ইউএছ অ’পেনৰ পৰা বাহিৰ ডিফেণ্ডিং চেম্পিয়ন ন’ভাক জ’কভিচ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ আগষ্টঃ ২০২৪ চনৰ ইউ এছ অ’পেনত ডিফেণ্ডিং চেম্পিয়ন ন’ভাক জ’কভিচে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। তৃতীয় ৰাউণ্ডত তেওঁ ইউ এছ অ’পেনৰ পৰা বাহিৰ হয়। জ’কভিচৰ পৰাজয় হয় এলেক্সী পপিৰিনৰ হাতত। ইউ এছ অ’পেনৰ এইটোৱেই আছিল দ্বিতীয়টো ডাঙৰ ঘটনা। ইয়াৰ পূৰ্বে স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজো প্ৰতিযোগিতাখনৰ তৃতীয় ৰাউণ্ডৰ পৰা আঁতৰি আছিল। ৩০ আগষ্টত আৰ্থাৰ এশ্বে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত জ’কভিচে অষ্ট্ৰেলিয়াৰ এলেক্সী পপিৰিনৰ বিৰুদ্ধে ৪-৬, ৪-৬, ৬-২, ৪-৬ ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই খেলখন এঘণ্টা ১৯ মিনিট ধৰি চলিছিল। নভাকক ২৮নং ছিড খেলুৱৈৰ হাতত পৰাস্ত কৰা হৈছিল। এই পৰাজয়ৰ লগে লগে জ’কভিচৰ ২৫সংখ্যক গ্ৰেণ্ডশ্লেম জয়ৰ সপোন ছিন্নভিন্ন হৈ পৰিল। এই পৰাজয়ৰ লগে লগে ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে জ’কভিচে কোনো গ্ৰেণ্ডশ্লেম নোহোৱাকৈয়ে বছৰটো শেষ কৰিব। ১৬ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে জ’কভিচে ইউ এছ অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে।

Featured