আত্মহত্যা প্রতিৰোধী পৰামর্শ
আত্মহনন তথা আত্মহত্যা বিশ্বজুৰি উদ্বিগ্ণতাৰ বিষয়৷ বিভিন্ন কাৰণত প্রতিবছৰে আত্মহননৰ পথ বাছি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এটা তথ্য মতে, প্রতিবছৰে বিশ্বজুৰি সাত লাখতকৈ অধিক লোকে বিভিন্ন কাৰণত আত্মহননৰ পথ বাছি লয়৷ সাধাৰণ জনতাৰ মাজত আত্মহত্যাৰ পদক্ষেপ একক ৰূপত বিপজ্জনক কাৰক৷ ভয়াৱহ যে আত্মহত্যা কৰা লোক ১৯ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত সর্বাধিক৷ অর্থাৎ মৃত্যুৰ চতুর্থ প্রধান কাৰক এই আত্মহননৰ যুৱপ্রজন্মৰ লোক চিকাৰ হৈ আহিছে৷ উচ্চ আয় আৰু উন্নত দেশত আত্মহত্যা আৰু মানসিক বিকাৰৰ মাজত সম্পর্ক অধিক চর্চিত যদিও বিশ্বৰ কম আৰু মধ্য আয়ৰ দেশত আত্মহননৰ হাৰ অধিক৷ কম আৰু মধ্য আয়ৰ দেশত বিশ্বজুৰি আত্মহত্যাৰ ৭৭ শতাংশই সংঘটিত হৈ আছে৷ উচ্চ আয়ৰ দেশত হতাশা, মদ্যপানৰ বিকাৰেই আত্মহত্যাৰ প্রধান কাৰণ হিচাপে চিহ্ণিত হৈছে৷ জীৱনত চলি থকা চাপ–বোজা–উত্তেজনা বিশেষকৈ বিত্তীয় সমস্যা, সম্পর্কত ভাঙোন অথবা শাৰীৰিক অসুস্থতা আদিৰ সৈতে মোকাবিলা কৰিবলৈ অপাৰগ হৈয়ে আত্মহননৰ পথ বাছি ল’বলগীয়াত পৰে৷ তদুপৰি সংঘাত, দুর্যোগ, হিংসা, নির্যাতন বা বিভিন্ন কাৰণত ক্ষতিৰ সন্মুখীন হোৱা আৰু বিচ্ছিন্নতাৰ অনুভূতিয়ে আত্মহত্যাৰ আচৰণৰ সৈতে জড়িত হৈ থাকে৷ বৈষম্যৰ বলি হোৱা দুর্বল গোট, বিশেষকৈ শৰণার্থী আৰু প্রব্রজনকাৰীৰ মাজত আত্মহননৰ হাৰ বেছি৷ খিলঞ্জীয়া জনগোষ্ঠী, সমকামী, এলজিবিটিআই, ট্রেন্সজেণ্ডাৰ আৰু কাৰাবন্দীৰ মাজতো আত্মহননৰ প্রৱণতা অধিক৷ সাধাৰণতে আত্মহননৰ ঘটনাবোৰত আত্মহত্যাকাৰীৰ কীটনাশক সেৱন, ফাঁচি আৰু আগ্নেয়াস্ত্রৰ দ্বাৰা নিজকে সমাজৰ পৰা চিৰদিনৰ বাবে আঁতৰাই নিয়া ঘটনা সংঘটিত হয়৷ তথ্য মতে, বিশ্বত সংঘটিত আত্মহত্যাৰ প্রায় ২০ শতাংশই কীটনাশক সেৱন কৰি আত্মহননৰ পথ বাছি লয়৷ ইয়াৰে অধিকাংশই কম আৰু মধ্য আয়ৰ দেশৰ গ্রাম্য কৃষিপ্রধান অঞ্চলত সংঘটিত হয়৷ আত্মহত্যা হৈছে জনস্বাস্থ্যৰ এক গুৰুতৰ সমস্যা৷
ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ই আত্মহত্যা প্রতিৰোধৰ বাবে লিভ লাইভ পদ্ধতিৰ মূল ফলপ্রসূ প্রমাণভিত্তিক হস্তক্ষেপৰ পৰামর্শ আগবঢ়াইছে৷ আত্মহত্যা প্রতিৰোধ আৰু নিয়ন্ত্রণৰ বাবে জনসংখ্যা আৰু ব্যক্তিগত পর্যায়ত কেইবাটাও ব্যৱস্থা গ্রহণৰ ওপৰত প্রাধান্য দিছে৷ আত্মহত্যাৰ উপায় যেনে- কীটনাশক, আগ্নেয়াস্ত্র আৰু কিছুমান ঔষধৰ সুবিধা সীমিত কৰা, আত্মহত্যাৰ দায়িত্বশীল বাতৰি প্রকাশৰ বাবে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰা, কিশোৰ–কিশোৰীৰ আর্থ–সামাজিক জীৱন দক্ষতাক উজ্জীৱিত কৰাৰ লগতে আত্মহত্যাৰ প্রৱণতাৰ ব্যক্তিক আগতীয়াকৈ চিনাক্ত কৰি তেনে ব্যক্তিক পৰিচালনা কৰা আদি৷ আত্মহত্যা প্রতিৰোধৰ ক্ষেত্রত স্বাস্থ্যখণ্ড আৰু অন্যান্য খণ্ড বিশেষকৈ শিক্ষা, শ্রম, কৃষি–বাণিজ্য, ন্যায়, আইন, প্রতিৰক্ষা, ৰাজনীতি, সংবাদ মাধ্যমকে ধৰি সমাজৰ নেতৃস্থানীয় খণ্ডৰ মাজত সমন্বয় আৰু সহযোগিতাৰ প্রয়োজন আছে৷ এই খণ্ডসমূহৰ জৰিয়তে পৰিস্থিতি বিশ্লেষণ, বহুমাত্রিক সহযোগিতা, সজাগতা বৃদ্ধি, সমর্থ বিকাশ, বিত্তীয় সাহায্য, চোৱাচিতা আৰু নিৰীক্ষণ মূল্যায়নত গুৰুত্ব দিব লাগিব৷ এই প্রচেষ্টাসমূহ ব্যাপক আৰু সংহত হ’ব লাগিব৷ কিয়নো আত্মহত্যাৰ দৰে জটিল বিষয় এটা কেৱল এটা পদ্ধতিৰে প্রভাৱ পেলাব নোৱাৰে৷ বিশ্বৰ মাত্র কেইখনমান দেশতহে আত্মহত্যা প্রতিৰোধক অগ্রাধিকাৰ দিয়া হয়৷ ৩৮খন দেশত ৰাষ্ট্রীয় আত্মহত্যা প্রতিৰোধ কৌশল আছে৷ মাত্র ৮০খন দেশতহে আত্মহত্যাৰ সঠিক তথ্য আৰু পঞ্জীয়নৰ সুবিধা আছে৷ এনে দেশো আছে, য’ত আত্মহত্যাৰ কোনো পঞ্জীয়নৰ ব্যৱস্থা নাই৷ আত্মহত্যাক জনস্বাস্থ্যৰ গুৰুতৰ সমস্যা ৰূপত প্রাধান্য দি বিশ্ব স্বাস্থ্য সংস্থাই ২০১৪ চনত প্রথমখন বিশ্বৰ আত্মহত্যা প্রতিবেদন– ‘আত্মহত্যা প্রতিৰোধ : এটা বিশ্বব্যাপী আৱশ্যকতা’ শীর্ষক প্রকাশ কৰি বিশ্বৰ স্বাস্থ্য কার্যসূচীত আত্মহত্যা প্রতিৰোধক গুৰুত্ব আৰোপ কৰা হৈছে৷ আত্মহত্যা প্রতিৰোধৰ বাবে ব্যাপক আৰু শক্তিশালী পদক্ষেপ গ্রহণৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্য কার্য পৰিকল্পনা ২০১৩–৩০ৰ ৰাষ্ট্রসমূহক ২০৩০ চনৰ ভিতৰত দেশসমূহত আত্মহত্যাৰ হাৰ এক তৃতীয়াংশ হ্রাস কৰাৰ বাবে পৰামর্শ আগবঢ়াই প্রতিশ্রুতিবদ্ধ কৰিছে৷ আত্মহত্যা প্রতিৰোধ কৰিবলৈ আত্মহত্যা আৰু আত্মহননৰ চেষ্টাক বিফল কৰিবলৈ উন্নত নিৰীক্ষণৰ প্রয়োজন৷ প্রতিখন দেশত আত্মহত্যা সম্পর্কীয় তথ্যৰ সঠিক মূল্যায়ন, গুণগত মানত গুৰুত্ব দিব লাগিব৷ এই কথাত প্রাধান্য দিব লাগিব যে আত্মহত্যা জনস্বাস্থ্যৰ এক গভীৰ সমস্যাৰূপে চিহ্ণিত কৰি সজাগতা বৃদ্ধিত সকলোৱে গুৰুত্ব দিয়ক৷