অসমৰে সীমা সমস্যা সমাধানত মিজোৰাম চৰকাৰৰ আছে ৰাজনৈতিক সদিচ্ছা

🔹 আইজলত গুডউইল মিছন সামৰি মন্ত্রী অতুল বৰা

🔹 কোনো কাৰণতে বাংলাদেশীক অসমে গ্রহণ কৰিব নোৱাৰে, আমি বিৰোধিতা কৰিম

🔹 উপ–নির্বাচনত অগপৰ দুর্গ বঙাইগাঁও অক্ষত ৰখাৰ তৎপৰতা

বিশেষ বাৰ্তা, ১১ আগষ্ট : ‘অসমৰে দীর্ঘদিনীয়া সীমা সমস্যা সমাধানত মিজোৰাম চৰকাৰৰ ৰাজনৈতিক সদিচ্ছা আছে৷ এয়া ৰাজ্যখনৰ গৃহমন্ত্রী কে ছাপডাংগাৰ বক্তব্যৰ পৰা আমি অনুভৱ কৰিছোঁ৷’– এই মন্তব্য অসমৰ সীমা সুৰক্ষা–উন্নয়ন দপ্তৰৰ মন্ত্রী অতুল বৰাৰ৷ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানকল্পে অব্যাহত ৰখা প্রক্রিয়াৰ অংশস্বৰূপে যোৱা ৯ আৰু ১০ আগষ্টত অসমৰ এক গুডউইল মিছন লৈ মন্ত্রী বৰাৰ নেতৃত্বত গৈছিল আইজললৈ৷ এই গুডউইল মিছন সামৰি গুৱাহাটীত উপস্থিত হোৱা মন্ত্রী বৰাই বিষয়টো সন্দর্ভত আজি সংবাদ মাধ্যমৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে ২০২১ চনৰ আগষ্ট মাহত অসম–মিজোৰাম সীমান্তত যি দুর্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল, তাৰ পাছতে আমি এটা দল চুবুৰীয়া ৰাজ্যখনলৈ গৈছিলোঁ৷ সেয়াও আছিল গুডউইল মিছনেই৷ তাৰ পাছত কেইবাবাৰো মন্ত্রী পর্যায়ৰ আলোচনা আৰু মিজোৰাম চৰকাৰৰ গৃহমন্ত্রীৰ সৈতে ভিডিঅ’ কনফাৰেন্স হৈছে৷ মিজোৰামৰ গৃহমন্ত্রীয়েও জ্যেষ্ঠ বিষয়াৰ এটা দলৰ সৈতে অসমলৈ আহিছিল৷ সেই সময়তো বহুখিনি কথা আলোচনা আৰু সিদ্ধান্ত হৈছে৷ তদুপৰি সময়ে সময়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ মাজতো আলোচনা হৈছে৷ কিন্তু মিজোৰামত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্রেক্ষিতত কিছুদিন পিছুৱাই গ’ল৷ এতিয়া মিজোৰামত নতুন চৰকাৰ গঠন হৈছে৷ মিজোৰামৰ নতুন মুখ্যমন্ত্রী লালডুহোমা আহিছিল আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে যোৱা ৯ ফেব্রুৱাৰীত তেওঁ বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাক এটা গুডউইল মিছন ল’বলৈ কয়৷ সেইমতে দুদিনীয়া কার্যসূচীৰে আমি মিজোৰামলৈ গৈছিলোঁ৷ প্রথম দিনা ৯ আগষ্টত মিজোৰামৰ গৃহমন্ত্রী কে ছাপডাংগা আৰু ৰাজহমন্ত্রী বি লালচনজ’ভাৰ উপস্থিতিত সীমা সমস্যা সন্দর্ভত বিস্তৃত আলোচনা হয় বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে৷ তেওঁ সদৰী কৰা মতে, এই আলোচনা ফলপ্রসূ আছিল৷ ইয়াৰ পিছতে কালি পুৱা মিজোৰামৰ মুখ্যমন্ত্রী লালডুহোমাক সাক্ষাত কৰাৰ কথা উল্লেখ কৰি মন্ত্রী বৰাই কয় যে তেওঁ খুব স্পষ্টভাৱে কৈছে– দীর্ঘদিনীয়া সীমা সমস্যা যিমান সোনকালে পাৰি সমাধান কৰাটো উচিত হ’ব৷ সীমান্তত বসবাস কৰা লোকসকলে যথেষ্ট ভুক্তভোগী হৈছে৷ সময়ে সময়ে সংঘটিত হৈছে দুর্ভাগ্যজনক ঘটনাও৷ গুডউইল মিছনৰ কালতে গুৱাহাটীত এখন বৈঠকত মিলিত হোৱা বাবে মিজোৰাম চৰকাৰৰ প্রতিনিধিক আমন্ত্রণ জনোৱা বুলি মন্ত্রী বৰাই সদৰী কৰে৷ তেওঁ পুনৰ কয় যে তেওঁলোকে আমাক অহাৰ প্রতিশ্রুতি দিছে৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনত সমগ্র বিষয়টো বিশদভাৱে আলোচনা কৰা হ’ব৷ লগতে পূর্বতে যিবোৰ সিদ্ধান্ত লোৱা হৈছিল, সেয়া বাহাল থাকিব৷ ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত মিজোৰামৰ প্রতিনিধি দল গুৱাহাটীলৈ আহিব৷ মন্ত্রী বৰাই দিয়া তথ্য অনুসৰি অসম আৰু মিজোৰামৰ মাজত সীমান্তৰ দৈর্ঘ্য মুঠ ১৬৪.