বাঘবৰত শৌচালয়ত উদ্ধাৰ এবছৰীয়া কন্যা শিশুৰ মৃতদেহ

🔹 সোধা-পোছাৰ বাবে আটক শিশুটিৰ পিতৃ মহিদুল ইছলামক

🔹 নিশা পিতৃ মহিদুলে দেখিছিল ৰহস্যঘন সপোন

নিয়মীয়া বাৰ্তা,  ৫ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ মন্দিয়াৰ সত্ৰকনৰাত এটি এবছৰীয়া কণমানি শিশুৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে সত্ৰকনৰা ৬নং চিটৰ নিবাসী মহিদুল ইছলামৰ এবছৰীয়া কন্যা সন্তানটিক বুধবাৰে আবেলি ২ বজাৰৰ পৰা হঠাৎ দেখা নোপোৱাত ঘৰৰ কাষতে থকা ভেলেঙী নদীত পৰা বুলি সকলোৱে সন্দেহ কৰে। তাৰ পিছতেই আৰক্ষীক বিষয়টি অৱগত কৰাত ঘটনাস্থলীত সন্ধিয়া আৰক্ষী আৰু SDRF বাহিনীৰ এটি দল উপস্থিত হৈ আৰম্ভ কৰিছিল অভিযান। কিন্তু আন্ধাৰ হোৱা বাবে ডুবাৰুৰ দলটোৱে উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হয়। কিন্তু আজি পুৱা আনুমানিক পাঁচ বজাত শিশুটিৰ পিতৃ মহিদুল ইছলামে শৌচালয়লৈ যোৱাৰ পিছত হেনো বাঁহৰ কেঁচা টেংকিৰ ভিতৰত প্ৰত্যক্ষ কৰে কণমানি শিশুটিৰ মৃতদেহ। লগে লগে পিতৃ মহিদুল ইছলামে শৌচালয়ৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে নিজ কন্যা সন্তানটিৰ মৃতদেহটো। অৱশ্যে পিতৃয়ে হেনো নিশা নিজ শিশুটি ঘৰৰ শৌচালয়ত পৰা বুলি এটি ৰহস্যঘন সপোন দেখিছিল। পিতৃয়ে সেই ৰহস্যঘন সপোনৰ অকপট স্বীকাৰোক্তি আৰক্ষী আৰু ওচৰ-চুবুৰীয়া ওচৰত বৰ্ণনা কৰে। ইফালে, ঘটনাস্থলীত বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ আৰু অনুসন্ধান শাখা)ৰ বিদ্যুৎ বিকাশ বৰা ভূঞা, বাঘবৰৰ কাৰ্যবাহী দণ্ডাধীশ সোণবৰ চুতীয়াৰ লগতে বাঘবৰ আৰক্ষী আৰু মন্দিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। অৱশ্যে আৰক্ষীয়ে ৰহস্যঘন সপোন দেখা শিশুটিৰ পিতৃ মহিদুল ইছলামক আটক কৰাৰ সমান্তৰালকৈ সোধা-পোছা অব্যাহত ৰাখিছে। যদিও খুব কম সময়ৰ ভিতৰতে শিশুটিৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ ৰহস্যঘন কাহিনী খোল খোৱাৰ সম্ভাৱনা প্ৰকট। উক্ত ঘটনাত সম্প্ৰতি অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured