বুছান ফিল্ম ফেষ্টিভেলত একমাত্ৰ ভাৰতীয় ছবি ‘ভিলেইজ ৰকষ্টাৰ্ছ ২’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল ‘ভিলেইজ ৰকষ্টাৰ্ছ ২’ সমাগত ২৯সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ‘ৱৰ্ল্ড প্ৰিমিয়াৰ’ৰ বাবে সাজু হৈছে। Jiseok Competition শাখাত আঠখন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা এইখন হৈছে একমাত্ৰ ভাৰতীয় চিনেমা। Jiseok এছিয়াৰ চলচিত্ৰ নিৰ্মাতাৰ তিনি বা ততোধিক চিনেমাৰ প্ৰতিযোগিতা শাখা। দুখন শ্ৰেষ্ঠ চিনেমাক Kim Jiseok বঁটা প্ৰদান কৰা হয়। এছিয়াৰ চিনেমাৰ উৎকৰ্ষ আৰু সমৰ্থনৰ বাবে জীৱন উচৰ্গা কৰা প্ৰগ্ৰাম ডাইৰেক্টৰ প্ৰয়াত Kim Jiseokৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল। উল্লেখ্য যে ২০১৭ৰ টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা Village Rockstarsয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ২০১৮ চনত শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনত আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি। Village Rockstars-2ৰ এই বাছনিত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, “ভিলেইজ ৰকষ্টাৰ্ছ -এ মোৰ অন্তৰত সদায় এক বিশেষ ঠাই অধিকাৰ কৰি আহিছে আৰু ই লাভ কৰা স্বীকৃতি আৰু মৰম মোৰ বাবে প্ৰেৰণাদায়ক। বুছানত Village Rockstars-2ৰ প্ৰিমিয়াৰ হ’বলৈ যোৱাটোৱে মোক শিহৰিত কৰিছে। ই এখন ছিকুৱেল যদিও এই চিনেমাখন নিজস্বতা আছে, ধুনুৰ সম্পৰ্ক তেওঁৰ মাতৃ, প্ৰকৃতি মাতৃ আছে সংগীতৰ সৈতে ইয়াত অন্বেষণ কৰা হৈছে। মই এই চিনেমাখন সেই সকল সপোন দেখা যুৱ প্ৰতিভাৰ হাতত অৰ্পণ কৰিছোঁ, যিসকলে সীমিত সম্পদৰ মাজতো তাক আহৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভিলেইজ ৰকষ্টাৰ্ছক আদৰি লোৱাৰ দৰে এই চিনেমাখনো দৰ্শকে আদৰি ল’ব বুলি মই আশাবাদী। উল্লেখ্য যে ৰীমা দাস দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচিত্ৰ নিৰ্মাতা, যি খিলঞ্জীয়া আৰু বাস্তৱধৰ্মী চিনেমা নিৰ্মাণ কৰে, যাৰ মাজেৰে সম্পৰ্কৰ জটিলতা, উদ্দেশ্য, যুগ কাল আৰু প্ৰকৃতিৰ মাজৰ জীৱনৰ সন্ধান কৰা হৈছে। ২০২৪ত তেওঁ একাডেমি এৱাৰ্ডছৰ এগৰাকী সদস্য হয়। টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ‘Share Her Journey’ শীৰ্ষক লিংগ সমতা অভিযানৰ তেওঁ এগৰাকী অন্যতম ব্ৰেণ্ড এম্বেছেদৰ। GQ Indiaই ২০১৮ চনৰ Most Influential Young Indian আখ্যা দিছিল ৰীমা দাসক। তেওঁৰ চিনেমা ‘ভিলেইজ ৰকষ্টাৰ্ছ ‘(২০১৭), ‘বুলবুল কেন ছিং, (২০১৮) আৰু ‘তৰা’জ হাজবেণ্ড’ (২০২২) টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF)ত প্ৰিমিয়াৰ হৈছিল। এই চিনেমা কেইখন সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীৰ ১৫০ৰো অধিক ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ উপৰিও ৭৫টাতকৈ অধিক বঁটা লাভ কৰিছে। তেওঁৰ প্ৰকল্পসমূহৰ বাবে ৰীমা দাসে লেখক, পৰিচালক, প্ৰযোজক, চিনেমেটোগ্ৰাফাৰ আৰু এডিটৰ আদি ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈছে।

Featured