৬ কিলোমিটাৰ৷ সীমান্তৰ গৰিষ্ঠ অংশই হাইলাকান্দি জিলা সংলগ্ণ৷ বাকীখিনি আছে কৰিমগঞ্জ আৰু কাছাৰ জিলাত৷ মিজোৰামৰ উপৰি আন তিনি চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ সৈতে থকা সীমা সংঘাতক লৈও আলোচনা হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বর্তমান চৰকাৰৰ ৫ বছৰীয়া কার্যকালৰ ভিতৰতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িব পৰা যাব৷ ইফালে, বাংলাদেশত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে একাংশ বাংলাদেশী নাগৰিকে অসম তথা ভাৰতত আশ্রয় বিচৰা সন্দর্ভতো মন্ত্রী বৰাই স্থিতি স্পষ্ট কৰে৷ এই সন্দর্ভত তেওঁ কৰা মন্তব্য আছিল এনেধৰণৰ– কোনো কাৰণতে অসমে গ্রহণ কৰিব নোৱাৰে৷ এটা সময়ত বাংলাদেশৰ পৰা অসমলৈ প্রব্রজন হৈছিল৷ যাৰ কাৰণে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ দীঘলীয়া আন্দোলন হ’ল৷ এতিয়া যদি নতুনকৈ অসমলৈ তাৰ পৰা অনুপ্রৱেশ হয়, সেয়া কেতিয়াও অসমৰ মানুহে গ্রহণ কৰিবলৈ সাজু নহয়৷ আমি ইয়াৰ বিৰোধিতা কৰিম৷ ইতিমধ্যে ভাৰত চৰকাৰে এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰাটো দেখা পাইছোঁ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো যথেষ্ট কঠোৰ স্থিতি লৈছে৷ ফণীভূষণ চৌধুৰী লোকসভালৈ নির্বচিত হোৱাৰ পৰিপ্রেক্ষিতত বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিতব্য উপ-নির্বাচনক লৈও অগপৰ সভাপতিৰ দায়িত্বত থকা মন্ত্রী বৰাই প্রতিক্রিয়া ব্যক্ত কৰে৷ তেওঁৰ ভাষ্যতে স্পষ্ট হৈছে যে অগপৰ দুর্গস্বৰূপ বঙাইগাঁও উপ-নির্বাচনত জয় অক্ষত ৰখাৰ বাবে দলে তৎপৰতা অব্যাহত ৰাখিছে৷ মন্ত্রী বৰাই কয় যে বঙাইগাঁও অগপৰ দুর্গ৷ নহ’লে ৮বাৰ একেজন ব্যক্তি ফণীভূষণ চৌধুৰীয়ে বিজয়ী হ’ব নোৱাৰিলেহেঁতেন৷ তাত সমর্পিত মনোভাবেৰে কাম কৰা দলৰ কর্মী আছে৷ বঙাইগাঁৱত আমি মিত্রতাৰে উপ-নির্বাচনত অৱতীর্ণ হ’ম৷ বিজেপি–ইউপিপিএলে আমাক সহায় কৰিব৷ অৱশ্যে প্রার্থী এতিয়ালৈকে থিৰাং হোৱা নাই৷ বিষয়টো সন্দর্ভত আমি আলোচনা কৰিম৷ ইতিমধ্যে ভূপেন ৰয়ক অধ্যক্ষ হিচাপে লৈ স্থানীয়ভাৱে এখন কমিটী গঠন কৰি দিয়া হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটীস্থিত আন্তর্জাতিক মানৰ অতিথিশালাটো হোটেললৈ পর্যবসিত হোৱা সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কৃষি বিভাগৰ দায়িত্বত থকা মন্ত্রী বৰাই কয় যে কৃষি বিশ্ববিদ্যালয়খন এটা স্বায়ত্তশাসিত অনুষ্ঠান৷ এনেধৰণৰ বিষয়বিলাক পৰিচালনা কৰাৰ বাবে তেওঁলোকৰ এখন কমিটী আছে৷ য’ত বেলেগ বেলেগ প্রতিনিধি থাকে৷ কিন্তু বিষয়টো যিহেতু গুৰুত্বপূর্ণ, সেয়ে জানিবলৈ চেষ্টা কৰিছোঁ৷ তেওঁলোকৰ পৰা এক প্রতিবেদন বিচৰা হৈছে৷ এই প্রসংগতে মন্ত্রী বৰাই অনিয়ম হ’ব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে৷ মই উপাচার্যক ফোন কৰিও সুধিছোঁ– ঘটনাটো কি? তেওঁ কৈছে– কৃষি বিশ্ববিদ্যালয় অতিথিশালাটো চলোৱাত দিগদাৰ হৈছে৷ সেয়েহে এটা প্রক্রিয়াৰ জৰিয়তে কমিটীৰ সিদ্ধান্তমর্মে এই ব্যৱস্থাটো কৰা হৈছে৷ তেওঁ লীজত দিয়া বুলি মোক কোৱা নাই৷ চলাবলৈ দিয়াৰ কথাহে উল্লেখ আছে তেওঁৰ ভাষ্যত৷ মন্ত্রী বৰাই প্রকাশ কৰা মতে, অতিথিশালা নির্মাণৰ পুঁজি ৰাজ্য চৰকাৰৰ নহয়, কৃষি বিশ্ববিদ্যালয়ে কেন্দ্রীয় চৰকাৰৰ পৰাই লাভ কৰিছিল৷

Featured