নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জুলাই, আহাৰ মাহৰ ২২ তাৰিখ
দেওবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ

মেষ : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷

বৃষ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়যোগে আর্থিক দিশত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মিথুন : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভ। আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷

কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

সিংহ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

কন্যা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ শাৰীৰিক ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

তুলা : আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধু ভাব দুর্বল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ১৷

ধনু : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ দাম্পত্যত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

মকৰ : কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ বিদ্যাত শুভাশুভ ফল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

কুম্ভ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৫৷

মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ২৷

You might also like