অসমীয়া ছবিজগতলৈ সুখবৰ : বিদেশৰ ছবিগৃহত বিদুৰভাই

বিশেষ বাৰ্তা, ৩০ আগষ্টঃ অসমীয়া বোলছবি জগতলৈ সুখবৰ কঢ়িয়াই আনিছে সম্প্ৰতি অসমৰ বিভিন্ন স্থানত সগৌৰৱে চলি থকা ‘বিদুৰভাই’য়ে। ৰাজ্য বা আমাৰ দেশতেই নহয় সাত সাগৰ তেৰ নদী অতিক্ৰমি বিদেশতো প্ৰদৰ্শন হ’ব ব্লকবাষ্টাৰ অসমীয়া বোলছবি “বিদুৰভাই”। ১৪ ছেপ্টেম্বৰৰ পৰা বোলছবিখন প্ৰদৰ্শন কৰা হ’ব কেৰ্লিফৰ্ণিয়া বোলছবি গৃহত। অসমীয়া বোলছবিৰ দুৰ্দিনৰ সময়ত এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে। বোলছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে জনোৱা মতে আৰু কেইবাখনো দেশৰ দৰ্শকৰ পৰা চিনেমাখন প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছে। এই খবৰে টীম ‘বিদুৰভাই’ উৎসাহিত হৈ পৰিছে। মন কৰিবলগীয়া যে মুক্তিৰ দিনৰ পৰা বোলছবিখনে আজি সপ্তম সপ্তাহত ভৰি দিছে। আজিও অসমৰ বিভিন্ন ছিনেমা গৃহত মুঠ ৩৮টা দৰ্শনী চলি আছে। উল্লেখযোগ্য ‘এছইউভি এণ্ড টীম’ৰ বেনাৰত নিৰ্মিত আৰু অৰ্ণৱ হাজৰিকাৰ প্ৰযোজনাত নিৰ্মাণ কৰা হাস্যমধুৰ অসমীয়া বোলছবি “বিদুৰভাই” পৰিচালনা কৰিছে আন এখন অসমীয়া চুপাৰহিট বোলছবি ‘শ্ৰীৰঘুপতি’ৰ সফল পৰিচালক তথা এই বোলছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ আৰু নিপন গোস্বামী এৱাৰ্ড,২০২৪ লাভ কৰা সুব্ৰত কাকতিয়ে। বোলছবিখনৰ বিভিন্ন চৰিত্ৰৰ অভিনয়ত আছে চুমকি কছাৰী (বিউটি বাইলুং), পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, বলীন বৰা, ত্ৰৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰক জ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আচিফ জাভেদ, দীপমনি খাটনীয়াৰ, ধ্ৰুৱ কটকী, তনভীৰ জেহীৰ, পাৰ্থজ্যোতি শৰ্মা আদি। বোলছবিখনৰ কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ, চিত্ৰনাট্য আৰু সংলাপ সুব্ৰত কাকতিৰ, সহযোগী পৰিচালক হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক প্ৰণয় দত্ত, চিত্ৰগ্ৰহণ বিতুল দাস, সহযোগী চিনেমেট’গ্ৰাফাৰ উত্তম কলিতা, গীতত কন্ঠ দান কৰিছে দীক্ষু শৰ্মা আৰু আচুৰ্য বৰপাত্ৰই, ৰূপসজ্জা বিজিয়েতা পাটগিৰি, সাজসজ্জা জুৰি কলিতাৰ। চিনেমাখন মুক্তিৰ দিনৰ পৰা আজিলৈকে  দৰ্শকৰ অভাবনীয় ভিৰ দেখিবলৈ পোৱা গৈছে ।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
Featured