নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা, ৭ জুলাই : নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰ গাঁৱৰ বাসিন্দা তথা বৰপেটাৰ কাছুমাৰাৰ হলংগাপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আবু চৈয়দ হাজৰিকা (৬৫) ৰ আজি পুৱা প্ৰায় ৭.৩০ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু ঘটে | দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকি আজি হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসালয়লৈ নিবলৈ লওঁতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে | কৃতী অৱসৰী শিক্ষক প্ৰয়াত হাজৰিকা দুই পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তানৰ পিতৃ আছিল | একালৰ কৃতী শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি শোক বিয়পায় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like