নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতত কিহে উমাল কৰি ৰাখিব চিৰিয়াখানাৰ জীৱ-জন্তুক ?

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ  প্ৰচণ্ড শীতে আৱৰি ধৰিছে দেশৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যৰ আকাশো । শীতৰ প্রকোপ–কুঁৱলীৰ আচ্ছাদনে পুৱা আৰু নিশাৰ ভাগত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রাত কিছু পৰিমাণে হ’লেও বিৰূপ প্রভাৱ পেলাইছে ৷ পিচে এই শীতৰ প্ৰকোপৰ পৰা চিৰিয়াখানাৰ জীৱ-জন্তুসমূহ ৰক্ষা পাবলৈ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই লৈছে এক বিশেষ পদক্ষেপ ।

শীতকালত বাঘ আৰু সিংহৰ শৰীৰৰ তাপমাত্রা উষ্ণ কৰি ৰখাৰ বাবে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত স্থাপন কৰা হৈছে কেইবাটাও হিটাৰ ।

ইপিনে ইয়াৰ বিপৰীতে হৰিণ আৰু অন্যান্য জীৱ-জন্তুসমূহক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই ধানখেৰৰো ব্যৱস্থা কৰিছে ।

You might also like