নামিবিয়াৰ দুর্ভিক্ষ

দুর্ভিক্ষ–অনাহাৰে বিশ্বৰ বিভিন্ন দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ হর্ন অৱ আফ্রিকাখ্যাত কেইবাখনো দেশত জলবায়ু পৰিঘটনা এল নিন’ৰ প্রভাৱত ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দীর্ঘদিন ধৰি অনাবৃষ্টিৰ ফলত আফ্রিকাৰ এই দেশসমূহৰ বহু নদী শুকাই গৈছে৷ অৰণ্যসমূহ জ্বলি গৈছে৷ বহু পশুৰ অকাল মৃত্যু হৈছে৷ একালত সেউজ অৰণ্যই যি দেশবোৰত পশু–পক্ষীক জীয়াই থকাৰ বাবে খাদ্য ওপচাই দিছিল, সেই অৰণ্যবোৰ এতিয়া বৃক্ষহাৰা মৰুভূমিত পৰিণত হৈছে৷ ইয়াৰ ফলত অকল অৰণ্য অঞ্চলৰ পশু–পক্ষীয়েই যে মৃত্যুমুখত পৰিছে তেনে নহয়, জলচৰ জীৱ–জন্তু তথা উদ্ভিদৰো অকাল বধৰ কাৰণ হৈ পৰিছে এই ভয়াৱহ অনাবৃষ্টি৷ ইফালে, এই দেশসমূহত পানীৰ অভাৱত কৃষিকার্য সুকলমে আগবঢ়াই নিবলৈ সক্ষম হোৱা নাই কৃষকসকলে৷ পৰিণতিত ভয়াৱহ খাদ্য সংকটৰ সৃষ্টি হৈছে আফ্রিকাৰ এই দেশসমূহত৷ শেহতীয়াকৈ ভয়ংকৰ খৰাং পৰিস্থিতিৰ বাবেই দুর্ভিক্ষৰ কবলত পৰিছে আফ্রিকান ৰাষ্ট্র নামিবিয়া৷ প্রায় চাৰি দশক পূর্বে স্বাধীনতা লাভ কৰা এই দেশখনত খৰাঙে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে দেশখনত মুঠ জনসংখ্যাৰ আধাসংখ্যকেই খাদ্য সংকটৰ কবলত পৰিছে৷ দিনটোত এমুঠি অন্ন যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই গ্রামাঞ্চলৰ কৃষিজীৱী লোকসকলে৷ এনে পৰিস্থিতিত ভাত আৰু ৰুটীৰ বিকল্প খাদ্য হিচাপে নামিবিয়াত এতিয়া বন্য জীৱ–জন্তুৰ মাংস দুর্ভিক্ষ আক্রান্ত জনসাধাৰণক আগবঢ়াইছে চৰকাৰে৷ আশ্চর্যজনক যেন লাগিলেও দেশখনৰ বন আৰু পর্যটন মন্ত্রণালয়ে এই খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিশালদেহী বন্য জীৱ–জন্তু বধ কৰি ইয়াৰ মাংস জনসাধাৰণক আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ নামিবিয়া চৰকাৰে ঘোষণা কৰা অনুসৰি ৭২৩টা বিশালদেহী জন্তু হত্যাৰ ক্ষেত্রত ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই জন্তুবোৰৰ মাংস ক্ষুধাতুৰ জনসাধাৰণক অর্পণ কৰা হ’ব৷ দেশৰ ক্রমবর্ধমান খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ এখন দেশৰ চৰকাৰে এনে সিদ্ধান্ত গ্রহণ কৰাটো নজিৰবিহীন ঘটনা৷ খৰাং পৰিস্থিতিৰ বাবে কৃষিকার্য