নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ সন্ত্ৰাস : একেনিশাই বিদ্যালয়-বাসগৃহ ভাঙি লণ্ডভণ্ড

🔹 ডিমাকুছিত শিশুসহ কথমপি প্ৰাণৰক্ষা এটি পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাই : ৰাজ্যত বান বিভীষিকাৰ সময়তে এতিয়া বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত তীব্ৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তীৰ তাণ্ডৱে । ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণে। হাতী-মানুহৰ সংঘাত এক চিন্তনীয় বিষয় হৈ পৰিছে। কেতিয়াও যেন অন্ত নপৰিব হাতী-মানুহৰ সংঘাতৰ এই জীয়া ছবি । ক্ৰমান্বয়ে পূৰ্বৰ তুলনাত এই বৰ্ষত ভয়ানকভাৱে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। তথাপি কিন্তু বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। ওদালগুৰি জিলাৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত এতিয়া হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধানত ব্যৰ্থ হৈছে বন বিভাগ। ডিমাকুছি, বৰংগাজুলি, সোণাজুলি, বগৰীতল, ৰজাগড়, নালাপাৰা, টেংকিবস্তিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰতিদিনে উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক নামি অহাত উপায়হীন হৈ পৰিছে স্থানীয় বাসিন্দা । দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীয়ে কেইবামাহো ধৰি প্ৰতি নিশাই অঞ্চলসমূহত এফালৰ পৰা ভাঙি চূৰমাৰ কৰি আহিছে ঘৰ-দুৱাৰ, ধ্বংস কৰিছে খেতি-বাতি। বহুদিন ধৰি বাদলাপাৰা আৰু বৰংগাজুলি চাহ বাগিচাত বাহৰ পাতি থকা বন্যহস্তীৰ বৃহৎ জাকে নিশা হ’লেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰে আৰু ধ্বংস কৰি পেলায় ঘৰ-দুৱাৰ, খেতি-বাতি, বিদ্যালয় গৃহ । ২নং উত্তৰ ডিমাকুছিৰ হিতেশ কলিতাৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ এসপ্তাহৰ পিছতে পুনৰ বন্যহস্তীয়ে বগৰীতলৰ ৰাজেন কলিতাৰ বাসগৃহ আৰু ২নং সোণাজুলিৰ লন তিৰ্কী নামৰ ব্যক্তিজনৰ ঘৰ ভঙাৰ উপৰি আৰ্য্য বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ আৰু ৰান্ধনী ঘৰটো ভাঙি সা-সম্পত্তি নষ্ট কৰি পেলায় । নিশা হাতীৰ জাকৰ পৰা এটি প্ৰকাণ্ড হাতীয়ে ফালৰি কাটি আহি ২নং উত্তৰ ডিমাকুছিৰ বগৰীতল গাঁৱত প্ৰৱেশ কৰি শুই থকা অৱস্থাতে ঘৰ ভাঙি চূৰমাৰ কৰাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে ৰাজেন কলিতাৰ পৰিয়ালটোৰ । বিদ্যালয় গৃহ ভাঙি থকা অৱস্থাত হাতী খেদিবলৈ গৈ কথমপি প্ৰাণৰক্ষা পৰে স্থানীয় যুৱক জীৱন কলিতাৰ । পিছে বৃহৎ হাতীৰ জাকক খেদি পঠিয়াবলৈ ব্যৰ্থ হৈছে বন বিভাগ। স্থানীয় বৰনদী অভয়াৰণ্যত মাত্ৰ ৫/৬গৰাকী বনকৰ্মীহে আছে । বৃহত্তৰ এলেকাত এফালে গ’লে আনফালে যাবলৈ নাথাকে বনকৰ্মী । হাতী খেদিবলৈ যাবলৈ নাই ভাল গাড়ী । তাহানিৰ দিনৰ যি এখন বাহন আছে, গৈ থাকোঁতে পথৰ মাজত বেয়া হৈ পৰে। মুঠতে এশ-এবুৰি সমস্যাৰে জৰ্জৰিত হৈ থকা বৰনদী অভয়াৰণ্যত নাই উপযুক্ত সা-সুবিধা । ইফালে, ভূতৰ ওপৰত দানহ পৰাদি নিশা হ’লেই বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী । এফালে বন্যহস্তীৰ তাণ্ডৱ, আনফাল অন্ধকাৰময় পৰিৱেশ। সেয়েহে জনপ্ৰতিনিধি, বিটিআৰৰ মুৰব্বী, বনমন্ত্ৰীক শীঘ্ৰে স্থায়ী সমাধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে গৃহহাৰা পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে ।

প্ৰেৰক পিংকু কলিতা

You might also like