আনন্দৰাম বৰুৱা একাডেমীৰ শিক্ষক দিৱস-নৱাগত আদৰণী সভা সম্পন্ন

নম্বৰৰ লগতে মুলত জ্ঞানৰ বাবেহে শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব লাগে- তৰালী শৰ্মা

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ “পৰীক্ষাৰ মাৰ্কচিটখনৰ নম্বৰৰ যিমান গধুৰতা, তাতকৈ প্ৰয়োজনীয় হৈছে জ্ঞানৰ গধুৰতা৷ সফলতাৰ বাবে এগৰাকী শিক্ষাৰ্থীক নম্বৰ লাগিব, কিন্তু মুলত জ্ঞানৰ বাবেহে অধ্যয়ন কৰিব লাগে৷ কাৰণ জ্ঞান আহৰণ অতি গুৰুত্বপূৰ্ণ৷” এই মন্তব্য ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালি শৰ্মাৰ৷ আজি শিক্ষক দিৱস উপলক্ষে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত আয়োজন শিক্ষক দিৱস আৰু নৱাগত আদৰণী সভা উদ্বোধন কৰি উক্ত মন্তব্য কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী, গীতিকাৰ তথা সংগীতকাৰ তৰালি শৰ্মাই কয় যে আমি সকলো শুভ কাম আৰম্ভ কৰাৰ পূৰ্বে নিৰৱতা অৱলম্বন কৰিব লাগে৷ এখন সুস্থ সমাজত বাস কৰিবলৈ হ’লে আমি শুদ্ধ আৰু সৎ মানুহ হবলৈ প্ৰয়াস কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে আমি জোনাক, নিয়ৰ, বতাহ ভাল পাবলৈ শিকিব লাগিব৷ এটি গণেশ স্ত্ৰোতৰে নিজৰ ভাষণ আৰম্ভ কৰি শৰ্মাই সুক্ষ্ম অনুভুতিক অনুভৱ কৰি প্ৰকৃতিক উপভোগ কৰিবলৈ শিকিব লাগে বুলি মন্তব্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক সেৱা জনাই ভালে কুশলে, মৰমেৰে থাকিবলৈ আহ্বান জনায়৷ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰণজিৎ ডেকাৰ সভাপতিত্বত আৰু একাডেমীৰ মুখ্য সচিব উৎপল মেধিয়ে আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমি বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰে প্ৰতিগৰাকী শিক্ষকক পবিত্ৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ প্ৰথম গুৰু পিতৃ-মাতৃৰ লগতে তেওঁলোকক শিক্ষাদান কৰা প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিব৷ অনুষ্ঠানৰ আৰম্ভনিতে ড৹ ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজৰ মুখ্য শৈক্ষিক উপদেষ্টা অমূল্য কলিতাই, মাল্যাৰ্পণ কৰে প্ৰাইমাৰী স্কুল শাখাৰ মুখ্য শৈক্ষিক উপদেষ্টা প্ৰহ্লাদ চৌধুৰীয়ে, পুষ্পাঞ্জলি অৰ্পণ কৰে ড৹ ৰণজিৎ ডেকাই৷ শিক্ষানুষ্ঠানখনৰ ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ উপস্থিতিত শিক্ষানুষ্ঠানখনৰ পৰা বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত বিভিন্ন বিষয়ত সৰ্বোচ্ছ নম্বৰপ্ৰাপ্ত কেবাগৰাকীও শিক্ষাৰ্থী আৰু শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ইয়াৰ পাছতে নৱাগত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

Featured