আজি ৩ ছেপ্টেম্বৰ : জানক দিনটোৰ ৰাশিফল

ভাদ মাহৰ ১৭ তাৰিখ
মঙলবাৰঃ তিথি–অমাৱস্যা, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ নাই

মেষঃ মাটি–বাৰী ধন লাভৰ যোগ৷ নতুন বন্ধুক লগ পাব৷ শাৰীৰিক বিষ বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

বৃষঃ ঘৰ–দুৱাৰ উন্নতিৰ চিন্তা, দাম্পত্যত বিশৃংখলা, ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি৷ ভ্রমণত মধ্যম৷ মেৰুণ শুভৰং, শুভ সংখ্যা ৯৷

মিথুনঃ কর্মস্থানত উন্নতি, শত্রু বৃদ্ধি হ’ব৷ শৰীৰৰ উন্নতি হ’ব৷ ব্যয় বৃদ্ধি৷ আপোনাৰ কথাত আনক কষ্ট দিবপাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

কর্কটঃ সামাজিক স্থিতি উন্নতি, লগ বন্ধুৰপৰা হানি হ’ব পাৰে, নিজক ব্যস্ত কৰি ৰাখক৷ নীলা ৰং শুভ, শুভ সংখ্যা ৪৷

সিংহঃ বন্ধুৰ সংখ্যা বৃদ্ধি পাব৷ ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক, সোচৰা ব্যক্তিয়ে আমনি কৰিব৷ কর্মত উন্নতি, সোণালী শুভ ৰং, শুভ সংখ্যা ৩৷

কন্যাঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব৷ মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব৷ ভ্রমণত মধ্যম৷ নীলা ৰং শুভ, শুভ সংখ্যা ৭৷

তুলাঃ চিঙা বা ফটা বস্ত্র পৰিধান নকৰিব, মানসিক শক্তি উন্নত স্থান পাব৷ গণেশক পূজা কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

বৃশ্চিকঃ কর্মত উন্নতিৰ যোগ৷ দূৰণি সংবাদে আনন্দিত দিব৷ কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

ধনুঃ সততাত আনে আঘাত কৰিবপাৰে, কর্মস্থান নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব, শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

মকৰঃ নতুন ফার্মত তৎপৰতা বাঢ়িব৷ গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব৷ শত্রুৰ ষড়যন্ত্রত ব্যর্থ হ’ব৷ গোলপীয়া শুভ ৰং, সংখ্যা ৫৷

কুম্ভঃ নতুন কর্ম সংস্থাপনৰ যোগ৷ কর্মত উন্নতিৰ যোগ৷ মূৰৰ বিষত কষ্ট পাব পাৰে, বিশ্বাসযোগ্যতা বৃদ্ধি পাব, শুভ ৰং বাদামী, শুভ সংখ্যা ৩৷

মীনঃ ৰাজনৈতিক ক্ষেত্রত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি কথাই মনত কষ্ট দিব৷ শুভ ৰং বগা শুভ সংখ্যা ৪৷

Featured