নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰিটেইনৰ নিৰ্বাচনী ফলাফলত হাউছ অৱ কমনছলৈ নিৰ্বাচিত ২৮ ভাৰতীয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুলাইঃ ব্ৰিটেইনত অনুষ্ঠিত নিৰ্বাচনত ভাৰতীয় মূলৰ অভিলেখসংখ্যক ২৮জন লোক সাংসদ হিচাপে নিৰ্বাচিত হৈছে। কালি ব্ৰিটেইনৰ নিৰ্বাচনৰ ফলাফল ওলাইছে, য’ত ঋষি সুনাকৰ কনজাৰ্ভেটিভ পাৰ্টীয়ে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। এই নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে জয়লাভ কৰি ৪০০ৰো অধিক আসন লাভ কৰিছে। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে লেবাৰ পাৰ্টিৰ কেইৰ ষ্টাৰমাৰ। জেৰেমি কৰ্বিনৰ ঠাইত ২০২০ চনত লেবাৰ পাৰ্টীৰ নতুন নেতা হিচাপে নিৰ্বাচিত হয় ষ্টাৰমাৰ। ব্ৰিটেইনত জয়ী হোৱা ভাৰতীয় মূলৰ ২৮জন সাংসদৰ ভিতৰত অভিলেখ ১২জন সদস্য শিখ সম্প্ৰদায়ৰ পৰা আহিছে। ইয়াৰ ভিতৰত হাউছ অৱ কমনছলৈ নিৰ্বাচিত হোৱা ছয়গৰাকী মহিলাও অন্তৰ্ভুক্ত। বিজয়ী শিখ সাংসদসকল লেবাৰ পাৰ্টিৰ। ইয়াৰে ৯জন সাংসদ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে তৃতীয়বাৰৰ বাবে জনসাধাৰণে সুযোগ দিয়া দুজন সাংসদ আছে। একেদৰে দ্বিতীয়বাৰৰ বাবে হাউছ অৱ কমনছলৈ যোৱাৰ সুযোগ পাইছে শিখৰ এগৰাকী সাংসদে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি শিখ সাংসদ প্ৰীত কৌৰ গিল আৰু তনমনজিৎ সিং ধেচিয়ে তৃতীয়বাৰৰ বাবে লেবাৰ পাৰ্টিৰ টিকটত ক্ৰমে বাৰ্মিংহাম এডগবাষ্টন আৰু স্ল’ত জয়লাভ কৰে। নটিংহাম ইষ্টৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে নাদিয়া হুইটমে। ২০১৯ চনত যেতিয়া হুইটম প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল, তেতিয়া ২৩ বছৰ বয়সত তেওঁ হাউছ অৱ কমনছৰ আটাইতকৈ কম বয়সীয়া সাংসদ আছিল। নাদিয়াই নিজকে কেথলিক শিখ বুলি পৰিচয় দিয়ে। কিৰিথ আহলুৱালিয়া নামেৰেও পৰিচিত কিৰিথ এণ্টুইষ্টলে বোল্টন নৰ্থ ইষ্টৰ সাংসদ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ডাডলী সংসদীয় আসনৰ পৰাও প্ৰথমগৰাকী মহিলা সাংসদ হিচাপে পৰিগণিত হৈছে ছোনিয়া কুমাৰ। একেদৰে হাডাৰ্ছফিল্ডৰ সংসদীয় আসনত জয়ী হৈ হৰপ্ৰীত কৌৰ উপ্পলও প্ৰথমবাৰৰ বাবে সাংসদ হৈ পৰিছে। শিখ সাংসদৰ ক্ষেত্ৰত কানাডা ১৮ সাংসদেৰে প্ৰথম স্থানত আছে, আনহাতে ব্ৰিটেইন দ্বিতীয় স্থানত আছে ১২জন সাংসদেৰে। ইয়ৰ্কশ্বাৰৰ ৰিচমণ্ড এণ্ড নৰ্থালাৰটন সমষ্টিত জয়লাভ কৰে ঋষি সুনাকে। কনজাৰ্ভেটিভ পাৰ্টীৰ ভাৰতীয় মূলৰ যিসকল সাংসদে জয়ী হৈছে তেওঁলোকৰ ভিতৰত তেওঁ অন্যতম। কনজাৰ্ভেটিভ পাৰ্টিৰ নেত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী ছুৱেলা ব্ৰেভাৰমেন আৰু প্ৰীতি পেটেল আৰু সুনাকৰ গোৱা মূলৰ কেবিনেট সহযোগী ক্লেয়াৰ কৌটিনহ’ইও নিজৰ নিজৰ আসনত জয়লাভ কৰে। গগন মহিন্দ্ৰাই পশ্চিম হাৰ্টফোৰ্ডশ্বাইৰৰ পৰা আৰু শিৱানী ৰাজাই লেইচেষ্টাৰ ইষ্টৰ পৰা জয়লাভ কৰিছে।

You might also like