নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা এন চিত বানত ককবকাই থকা পশু বধ কৰি বন্যোল্লাস

🔹 আৰক্ষী-বন বিভাগৰ তৎপৰতাত দুজনক আটক

নিয়মীয়া বাৰ্তা, ৭ জুলাই : বানপানীত উটি অহা বন্যপ্ৰাণীক আক্ৰমণৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছে। জীৱশ্ৰেষ্ঠ মানৱৰ জিঘাংসু চৰিত্ৰ পোহৰলৈ আহিছে | দুখনকৈ নাৱেৰে এজাক কিশোৰে হত্যা কৰিছিল বানত উটি-ভাহি যোৱা এটা বন্য পশুক। আনকি হাতুৰীজাতীয় কিবা এটাৰে মৰিয়াই থকাৰ দৃশ্যও বন্দী হয় মোবাইল কেমেৰাত | এই ঘটনা প্ৰচাৰ হৈছিল ছ’চিয়েল মিডিয়াত | প্ৰচাৰৰ লগে লগে চৰ্চা হয় সৰ্বত্ৰে। ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষী আৰু সংশ্লিষ্ট বন বিভাগৰ লোকে তদন্ত আৰম্ভ কৰে। ঘটনাটো জিলাখনৰ মন্দিৰা এন চি অঞ্চলৰ বুলি জানিব পৰা গৈছে। বন বিভাগৰ লোক, বকো আৰক্ষী থানা আৰু মন্দিৰা আৰক্ষী চকীৰ সন্মিলিত প্ৰচেষ্টাত এই বৰ্বৰ কাণ্ডৰ স’তে জড়িত থকাৰ সন্দেহত দুজনক ইতিমধ্যে আটক কৰা হয়। অৱশ্যে তাৰে এজন ৰাজসাক্ষী বুলিও জানিব পৰা গৈছে। স্মৰ্তব্য যে যোৱা ৩ জুলাইত মন্দিৰা এন চি অঞ্চলত সংঘটিত হৈছিল এই বৰ্বৰোচিত, নিদাৰুণ কাণ্ড | বকো আৰক্ষী আৰু বন বিভাগৰ এই ঘটনা সন্দৰ্ভত অভিযান অব্যাহত আছে আৰু আটক দুয়োকো নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে সোধা-পোছাৰ বাবে জিম্মাত লোৱা বুলিও বিশেষ সূত্ৰে প্ৰকাশ | আটক কৰা দুজন ইনামূল হক আৰু আবুবক্কাৰ ছিদ্দিক বুলি জানিব পৰা গৈছে | স্মৰ্তব্য যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টিৰ প্ৰাৰম্ভতে এজনক ঐ আছাদুল বুলি কোনোবাই চিঞৰি থকাও সুস্পষ্টকৈ শুনা গৈছে আৰু আন একাংশই বানত ককবকাই থকা পশুটিক নামাৰিবলৈ বাৰে বাৰে কৈ থকাও শুনা যায় | এতিয়া প্ৰশ্ন হয়- কোন এই আছাদুল ? এই বৰ্বৰ কাণ্ডৰ স’তে আৰু কোন কোন জড়িত থাকিব পাৰে ? আৰক্ষী আৰু বন বিভাগে তদন্তৰ যোগেদি আটক কৰিবলৈ সক্ষম হ’বনে এই কু-কাৰ্যৰ স’তে জড়িত দুষ্ট চক্ৰক ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like