নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজগড়ৰ নলাত উদ্ধাৰ কণমানি অবিনাশৰ মৃতদেহ

🔹 অভিশপ্ত ৪ জুলাইৰ মর্মান্তিক-অসহনীয় দুর্ঘটনাৰ কৰুণ পৰিসমাপ্তি

🔹 পুত্ৰশোকত দগ্ধ হৰিলাল-তৃষ্ণা সৰকাৰে চিনাক্ত কৰিলে পুত্ৰৰ মৃতদেহ

বিশেষ বাৰ্তা, ৭ জুলাই : ৰাজ্য জোকাৰি যোৱা এক মর্মান্তিক-অসহনীয় দুর্ঘটনাৰ কৰুণ পৰিসমাপ্তি ঘটিল। অৱশেষত অভিশপ্ত ৪ জুলাইৰ নিশা ভয়ংকৰ বানত সন্ধানহীন হোৱা কণমানি অবিনাশ সৰকাৰৰ মৃতদেহ উদ্ধাৰ হ’ল। ৰাজগড়ৰ এটা নলাত দুৰ্ভগীয়া হৰিলাল সৰকাৰ আৰু তৃষ্ণা সৰকাৰৰ শিশুপুত্ৰ অবিনাশৰ নিথৰ মৃতদেহ উদ্ধাৰ হ’ল। ৬০ ঘণ্টীয়া শ্বাসৰুদ্ধকাৰী উদ্ধাৰ অভিযানৰ অন্তত আজি পুৱা উদ্ধাৰকাৰী দলে ৰাজগড়ৰ এটা নলাত শিশুৰ এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। লগে লগে উৱলি যোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। পুত্ৰশোকত দগ্ধ হৰিলাল সৰকাৰ আৰু তৃষ্ণা সৰকাৰে অচিনাক্ত মৃতদেহ উদ্ধাৰৰ খবৰ পোৱাৰ লগে লগে জিএমচিএইচত উপস্থিত হয়। অৱশেষত দুদিন ধৰি মহানগৰীৰ নলা-নৰ্দমাত পুত্ৰক বিচাৰি ফুৰা দুৰ্ভগীয়া পিতৃ-মাতৃয়ে পুত্ৰৰ নিথৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে। উল্লেখ্য যে মুষলধাৰে অহা বৰষুণৰ ফলত মহানগৰীত সৃষ্টি হোৱা কৃত্রিম বানে পিতৃৰ চকুৰ সমুখতে উটুৱাই নিছিল কণমানি ৮ বছৰীয়া অবিনাশক৷ দুর্ভাগ্যজনকভাৱে ৪ জুলাইৰ নিশা প্রায় ১০.৩০ বজাত চানমাৰিৰ অন্তর্গত পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো৷ নেৰানেপেৰা বৰষুণে মহানগৰীৰ বিস্তীর্ণ এলেকা প্লাৱিত কৰি তোলাৰ সময়তে পিতৃৰ সৈতে গৃহ অভিমুখে ৰাওনা হৈছিল অবিনাশ সৰকাৰ৷ এমআৰডি ৰোডৰ অন্তর্গত চৰকাৰী ছপাশালৰ সমীপতে গাড়ী–মটৰ মেৰামতি কৰা গেৰেজ আছিল হৰিলাল সৰকাৰৰ৷ গেৰেজত দিনটোৰ কাম সামৰি নিশা ভতিজা বাপন সৰকাৰক লগত লৈ পুত্র অবিনাশসহ ভৱানীপুৰত থকা ঘৰলৈ ৰাওনা হৈছিল হৰিলাল সৰকাৰ৷ নিশা গভীৰ হোৱাৰ লগে লগে বৃদ্ধি পাইছিল