নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা বাৰপূজীয়াত সাংবাদিক, আৰক্ষী, স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা হাইস্কুল শিক্ষক সংস্থাৰ

নিয়মীয়া বাৰ্তা, ২৯ মে’: সমগ্ৰ দেশজুৰি চলি আছে মহামাৰী ক’ৰোণা ভাইৰাছৰ আতংক। এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ দেশত চলিছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন। দেশৰ লগতে অসমতো চলিছে এই ক’ৰোণাক প্ৰতিৰোধৰ তীব্ৰ সংগ্ৰাম। এক কথাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মূখ্যত কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু একাংশ চৰকাৰী বিষয়াৰ অশেষ কষ্টৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ক’ৰোণা আক্ৰান্ত সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে গণ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

এই কাৰ্যত অহৰ্নিশে নিজৰ দ্বায়িত্ব পালন তথা মানৱ সেৱাত নিজকে অৰ্পণ কৰিছে অসম আৰক্ষী, স্বাস্থ্যকৰ্মী আৰু সংবাদকৰ্মী সকলো। কিন্তু যিটো সময়ত চৰকাৰৰ আহ্বান মৰ্মে ভয়ানক ক’ৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণ ঘৰতে আৱদ্ধহৈ থাকিব লগা হৈছে, তেনে সময়তে আৰক্ষী বাহিনী, স্বাস্থ্যকৰ্মী আৰু সংবাদকৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ৰোণা আক্ৰান্ত ৰোগীক শুশ্ৰষা কৰা আৰু অতি বিপদজনক অৱস্থাত ডাঁৰৰ বাতৰি ডাঁৰে জনসাধাৰণক যোগান ধৰি আহিছে। তেওঁলোকৰ এই শ্ৰমক সন্মান জনাই আজি নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাই এইসকল কভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন কৰে।

নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাই গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে জিলা সমিতিৰ অন্তৰ্গত ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আজি বাৰপূজীয়াত চৈধ্য গৰাকীলোকক সন্মান জনাই। নগাঁও জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিনয় নাথে আঁত ধৰা অনুষ্ঠানটিত ৰহাৰ স্থানীয় সাংবাদিক বুলন চন্দ্ৰ নাথ, দিব্যজ্যোতি বৰঠাকুৰ, ভৱজ্যোতি ডেকা, বাৰপূজীয়াৰ স্থানীয় সাংবাদিক প্ৰদীপ ডেকাৰ লগতে স্বাস্থ্যকৰ্মী ডাঃ লক্ষীধৰ দাস, ৰুণু শইকীয়া, ঝৰ্ণা দে, জৰ্জিনা বেগম, আৰক্ষী কে কে শৰ্মা, যুগমোহন বৰদলৈ, ৰাজু দাস, বাবু পাটৰ, জ্যোতি কাকতিক আৰু বাৰপূজীয়াৰ বাতৰি কাকত এজেন্সীৰ স্বত্বাধিকাৰী ৰূপন শইকীয়াক সমিতিয়ে গামোচা আৰু একোখনকৈ প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত ৰহা আঞ্চলিক সমিতিৰ সভাপতি দিপু দাস, সাধাৰণ সম্পাদক বিতুমনি শৰ্মা, কাৰ্যবাহী সদস্য কীৰ্তিকমল শইকীয়া আদি উপস্থিত আছিল।

উল্লেখ্য যে, মহামাৰী কভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে কৰ্মৰত লোকসকলক এনেদৰে উৎসাহিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

You might also like