ভয়াৱহ বান পৰিস্থিতি : মাণিক সাহাক সাক্ষাৎ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

🔹 অসম চৰকাৰৰ হৈ  ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক ৫ কোটি টকাৰ চেক প্ৰদান

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয়- “অসম চৰকাৰৰ এনেধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানপীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নি:সন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।” তেওঁ আৰু কয় যে শেহতীয়াকৈ ত্ৰিপুৰাত ভয়াৱহ ৰূপ ধাৰণ কৰা আৰু ৰাজ্যখনৰ জীৱন-জীৱিকাত যথেষ্ট প্ৰভাৱ পেলোৱা বানপানীৰ কথা শুনি মৰ্মাহত হৈছোঁ। ইপিনে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ পত্ৰযোগে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যখনলৈ প্ৰেৰণ কৰি ৫ কোটি টকাৰ আৰ্থিক অনুদানৰ চেক আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে ত্ৰিপুৰাৰ এই প্ৰত্যাহ্বানমূলক সময়ত অসমবাসীৰ আন্তৰিক সমবেদনা সদায়ে লগত থাকিব বুলি তেওঁ পত্ৰযোগে কয়।

Featured