দুধনৈত ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড

নিয়মীয়া বার্তা, ৯ জুলাই ঃ গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তর্গত ছাদ্রাপাৰা গাঁৱত কালি সংঘটিত হয় নৃশংস হত্যাকাণ্ড৷ লোমহর্ষক ঘটনাটোত ভতিজাকৰ দাৰ ঘাপত প্রাণ যায় পেহীয়েকৰ ৷ পাছত হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা হাতত লৈ থানাত আত্মসমর্পণ কৰে হত্যাকাৰী প্রকাশ গৌড়ে (৩৪)৷ জানিব পৰা মতে, বোৱাৰী আৰু নাতিৰ সৈতে একেলগে বাস কৰা কৌশল্যা গৌড় (৫৫) নামৰ মহিলাগৰাকী আজি পুৱাৰ ভাগত ঘৰত অকলেই আছিল৷ তেনেতে হাতত দা এখন লৈ ভতিজাক প্রকাশ গৌড়ে ঘৰত প্রৱেশ কৰে আৰু দাখনেৰে ডিঙিত উপর্যুপৰি ঘপিয়াই তাৰ পৰা প্রস্থান কৰে৷ পাছত দাখনৰ সৈতে দুধনৈ থানাত আত্মসমর্পণ কৰে৷ ইফালে, বিবাহসূত্রে ৰংজুলিত থকা মৃত মহিলাগৰাকীৰ জীয়াৰী ঘটনাস্থলীত উপস্থিত হৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়– ডাইনী সন্দেহত মোৰ মাতৃক হত্যা কৰা হৈছে৷ বিগত কিছুদিন ধৰি প্রকাশে মাকক বিভিন্ন প্রকাৰৰ ভাবুকিও প্রদান কৰি আছিল, লগতে ডাইনী বুলি কৈ আহিছিল৷ যিবোৰ কথা মাতৃগৰাকীয়ে জীয়াৰীক অৱগত কৰিছিল৷ ইয়াৰ উপৰি বিভিন্ন সময়ত মৃত মহিলাগৰাকীক ডাইনী বুলি অভিযোগ কৰি ভালদৰে থাকিবলৈও ভাবুকি প্রদান কৰা বুলিও মহিলাগৰাকীৰ কন্যাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আন এক সূত্রৰ পৰা পোৱা খবৰ অনুসৰি প্রকাশ গৌড়ে নিজ পেহীয়েকক ডাইনী বুলি সন্দেহ কৰিয়ে হত্যা কৰিছে বুলি স্বীকাৰোক্তিও প্রদান কৰিছে৷ ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিতিত দুধনৈ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ পাছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ হত্যাকাৰীৰ ফাঁচি দাবী কৰে মহিলাগৰাকীৰ জীয়াৰীয়ে৷ অন্ধবিশ্বাসৰ বলি হৈ এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে সমগ্র দুধনৈ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডাইনী সন্দেহত নিজ পেহীয়েকক হত্যা কৰাৰ ঘটনাই সকলোকে ভবাই তুলিছে৷ আচলতে সমাজৰ পৰা এই অন্ধবিশ্বাস এতিয়াও আঁতৰ হোৱা নাই৷ উল্লেখ্য যে মৃত মহিলাগৰাকীৰ জীয়াৰীয়ে যদিও ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত হৈছে বুলি দাবী কৰিছে, তাৰ বিপৰীতে স্থানীয় লোকে এই কথা মানি ল’ব খোজা নাই৷ এইক্ষেত্রত ৰাইজে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও এটা কথা কয় যে হত্যাকাৰী প্রকাশ গৌড়ে প্রায়ে পেহীয়েকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷
প্ৰেৰক বেনজিন বড়ো

Featured