গুৱাহাটীত চাইকেল ট্ৰেক নির্মাণ

গড়কাপ্টানী বিভাগৰ প্রশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ গুৱাহাটীৰ ৰাজপথত যান–বাহনৰ সমানে সমানে চাইকেল চলাই যান–জঁটত অতিষ্ঠ হোৱাসকলৰ বাবে সুখবৰ ৷ বিশেষকৈ চাইকেল আৰোহীসকলৰ বাবে এই ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে ৰাজ্যৰ গড়কাপ্টানী বিভাগে ৷ প্রথমবাৰৰ বাবে গুৱাহাটীত নির্মাণ কৰা হৈছে চাইকেল ট্ৰেক (চাইকেল পথ) ৷ কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ সাওকুছি হৈ এই চাইকেল ট্ৰেক সংলগ্ন হৈছে লখৰা সংযোগী পথত ৷ ইতিমধ্যে এই চাইকেল ট্ৰেকেৰে নিতৌ পুৱা আৰু সন্ধিয়া চাইকেল চলাই আনন্দ লৈছে একাংশ লোকে ৷ তদুপৰি এই চাইকেল ট্ৰেকৰ কাষতে নির্মাণ কৰা হৈছে এখন আটকধুনীয়া দলং ৷ পথৰ কাষতে ৰোপণ কৰা হৈছে গছপুলি, ফুলৰ পুলি ৷ পাইলট প্রজেক্টৰ অংশ হিচাপে প্রথমবাৰৰ বাবে গুৱাহাটীত গড়কাপ্টানী বিভাগে লৈছে এই অভিনৱ পদক্ষেপ ৷ যি পদক্ষেপক আদৰণি জনাইছে কাহিলিপাৰাৰ একাংশ লোকে ৷ লক্ষণীয় যে এই পাইলট প্রজেক্টক যদিহে গুৱাহাটীবাসীয়ে আঁকোৱালি লয়, তেন্তে শীঘ্রে মহানগৰীৰ আন আন প্রান্ততো নির্মাণ কৰা হ’ব চাইকেল ট্ৰেক ৷ গড়কাপ্টানী বিভাগে দিয়া এই সুৱর্ণ সুযোগ গ্রহণ কৰি গুৱাহাটীবাসীয়ে চাইকেল চলাই সুস্থ শৰীৰ গঢ়ি তোলাৰ লগতে এখন প্রদুষণমুক্ত মহানগৰী গঢ়ি তোলাৰ ক্ষেত্রত আগভাগ লওক ৷ তাৰে কামনা কৰিছে কাহিলিপাৰাবাসীয়ে ৷

Featured
Comments (0)
Add Comment