নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ গানত সুৰ তুলি ৰত্ন ওজা গ’লগৈঃ শোকস্তব্ধ ৰাজ্যবাসী

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ কবি, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, সাংস্কৃতিক কৰ্মী ৰত্ন ওজা আৰু নাই । সোমবাৰে নিশা ১ বজাত গুৱাহাটীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে । ১৯৩১ চনৰ ৫ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰা ৰত্ন ওজাৰ পিতৃৰ নাম আছিল পদ্মৰাম ওজা আৰু মাতৃৰ নাম চিন্তাবালা ওজা ।

শান্তিদূত নামৰ এখন অসমীয়া দৈনিকৰ উপ-সম্পাদকৰ ৰূপে কৰ্মজীৱন আৰম্ভ কৰা ৰত্ন ওজাই ভূদান যজ্ঞ(অসমীয়া পষেকীয়া) ৰ সহঃসম্পাদক , বৰপেটা জুৰোৰাম ছোৱালী উচ্চ বিদ্যালয়ৰ শিক্ষক, পূৰ্বোত্তৰ সীমা ৰে’ল মালিগাঁৱৰ প্ৰবৰ সাংবাদিক , জন সম্পৰ্ক বিষয়া বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰো ৰাসায়নিক প্ৰকল্প, ইংৰাজী দৈনিক নিউজ ষ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া, সাদিনীয়া বাতৰিৰ সহযোগী সম্পাদক, গুৱাহাটী দূৰদৰ্শনৰ বাৰ্তা সম্পাদক আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিশেষ প্ৰাধিকাৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

তেওঁৰ ৰচিত গ্ৰন্থসমূহৰ ভিতৰত নাটক আছিল অন্যতম । মূলত মঞ্চ নাট, অনাতাঁৰ নাট, টেলি নাট, শিশু নাট, বাটৰ নাট, কাৰ্টুন নাট আৰু পুতলা নাচৰ নাট তেওঁ ৰচনা কৰিছিল । তেওঁৰ কেইখনমান উল্লেখ্যযোগ্য মঞ্চনাট হ’ল গহ্বৰ, উৰ্বৰ, কবৰ, অস্থাবৰ, সংলাপ, প্ৰলাপ, প্ৰয়োজনীয় মহাপুৰুষ, জোনাকীৰ জুই ইত্যাদি ।

নাটকৰ সমান্তৰালভাৱে তেওঁ কবিতা, অনুবাদ গ্ৰন্থ আৰু ভালেমান উপন্যাসৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । ইয়াৰ লগতে তেওঁ বহুকেইখন গীতি নৃত্য আলেখ্য লিখি গৈছে । তেওঁ সম্পাদনা কৰা আলোচনী কেইখন হৈছে মুখা, বহুৱা আৰু ৰং আহে পাখি মেলি ।

প্ৰতিধ্বনি, লটি-ঘটি, চিকমিক বিজুলী নামৰ বোলছবি কেইখনৰ সহ-পৰিচালকৰূপেও আছিল ৰত্ন ওজা । ৰূপকোঁৱৰ , ৰাধিকাদেৱী, মঞ্চকোঁৱৰ আৰু কহিনুৰ থিয়েটাৰৰ তেওঁ আছিল নাট্য পৰিচালক ।

এইগৰাকী মহান মনিষীৰ মৃত্যুৰ পাচত এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী । অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগতৰ বাবে ৰত্ন ওজাৰ মৃত্যু এক অপূৰণীয় ক্ষতি । মৃত্যুৰ আগলৈকে সমাজ আৰু জাতিৰ হকে অসুস্থ দেহাৰেও থিয় দিয়া এইজন মনিষীক এতিয়া সকলোৱে জনাইছে শ্ৰদ্ধাঞ্জলি ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সাহিত্যিক গৰাকীলৈ আগবঢ়াইছে শ্ৰদ্ধা । জাতীয় জীৱনৰ উজ্জ্বল ৰত্ন হিচাপে তেখেতে সামাজিক, সাংস্কৃতিক, সাহিত্য ক্ষেত্ৰত আগবঢ়াই থৈ যোৱা অৱদান চিৰযুগমীয়া হৈ ৰ’ব বুলি কয় সৰ্বানন্দ সোণোৱালে ।

ইফালে, ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে শোক। ওৰেটো জীৱন সাহিত্য, সংস্কৃতিৰ সৈতে জড়িত হৈ থাকি ওজাদেৱে ৰাজ্যখনলৈ যি অনন্য অৱদান আগবঢ়াই গ’ল সেয়া স্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে ড০ শৰ্মাই ।

You might also like