নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাগতম ২০২০ : সংগীত শিল্পীসকলৰ পৰিকল্পনা কি ?

২০২০ … নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন ।

অসমীয়া সংগীত জগতৰ কেইজনমান শিল্পীৰ পৰিকল্পনা সন্দৰ্ভত আপোনালোকলৈ আগবঢ়াইছো এই প্ৰতিবেদন…

  • আনায়া ব্ৰহ্ম, কণ্ঠশিল্পী

২০১৯ বছৰটো মোৰ বাবে সুন্দৰ আছিল । এই বছৰত মই ভালেকেইটা গান মুক্তি দিছিলোঁ । তদুপৰি বড়ো লোকসংগীতৰ আঠটা গীত সন্নিবিষ্ট এটা এলবাম মুক্তি পাইছিল । এই এলবামত মই বড়ো জনগোষ্ঠীয় সংগীতৰ লগতে আন লোকসংগীতৰ সংমিশ্ৰণ ঘটাইছিলোঁ । এলবামটো উন্মোচন কৰিছিল বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই । বৰ্ষটোৰ শেষৰ ফালে দৈজিং উৎসৱ আৰু ছালাকিটিৰ তাপ বিদ্যুৎ প্ৰকল্পত অনুষ্ঠান পৰিৱেশন কৰাৰ সুন্দৰ অভিজ্ঞতা লাভ কৰিলোঁ । নতুন বৰ্ষত মাঘ বিহুৰ পূ্ৰ্বে এটা নতুন বড়ো গান মই ৰাইজৰ মাজত আগবঢ়াই দিম । ইয়াৰ লগতে এটি বিহু গীতৰ কাম কৰি আছোঁ, গানটো ব’হাগ বিহুৰ সময়ত মুক্তি লাভ কৰিব । তদুপৰি বলীউডৰ এখন বিগ বাজেটৰ ছবিৰ সৈতেও জড়িত হোৱাৰ সুযোগ লাভ কৰিছোঁ যদিও এতিয়াই এই সন্দৰ্ভত ৰাজহুৱা কৰিব বিচৰা নাই । দেশ-বিদেশৰ কেইবাটাও অনুষ্ঠানত গীত পৰিৱেশন কৰাৰো কথা আছে । নতুন বছৰৰ পৰিকল্পনা বুলিলে আমাৰ থলুৱা সংগীতৰ প্ৰচাৰ-প্ৰসাৰৰ হকে অধিক কাম কৰি যোৱাটো বিচাৰোঁ । মোৰ প্ৰতিটো কামতে লোক সংগীতক গুৰুত্ব প্ৰদান কৰি আহিছোঁ । যদিও মই বহু দিনৰে পৰা মুম্বাইত আছোঁ, কিন্তু মই ভাবো যে আমি আমাৰ শিপাক পাহৰি যাব নালাগে । সেয়ে যিমান পাৰো সিমান মই নিজস্ব কলা-সংস্কৃতিৰ বাবে কাম কৰি যাব বিচাৰোঁ । নতুন বৰ্ষত সুস্বাস্থ্য আৰু শান্তি বিচাৰোঁ । নতুন নতুন ঠাই ভ্ৰমণ কৰাৰো হেঁপাহ আছে ।

  • ঋতৃশা শৰ্মা, কণ্ঠশিল্পী

নতুন বৰ্ষৰ পৰিকল্পনা বুলিলে মনত বহুখিনি পৰিকল্পনা আছে । যিহেতু যোৱা এটা বছৰ ধৰি মই মুম্বাইত আছোঁ । নতুন বৰ্ষত বলীউডৰ কেইটামান প্ৰজেক্ট আছে । বলীউডৰ দুখন চিনেমাত মই গীত গাইছোঁ । এইসমূহ গীত নতুন বৰ্ষতে মুক্তি পাব । ইয়াৰোপৰি নিজাকৈ হিন্দী গীতৰ এটা এলবাম অচিৰেই মুক্তি দিয়াৰ কথা ভাবিছোঁ । মুম্বাইত থকাৰ বাবে অসমীয়া গানৰ বিশেষ কাম এটা বছৰে কৰা নাই যদিও নতুন বৰ্ষত এটা অসমীয়া গান মুক্ত দিম । অতি সোনকালেই মুক্তি লাভ কৰিব এইটো গীতে ।

শেষত নিয়মীয়া বাৰ্তা ডিজিটেলৰ জৰিয়তে অসমবাসীলৈ জনাইছোঁ নতুন বৰ্ষৰ ওলগ ।

  • বাবু বৰুৱা , কণ্ঠশিল্পী

নতুন বৰ্ষত বৰ এটা বিশেষ পৰিকল্পনা নাই । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ নেতৃত্বত হৈ থকা প্ৰতিবাদ অব্যাহত থাকিব । সংগীতৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা নাই যদিও অচিৰেই দুটা গীত মুক্তি দিয়াৰ কথা ভাবিছো । ইয়াৰে এটা বিহুসুৰীয়া গীত আৰু আনটো হৈছে আধুনিক গীত । অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা জনালোঁ নতুন বৰ্ষৰ ওলগ । নতুন বৰ্ষই সকলোলৈকে কঢ়িয়াই আনক শান্তি-সম্প্ৰীতি ।

  • নীল আকাশ , কণ্ঠশিল্পী

নতুন বৰ্ষত মোৰ বহুখিনি পৰিকল্পনা আছে । ইতিমধ্যে মোৰ একক কণ্ঠত ছটা আধুনিক গীতৰ এলবাম ‘আকাশ’ হয়তো মাৰ্চত মুক্তি দিয়া হ’ব । তাৰোপৰি দুখনকৈ অসমীয়া বোলছবিৰ সংগীত কাম আৰম্ভ কৰিছো । বৰ্তমানেও এই দুয়োখন বোলছবিৰ নাম নিৰ্ধাৰণ হোৱা নাই । লগতে প্ৰতিবছৰে মুক্তি পাই অহা মোৰ বিহুসুৰীয়া গীতৰ এলবাম ‘বিহুৱান’এইবাৰো মুক্তি পাব । সতী জয়মতীক লৈ এটা নতুন পৰিকল্পনা কৰা হৈছে , লাচিতৰ পাচতেই সতী জয়মতীৰ আধাৰত নিৰ্মাণ কৰি থকা এই গীতটো অহা বৰ্ষতে ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হ’ব । নতুন বৰ্ষটোক লৈ এইদৰেই বহুখিনি পৰিকল্পনা কৰা হৈছে ।

সকলোকে নৱবৰ্ষৰ শুভকামনা জনালো । নৱবৰ্ষৰ এই শুভক্ষণত অসমৰ পৰা আঁতৰ হওক কলীয়া ডাৱৰ , সকলো সমস্যাৰ ওৰ পৰক এই বৰ্ষত ।

You might also like