বাধাগ্রস্ত হোৱাৰ উপৰি দেশখনৰ খাদ্য শস্যৰ ভাণ্ডাৰ টুটি আহিছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদনতো নামিবিয়াৰ পৰিস্থিতিক লৈ আশংকা প্রকাশ কৰা হৈছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ শেহতীয়া প্রতিবেদন অনুসৰি নামিবিয়াৰ মুঠ জনসংখ্যাৰ আধাসংখ্যকেই এতিয়া খাদ্য সংকটৰ সন্মুখীন হৈছে৷
খাদ্য সংকটৰ মোকাবিলা কৰিবলৈ বিশালদেহী জন্তু বধ কৰাৰ চৰকাৰী সিদ্ধান্ত লোৱাৰ অন্তৰালত অন্য এটা কাৰণো নিহিত হৈ আছে৷ দেশখনত মানুহকেই খাদ্য যোগান ধৰিব পৰা নাই চৰকাৰে৷ এনে পৰিস্থিতিত বন্য জীৱ–জন্তুসমূহক পর্যাপ্ত খাদ্য প্রদান কৰাটো অধিক জটিল হৈ পৰিছে৷ গতিকে প্রাৰম্ভিক কার্যসূচী হিচাপে ৭২৩টা বিশালদেহী জন্তু বধৰ ক্ষেত্রত অনুমোদন জনাইছে চৰকাৰে৷ এই জীৱ–জন্তুসমূহৰ ভিতৰত আছে হাতী, জলহস্তী, ম’হ, জেব্রা, হৰিণ (ইম্পালা), জিৰাফ আদি৷ প্রাৰম্ভিকভাৱে ৩০টা জলহস্তী, ৬০টা বনৰীয়া ম’হ, ৫০টা হৰিণ, ৩০০টা জেব্রা, ৮৩টা হাতী বধ কৰি এই জন্তুবোৰৰ মাংস ক্ষুধিত জনসাধাৰণক প্রদান কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইতিমধ্যে মাংগেট্টি অঞ্চলত ১৫৭টা প্রাণী বধ কৰা হৈছে৷ পেছাদাৰী চিকাৰীসকলৰ জৰিয়তে ৰাষ্ট্রীয় উদ্যান আৰু ইয়াৰ সমীপৱর্তী অৰণ্যত এই জন্তুবোৰক বধ কৰা হৈছে৷ এই জন্তুবোৰৰ পৰা ৫৬,৮৭৫ কিলোগ্রাম মাংস সংগ্রহ কৰি ক্ষুধিত লোকক ভাত আৰু ৰুটীৰ বিকল্প হিচাপে প্রদান কৰা হৈছে৷ বাকী জন্তুবোৰ শীঘ্রেই বধ কৰা হ’ব বুলি ঘোষণা কৰিছে নামিবিয়াৰ পৰিৱেশ মন্ত্রণালয়ে৷ এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন অকল নামিবিয়াই নহয়, আফ্রিকাৰ কেইবাখনো হ’বলগীয়া হৈছে৷ লেটিন আমেৰিকাৰ পেৰুৰ পৰা প্রশান্ত মহাসাগৰত আৰম্ভ হোৱা উষ্ণ জলস্রোত এল নিন’ৰ প্রভাৱত আফ্রিকাৰ বিভিন্ন দেশ ভয়াৱহ খৰাঙৰ সন্মুখীন হৈছে৷ ইফালে, এই একেই জলবায়ু পৰিঘটনাৰ বাবে লেটিন আমেৰিকাৰ দেশসমূহ অতিবৃষ্টিৰ সন্মুখীন হৈছে৷ দুয়োটা কাৰকে বিশ্বৰ বিভিন্ন দেশত সৃষ্টি কৰিছে খাদ্য সংকট৷ এই জলবায়ু পৰিঘটনা আগন্তুক ১৮ মাহলৈ অব্যাহত থকাৰ সম্ভাৱনা আছে৷ অর্থাৎ বিশ্বৰ বিভিন্ন দেশৰ পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে এই সময়ছোৱাত৷

Featured