ আখৰা চলি থকা অৱস্থাতে নাটকখনে দৰ্শকৰ মাজলৈ মেছেজ ছটিয়াবলৈ সক্ষম হৈছে। এগৰাকী নাৰী কেনেকৈ ঘৰখনৰ প্ৰতিগৰাকী সদস্যৰ লগত সুন্দৰ বুজাবুজিৰ মাজেৰে যোগসূত্ৰ স্থাপন কৰি ঘৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰে তাৰ ওপৰত সুন্দৰ বিশ্লেষণ আৰু নিদৰ্শন দৰ্শকে পাব। এগৰাকী কঠোৰ শাসক ৰূপী অধ্যাপক হিচাপে প্ৰতিষ্ঠা লাভ কৰা অধ্যাপকগৰাকীৰ ঘৰতে যেতিয়া সংস্থাপনহীন লৰা অবাটে খোজ পেলায় তেতিয়া ঘৰখনৰ কি অৱস্থা হব পাৰে তাৰ নিৰ্মোহ বিশ্লেষণ নাট্যকাৰে সুন্দৰকৈ কৰিব পাৰিছে যেন অনুভৱ হয়। নাটকখনৰ যোগাত্মক দিশটো হ’ল নাটক খন পৰিচালনা কৰিছে এমেচাৰৰ বলিষ্ঠ অভিনেতা সাংস্কৃতিক কৰ্মী, বোলছবি প্ৰযোজক তথা পৰিচালক, গীতিকাৰ নিৰ্মল দাসে। সকলোৰে পৰা স্বাভাৱিক অভিনয় উলিয়াবলৈ দিনে ৰাতি কঠোৰ শ্ৰম কৰিছে দাসে। পৰিচালক গৰাকী যথেষ্ট আশাবাদী নাটকখনক লৈ। আনকি প্ৰযোজক নজৰুল ইছলামে নাটকখনত দৰ্শকে ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ ছাঁ দেখিবলৈ পাব বুলি মুকলিকৈ কৈছে। ৰাষ্ট্ৰীয় স্কুল অৱ ড্ৰামাৰ মেধাবী ছাত্ৰ মৃদুল বৰুৱাৰ এইটো চৰিত্ৰ হব অভিনয় দিনৰ আটাইতকৈ প্ৰত্যাহ্বান মূলক চৰিত্ৰ- যিটো চৰিত্ৰ অকল মৃদুল বৰুৱাৰ বাবে সম্ভৱ। বিয়োগাত্মক চৰিত্ৰৰ বিশেষ নাম পংকজ বৰা, বলিষ্ঠ অভিনেত্ৰী অৰ্চনা পূজাৰী, মোহময়ী পল্লৱী ফুকন আৰু হিমানী কলিতা, ৰোমান্টিক হিৰো খ্যাত দিপাংকৰ গগৈ, কৌতুক অভিনয়ত বিমান তালুকদাৰ, অভিজ্ঞ গুনেন শৰ্মা, হেমন্তৰাজ, কৃষ্ণৰ দৰে এদল নাট্য যোদ্ধা সাজু “সীতাৰ সংসাৰ” নাটকখন দৰ্শকৰ মাজলৈ লৈ যাবলৈ। নাট্যকাৰে শ্ৰদ্ধাৰে সকলো মহিলাক নাটকখন চাবলৈ বিনম্ৰ অনুৰোধ জনাইছে। বহুত বছৰ বিৰতিৰ পিছত নাটকখনৰ সংগীত পৰিচালনাৰ দায়িত্ব লৈছে বিশিষ্ট সংগীত পৰিচালক দিবাকৰ ডেকাই।নাট্যদল বৰদৈচিলা থিয়েটাৰৰ সহঃ প্ৰযোজক হ’ল ইফটিকাৰুল (টিংকু) হুছেইন আৰু সম্পাদক হ’ল হিমাংশু (মিন্টু) ডেকা। “সীতাৰ সংসাৰ” নাটখনৰ লগতে  “গংগাৰ পানী মক্কাৰ মাটি” আৰু “অঘৰী ছোৱালীৰ প্ৰেম” শীৰ্ষক নাট দুখনেও এইবাৰ ভ্ৰাম্যমাণৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্যকাৰ,প্ৰযোজক তথা থিয়েটাৰৰ কলা-কুশলীসকল। নতুন উদ্যম,নতুন পৰিকল্পনা আৰু অভিনৱ প্ৰযোজনাৰে অহা ৩ ছেপ্টেম্বৰৰ পৰা পানীগাঁও আদৰ্শ বিদ্যাপীঠ প্ৰাঙ্গণৰ পৰাই বৰদৈচিলা থিয়েটাৰৰ ২৭তম নাট্যবৰ্ষৰ যাত্ৰা  আৰম্ভ হ’ব বুলি জানিবলৈ দিছে প্ৰযোজক নজৰুল ইছলামে ।আনফালে বান পৰিস্থিতি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰা অসমত ভ্ৰাম্যমান নাট্যদল বৰদৈচিলা থিয়েটাৰৰ লগতে আন-আন ভ্ৰাম্যমাণ নাট্যদ’লসমূহে কিদৰে দৰ্শকক আকৰ্ষিত কৰে সেয়া সময়ত হে ক’ব পৰা যাব ।
প্ৰেৰক শৈলেন বৰ্মন
Featured