বিশাল-বৰ্ণাঢ্য আয়োজনেৰে কাইলৈ ৰাণীত ৰাজতিলক থিয়েটাৰৰ নাট্যাৰম্ভ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ আগষ্টঃ বিগত নাট্য বৰ্ষসমূহৰ দৰে আভিজাত্য আৰু চমকপ্ৰদ আয়োজনৰে জনপ্ৰিয়তাৰ শীৰ্ষত থকা ভ্ৰাম্যমানৰ অন্যতম প্ৰথম শ্ৰেণীৰ নাট্যদল ৰাজতিলক থিয়েটাৰৰ ২০২৪-২৫ নাট্যবৰ্ষৰ মহাআয়োজনৰে সাজু হৈছে ৷ প্ৰতিটো নাট্যবৰ্ষৰ অভূতপূৰ্ব সাফাল্যৰ ধাৰা অক্ষূন্ন ৰাখি অহা নাট্যবৰ্ষটো এদল ন-পূৰণি নাট্যযোদ্ধাৰ ৰথী-মহাৰথীৰে দৰ্শকৰ ৰুচি সম্পন্ন নাট্যসম্ভাৰ লৈ শক্তিশালী প্ৰযোজনাৰে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ  আগন্তুক ২০২৪-২০২৫ বৰ্ষৰ বাবে ১৭ তম গৌৰৱোজ্জল নাট্যবৰ্ষৰ এক বৰ্ণাঢ্য বিশাল আয়োজন আৰু প্ৰযোজনাৰে সাজু হৈছে মধুমিতা শৰ্মাৰ দ্বাৰা প্ৰযোজিত আৰু অনুপ দাসৰ পৰিকল্পনাৰে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল “ৰাজতিলক থিয়েটাৰ”। অসমৰ জনপ্ৰিয় নাট্যকাৰ তিনিগৰাকীৰ ভিন্ন নাট্য স্বাদৰ ব্যতিক্ৰমী তথা ভিন্নধৰ্মী নাট্যসম্ভাৰ লৈ সাজু হৈছে নাট্যদলটিয়ে। য’ত আছে হাঁহি,কান্দোন, ৰোমাঞ্চ, চাছপেঞ্চৰ সমাহাৰেৰে নাট্যপ্ৰেমী ৰাইজৰ মনোৰঞ্জনৰ বাবে লৈ আহিছে যশস্বী নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নাট “ৰাজপথৰ ৰাজকুমাৰী”, অসমৰ বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাৰ  বাস্তৱ ধৰ্মী নাট “অভিযন্ত্ৰাৰ সেন্দুৰীয়া মন”, আৰু অসমৰ জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ব্যতিক্ৰমী নাট “নীলা চকুৰ গান”। ৰাজতিলক থিয়েটাৰত ২০২৪-২৫ নাট্যবৰ্ষত ধ্ৰুৱজ্যোতি শৰ্মাৰ “অভিযন্তাৰ সেন্দুৰীয়া মন”ত আদৰ্শবান পিতৃ -মাতৃৰ চেতনাৰে উদ্বুদ্ধ, সঞ্জু সুধাংশু কৈশোৰৰ পৰাই এগৰাকী সংবেদনশীল হৃদয়ৰ ল’ৰা। অলেখ সপোনে তাৰ বুকুত হেন্দোলনি তোলে। কি কৰিব সি? জাতিৰ বাবে, ঘৰৰ বাবে আৰু নিজৰ মাজত সাজি লোৱা সৰু পৃথিৱীৰ খনৰ বাবে। কথাবোৰ‌ খোলাখোলিকৈ আলোচনা কৰে আপোন আপোন লগা বিস্মিতাৰ সতে। বিস্মিতা এই পৃথিৱীৰ আচৰিত নাৰী। তাই কি ভাৱে আনক বুজাৰ সুযোগ নিদিয়ে। বহুতৰ মতে বিস্মিতা অহংকাৰী, স্বাৰ্থপৰ কিন্তু সঞ্জুৱে বুজি পায় বিস্মিতাৰো আছে তাৰ দৰে এটি সেন্দুৰীয়া মন। দুটি মন এক হোৱাৰ এই যে যাত্ৰা, সেই যাত্ৰা আৰম্ভ ক’ত হৈছিল বাৰু অসম ইঞ্জিনিয়াৰিং কলেজত নে নলবাৰীৰ প্ৰাচীন যজ্ঞখোলাত? তাৰ মাজত অহা হেজাৰ ধুমুহা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’বনে, সিহঁতে? সহজ-সৰল, প্ৰাঞ্জলতাৰে তাৰেই নান্দনিক বৰ্ণনা   যশস্বী নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ নাট “অভিযন্তাৰ সেন্দুৰীয়া মন।” আন এখন নাটক হৈছে – হঠাতে এজন যুৱকে এগৰাকী যুৱতীক লগ পায় ৰাজপথত। কিন্তু অস্বাভাৱিক আচৰণ কৰিলেও আওভাৱৰ পৰা যুৱতীগৰাকী ধনী ঘৰৰ যেনেই অনুমান হয়। যুৱকজনে যুৱতীগৰাকীক নিজৰ ঘৰত আশ্ৰয় দিয়ে। যুৱতীগৰাকীৰ বেগত এটা সৰু পিষ্টল থাকে। চেগ বুজি যুৱতীগৰাকীয়ে তাই কাৰোবাক হত্যা কৰাৰ পৰিকল্পনা কৰি থাকে। সেই কথা যুৱকজনে গম নাপায়। যুৱক-যুৱতীদ্বয়ৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এদিন গৈ দুয়ো বিবাহপাশত আবদ্ধ হ’বলৈ আগবাঢ়ে। কিন্তু এদিন হঠাৎ যুৱকজনৰ পিতৃৰ গাত গুলী লাগে আৰু যুৱতীগৰাকীও অন্তৰ্ধান হয়। কাহিনীয়ে লয় নতুন মোৰ। লাহে লাহে উন্মোচিত হয় অতীত বুৰঞ্জীৰ কেইবাটাও পৃষ্ঠা। ন ন কাহিনী। এনে বহু ছাছপেন্স সংপৃক্ত কাহিনীৰ সমাহাৰেৰে জনপ্ৰিয় নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যই ৰচনা কৰিছে ৰাজপথৰ ৰাজকুমাৰী শীৰ্ষক নাটক। আগন্তুক ২০২৪-২০২৫ নাট্যবৰ্ষত “ৰাজতিলক থিয়েটাৰ”ৰ মঞ্চত দেখিবলৈ পাব নাট্য জগত আৰু ৰূপালী পৰ্দাৰ সুদৰ্শন নায়ক ৰাগ ঐনিতম আৰু নাট্যমঞ্চ, চিনেমা জগতৰ জানমণি খ্যাত মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ লগতে ভ্ৰাম্যমাণ জগতৰ অভিজ্ঞ অভিনেতা, অভিনেত্ৰী বিনয় ডেকা, জিনা বড়ো, বিকী কাশ্যপ, নয়ন কৌশিক, মিতুল বালাজি আৰু এদল অভিজ্ঞ নাট্যযোদ্ধা তথা শিল্পী কলা কুশলী। কাইলৈ ৰাণী জয়ন্তীপুৰত ৰাজতিলক থিয়েটাৰে নাট্যযাত্ৰাৰ শুভাৰম্ভ কৰি ৰাইজৰ মাজলৈ ওলাই যাব বুলি ৰাজতিলক থিয়েটাৰৰ পৰিকল্পক অনুপ দাসে জানিবলৈ দিয়ে।
#ৰমেন ভৰালী
Featured