বৰষুণৰ পৰিমাণো৷ মূল পথটোত এবুকু পর্যন্ত পানী হৈ পৰাত সেইপিনেদি কণমানি পুত্রক লগত লৈ স্কুটীৰে যোৱাটো প্রায় অসম্ভৱ হৈ পৰিছিল হৰিলালৰ বাবে৷ সেয়েহে চৰকাৰী ছপাশালৰ সমীপেৰে জ্যোতিনগৰ অভিমুখে যোৱা উপ-পথেৰে ঘৰলৈ ৰাওনা হৈছিল হৰিলাল৷ উক্ত পথটোৰে পানী কিছু কম হ’ব বুলি ভাবি লোৱাটোৱেই হৰিলালৰ বাবে যেন কাল হৈ পৰিল৷ ভতিজা আৰু কণমানি পুত্রক লৈ স্কুটীৰে আগবঢ়া হৰিলালে পশ্চিম জ্যোতিনগৰ কালীমন্দিৰ পোৱাৰ লগে লগে পাহাৰৰ পৰা তীব্রগতিত নামি অহা পানীৰ ধলৰ মুখামুখি হয়৷ পানীৰ প্রবল সোঁতে হৰিলালৰ স্কুটীখন নিয়ন্ত্রণহীন কৰি পেলোৱাত স্কুটীৰ পৰা উফৰি গৈ পানীৰ সোঁতৰ মাজত পৰে কণমানি পুত্র অবিনাশ সৰকাৰ৷ আসন্ন বিপদৰ উমান পাই দুর্ভগীয়া পিতৃগৰাকীয়ে কণমানি পুত্রৰ হাতত ধৰি বচাবলৈ চেষ্টা কৰিছিল যদিও দৈব্য দুর্বিপাকত তেওঁৰ হাতৰ পৰা পুত্রৰ হাত পিছলি যোৱাত পানীৰ সোঁতে কণমানিটোক উটুৱাই নি ওচৰতে থকা বৃহৎ নলাত পেলাই দিয়ে৷ চকুৰ সমুখতে মা মোক বচোৱা, দেউতা মোক বচোৱা বুলি চিৎকাৰ কৰি নিমিষতে নলাৰ পানীৰ প্রবল সোঁতত উটি যায় অবিনাশ৷ ঘটনাটোৰ আকস্মিকতাত উন্মাদপ্রায় হৈ পৰা দুর্ভগীয়া পিতৃ হৰিলালে নিজৰ জীৱনকো নেওচা দি সোঁতৰ মাজে মাজে গৈ পুত্রক উদ্ধাৰৰ চেষ্টা চলায় যদিও বিফল হয়৷ নিজ চকুৰ সমুখতে সন্ধানহীন হৈ পৰা পুত্রক বিচাৰি দুৰ্ভগীয়া পিতৃ হৰিলালে দুদিন ধৰি মহানগৰীৰ নলা-নৰ্দমাত অভিযান চলায়। উদ্ধাৰকাৰী দলৰ লগতে সমানে নলাবোৰত নামি পুত্রৰ সন্ধান চলোৱা হৰিলালৰ দুৰৱস্থা প্রত্যক্ষ কৰি আৱেগিক হৈ পৰে বহুজন৷ দুর্ভগীয়া পিতৃ হৰিলাল সৰকাৰ আৰু মাতৃ তৃষ্ণা সৰকাৰে ক’ৰবাত কেনেবাকৈ হ’লেও অবিনাশ জীয়াই আছে বুলি বুকুত আশা লৈ নলা-নৰ্দমাত পুত্ৰক বিচাৰি চলাথ কৰিছিল যদিও অৱশেষত আজি পুত্ৰৰ নিথৰ মৃতদেহ সন্মুখত লৈ পিতৃ-মাতৃহাল শোকত ভাগি পৰিছে। শোকবিহ্বল দুৰ্ভগীয়া পিতৃ-মাতৃহালক এই জটিল সময়ত ভগৱানে সাহস দিয়ক- এয়াই এতিয়া সকলোৰে প্ৰাৰ্থনা।

You might also like