নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিহুৰ প্ৰশিক্ষণ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৮ জুলাই : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ভৱানীপুৰৰ স্পৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্বনৰ সহযোগত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হৈছে ভৱানীপুৰ সমষ্টি ভিত্তিক পোন্ধৰদিনীয়া বিহুৰ কৰ্মশালা। আজি বিয়লি পোন্ধৰদিনীয়া বিহুৰ কৰ্মশালাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সৰুপেটা ৰাজহ চক্ৰ বিষয়া সন্তুষ কুমাৰ নাথে। উদ্বোধনী ভাষণত উদ্বোধক সন্তোষ কুমাৰ নাথে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক তথা সাংস্কৃতিক বিকাশ সাধনৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰীষ্মকালীন বন্ধৰ দিনত বিহুৰ কৰ্মশালাৰ আয়োজন কৰাৰ ওপৰত বাখ্যা কৰে। পোন্ধৰদিনীয়া বিহুৰ কৰ্মশালাৰ মুখ্য পৰিচালক অসীম মেধিয়ে আঁত ধৰা উদ্বোধনী সভাত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অজিৎ কুমাৰ চৌধুৰী, অৱসৰী কৃতী শিক্ষক বাবুল ডেকা, উপেন্দ্ৰনাথ তালুকদাৰ, বিশিষ্ট নাট্যশিল্পী পুলকানন্দ তালুকদাৰ, ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বায়ন, ভৱানীপুৰৰ জেষ্ঠ সাংবাদিক তথা প্ৰাক্তন বিহুৱা তথা বিশিষ্ট পেপুৱৈ ৰাজীৱ তালুকদাৰৰ লগতে কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ছুইটী সৰকাৰেও বিহু সংস্কৃতিৰ তাৎপৰ্য, সাংস্কৃতিক কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ ওপৰত বহলাই বাখ্যা কৰি বক্তৃতা প্ৰদান কৰে। পোন্ধৰদিনীয়া বিহুৰ কৰ্মশালাত বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বহুসংখ্যক শিক্ষাৰ্থীক বিহুৱতী ছুইটী সৰকাৰ, অসীম মেধি, সুনীল দাসৰ লগতে কেবাগৰাকীও আগশাৰীৰ বিহুৱা-বিহুৱতী তথা বিহু শিল্পীয়ে বিহু নাচ, ঢোল, পেঁপা, তাল, গগনা, টকা, সুতুলী, বিহুনাম আদিৰ ব্যৱহাৰিক প্ৰশিক্ষণ আৰু বিহুৰ তৃতীয় দিশৰ ওপৰত প্ৰশিক্ষণ দিব বুলি কৰ্মশালাৰ মুখ্য পৰিচালক অসীম মেধিয়ে উদ্বোধনী সভাত ঘোষণা কৰে। ২২ জুলাইত সামৰণি পৰিব বিহু কৰ্মশালাৰ।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like