নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ হাতীবন্ধা গাঁৱৰ ৰাইজৰ পশুপ্ৰেমৰ সুন্দৰ নিদৰ্শন

🔹 পহু উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক

নিয়মীয়া বাৰ্তা, ৭ জুলাই : ৰূপহীহাটৰ হাতীবন্ধাৰ ৰাইজে দেখুৱালে পশুপ্ৰেমৰ সুন্দৰ নিদৰ্শন। প্ৰথমটো বানৰ কবলত পৰিছে লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ৷ বানে অভয়াৰণ্যৰ প্ৰাণীকুললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ যোৱানিশা অভয়াৰণ্যৰ পৰা এটা প্ৰকাণ্ড পহু পানীত উটি যায় বৰঘুলিৰ হাতীবন্ধাত৷ পহুটো হাতীবন্ধাৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি পানীৰ পৰা পহুটো উদ্ধাৰ কৰি লাওখোৱা বন বিভাগক খবৰ দিয়ে ৷ ঘটনাস্থলীত লাওখোৱা বন বিভাগৰ লোক উপস্থিত হৈ পহুটো উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যৰ ওখ ঠাইত মুকলি কৰি দিয়ে ৷ এতিয়ালৈকে অভয়াৰণ্যৰ পৰা বানত উটি যোৱা ৮টাকৈ পহু ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like