গহপুৰৰ কঠালনিবাৰীত শিক্ষক দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ছেপ্টেম্বৰঃ আজি গহপুৰ ডিপৰাৰ কঠালনিবাৰী শ্ৰীশ্ৰীমাধৱ আতা সত্ৰত উদ্যমী যুৱক ৰিপাংকৰ শইকীয়াৰ একক প্ৰচেষ্টাৰে উদযাপন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত ৰিপাংকৰ শইকীয়াই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ২৮ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। ইয়াৰ উপৰি বিশিষ্ট নাট্যকাৰ, সমাজ কৰ্মী যামিনী বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটোত কঠালনিবাৰী এল. পি. স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ মহন্ত, তেলেনী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সাবিত্ৰী মহন্ত, ধোপাবৰ মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱ মহন্ত, ভীম বাহাদুৰ মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী যোগ বৰাকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু বহু আগশাৰীৰ ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে শিক্ষকতাৰ দৰে বৃত্তিত নিয়োজিত হৈ প্ৰতিবছৰে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া শিক্ষাদান কৰি আহিছে যুৱক ৰিপাংকৰ শইকীয়াই।

Featured