নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম বন্ধ : ঢকুৱাখনাত সৃষ্টিশীল কৰ্মত ব্যস্ত এজাক শিশু, কিশোৰ-কিশোৰী

🔹 নাট্য বিদ্যালয়- প্ৰেছ গীল্ড, ঢকুৱাখনাৰ উদ্যোগ

নিয়মীয়া বাৰ্তা,  ৬ জুলাই : গৰম বন্ধ। শব্দ দুটাৰ যেন মাদকতাই সুকীয়া। এতিয়া গৰম বন্ধৰ সময় । গৰম বন্ধ বুলিলেই হয়তো আপোনাৰো মনত পৰে সোণালী শৈশৱ ৷ গৰম বন্ধৰ মাহটোত আপুনি বাৰু কি কৰি কটাইছিল? আহাৰ-শাওণমহীয়া পথাৰখনলৈও হয়তো এপাক মাৰিছিল ৷ বাকী সময়ত সমনীয়াৰ সৈতে বিভিন্ন খেল-ধেমালিৰে সময় অতিবাহিত কৰাৰ উপৰি বিভিন্ন আলোচনী আদিৰ মাজতে হয়তো বিচাৰি পাইছিল গৰম বন্ধৰ মাদকতা ৷ কিন্তু সময়বোৰ লাহে লাহে সলনি হ’ল। গৰম বন্ধৰ দিনকেইটা অবাবত নষ্ট নকৰি আজিৰ শিশু, কিশোৰ-কিশোৰীসকল ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কৰ্মত। তাৰেই এক প্ৰতিচ্ছবি দেখা গৈছে ঢকুৱাখনাত। যান্ত্রিকতা আৰু একঘেয়ামী পৰিৱেশৰ পৰা কিঞ্চিৎ আঁতৰি প্ৰচণ্ড গৰমকো নেওচি গীত-নৃত্য আৰু অভিনয়ৰ অনুশীলন আৰু আখৰাত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ এজাক কণ কণ শিশু, কিশোৰ-কিশোৰী।কোনোৱে যদি গীত গাইছে, কোনোৱে নৃত্য কৰিছে, আন কোনোৱে আকৌ সাৱলীল কন্ঠ, সংলাপ প্রক্ষেপ, মনোগ্রাহী অভিনয়েৰে পৰিচয় দিছে ছিৰিয়াছ নাট্য কৰ্মীৰ।

কোনোৱে গীতৰ তালে তালে আঁকিছে ছবি। সন্তানৰ লগতে অভিভাৱকসকলৰো উৎসাহ দেখি আয়োজক, প্রশিক্ষকসকল আনন্দিত হৈ পৰিছে। উল্লেখ্য যে ঢকুৱাখনা মহকুমা তথা সমীপৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, যুৱক- যুৱতীক নাট্যকলা শিক্ষণ-প্ৰশিক্ষণৰ জৰিয়তে এটা সুস্থ, সাংস্কৃতিক বাতাৱৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা ঢকুৱাখনা নাট্য বিদ্যালয়ে বিগত বছৰসমূহৰ দৰে এইবাৰো ২০দিনীয়া এক গ্রীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰিছে। ঢকুৱাখনা মহকুমাৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সহযোগত ঢকুৱাখনা নর্মাল স্কুলত ৩ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই কর্মশালাত ঢকুৱাখনা মহকুমাৰ বিভিন্ন প্ৰান্তৰ ২ শতাধিক শিক্ষার্থীয়ে প্রশিক্ষণ গ্রহণ কৰিছে। উচ্চ আৰু নিম্ন শাখাত অনুষ্ঠিত হোৱা এই কৰ্মশালাত নাট্যকৰ্মী দ্বীপজ্যোতি কাকতি, হেমন্ত ফুকন আৰু পূৰৱী বৰগোহাঁইৰ তত্ত্বাৱধানত ম’বাইল আৰু ইন্টাৰনেটৰ জগতখনৰ পৰা আঁতৰি কণ কণ শিশু, কিশোৰ-কিশোৰীসকলে অভিনয়, কবিতা আবৃত্তি, নৃত্যৰে মুখৰিত হৈ পৰিছে নৰ্মাল স্কুল ঢকুৱাখনাৰ বাকৰি। ঢকুৱাখনা নাট্য বিদ্যালয় আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাৰ এই কাৰ্যক শলাগ লৈছে অভিভাৱক আৰু সচেতন ৰাইজে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like