বিজেপিৰ পৰা পদত্যাগ ৰবি শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে সোমবাৰে লোকসভাত গৃহীত হ’ল এই বিধেয়ক । বিধেয়ক গৃহীত হোৱাৰ দিনটোতে সোমবাৰে বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । উল্লেখ্য যে, কেইটামান মাহ পূৰ্বে বিজেপিত যোগদান কৰা ৰবি শৰ্মাই সোমবাৰে এক টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই কথা । জাতীয় জীৱনৰ সংকটৰ সময়ত এজন শিল্পী হিচাপে জনগণৰ লগত থকাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে ৰবি শৰ্মাই ।
জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগনৰ লগত থকাৰ সিদ্ধান্ত ললো। #CitizenshipAmendmentBill2019 বিৰোধীতা কৰি মই @BJP4Assam দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো ।
আজি দিনৰ ২ বজাত মই প্ৰেছ মেল সম্বোধন কৰিম ।Cc @sarbanandsonwal @RanjeetkrDass
— Ravi Sarma (@ravirdsarma) December 9, 2019