ছিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৰাজেন দাসৰ আইৰন গাৰ্লছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ আগষ্টঃ হিমাচলৰ ৰাজধানী চহৰ ছিমলাত ১৬ আগষ্টৰ পৰা অনুষ্ঠিত হৈ আছে দশম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷ ভাৰত চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ, NFDC, কেন্দ্ৰীয় ফিল্ম ডিভিজন আৰু হিমাচল চৰকাৰৰ সহযোগত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ২২খন বিদেশী ৰাষ্ট্ৰ আৰু ভাৰতৰ ২৭খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত আছে৷ ১৬ আগষ্টত বেণ্ডিত কুইন চলচ্চিত্ৰ খ্যাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী সীমা বিশ্বাসে এই চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰে ৷ আজি মহোৎসৱত দেশ-বিদেশৰ প্ৰতিনিধিৰ সন্মুখত অধ্যাপক, চলচ্চিত্ৰ পৰিচালক ৰাজেন দাস পৰিচালিত অসমৰ চলচ্চিত্ৰ আইৰন গাৰ্লছ প্ৰদৰ্শিত হয়৷ উল্লেখ্য যে আইৰন গাৰ্লছ অসমৰ হেৰাই যাব ধৰা স্বৰ্ণিল লোককলা ওজাপালি আৰু দেওধনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে৷ পদ্মশ্ৰী দ্ৰোণ ভূঞাই নিজেই অভিনয় কৰা এই চলচ্চিত্ৰত তেওঁৰ সংগ্ৰামী জীবনৰ এছোৱাও চিত্ৰায়ণ কৰা হৈছে৷ অসমৰ এই স্বৰ্ণিল লোককলা ওজাপালি-দেওধনী প্ৰত্যক্ষ কৰি দেশী-বিদেশী চলচ্চিত্ৰ নিৰ্মাতাসকল অভিভূত হৈ পৰে৷ চলচ্চিত্ৰখনৰ পৰিচালক ৰাজেন দাসে দেশ-বিদেশৰ প্ৰতিনিধিৰ সন্মুখত অসমৰ ওজাপালি-দেওধনী সম্পৰ্কত এক বিৱৰণ দাঙি ধৰে আৰু হেৰাই যাবলৈ লোৱা এই সংস্কৃতিক বিশ্ব প্ৰেক্ষাপটলৈ লৈ যোৱাৰ এক বিনম্ৰ প্ৰয়াস বুলি মন্তব্য কৰে৷ জাউৰি জাউৰি হাতচাপৰিৰে পৰিচালকগৰাকীৰ এই প্ৰয়াসক সমৰ্থন কৰে চলচ্চিত্ৰ নিৰ্মাতাসকলে৷ ইৰানৰ জনপ্ৰিয় অভিনেত্ৰী কিমায়াই আইৰন গাৰ্লছ প্ৰত্যক্ষ কৰি দেওধনী শিল্পী আৰু ওজাপালি বিশ্বৰ এক আপুৰুগীয়া মাটিৰ সংস্কৃতি বুলি মন্তব্য কৰি পৰিচালকক অভিনন্দন জনায়৷ অভিনেত্ৰীগৰাকীয়ে নিজেও ইৰানত নাৰী স্বাধীনতাৰ ওপৰত কাম কৰি থকা বুলি মন্তব্য কৰে৷ আনহাতে ফেষ্টিভেল কৰ্তৃপক্ষই নিজৰ সংস্কৃতিৰ সতে কেনেদৰে সংপৃক্ত হৈ থাকিব লাগে তাক চাবলৈ আজি আইৰন গাৰ্লছৰ প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলক উপস্থিত থকাৰো সুবিধা কৰি দিয়ে৷ উল্লেখ্য যে ১৮৭১ চনতে স্থাপিত ছিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত আজি আইৰন গাৰ্লছৰ প্ৰদৰ্শন হয়৷ এই থিয়েটাৰৰ সতে জড়িত হৈ আছে পৃথিৰাজ কাপুৰ, চাইগল, বলীউডৰ প্ৰখ্যাত অভিনেতা তথা বৃটিছ ভাইচৰয়সকলৰ স্মৃতি৷ এইবাৰ ছিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰাজকাপুৰ আৰু দেৱানন্দৰ অভিনয়ৰ শতবৰ্ষৰ নামত উছৰ্গা কৰা হৈছে৷ মহোৎসৱৰ সামৰণূ অনুষ্ঠানত হিমাচলৰ ৰাজ্যপালে অতিথিসকলৰ বাবে বক্তব্য ৰাখিব৷ আজি আইৰন গাৰ্লছৰ প্ৰদৰ্শনৰ পিছত পৰিচালক ৰাজেন দাস, অভিনেত্ৰী আশা বৰদলৈ, অভিনেত্ৰী জেচমিন দাস আৰু সহযোগী পৰিচালক মীনাক্ষি দাসৰ সতে দৰ্শকে মত বিনিময় কৰে৷

Featured