পাকিস্তান ক্ৰিকেট দল নিৰ্বাচনত এতিয়াৰে পৰা AIৰ ব্যৱহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ আগষ্টঃ পাকিস্তান ক্ৰিকেট দলৰ পৰিস্থিতিৰ উন্নতি হোৱা নাই। শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্রথমখন খেলত দলটোৱে ১০ উইকেটত পৰাস্ত হৈছিল৷ দলীয় খেলুৱৈসকলৰ পৰা অতি দুৰ্বল প্ৰদৰ্শন দেখা গৈছিল। এতিয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এআই (Artificial Intelligence)ৰ সহায়ত দলৰ পৰা খেলুৱৈসকলক বাদ দিয়াৰ সিদ্ধান্ত লৈছে। ধৰি লওক এতিয়া এআইয়ে ভাল আৰু বেয়া প্ৰদৰ্শন কৰা খেলুৱৈৰ ওপৰত চকু ৰাখিব। এই পৰিকল্পনা সন্দৰ্ভত প্ৰকাশ কৰে ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে। তেওঁ কয় যে শেহতীয়াকৈ ঘৰুৱা প্ৰতিযোগিতাখনৰ বাবে ১৫০জন খেলুৱৈক নিৰ্বাচিত কৰা হৈছে, য’ত এআইৰ সহায়ত ৮০ শতাংশ খেলুৱৈক নিৰ্বাচিত কৰা হৈছে আৰু বাকী ২০ শতাংশ খেলুৱৈক মানুহৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছে। সংবাদমেলত মহছিন নাকৱীয়ে কয় যে ঘৰুৱা প্ৰতিযোগিতাখনৰ চেম্পিয়নছ কাপত খেলা খেলুৱৈসকলক এআই ব্যৱহাৰ কৰি মূল্যায়ন কৰা হ’ব। বেয়া প্ৰদৰ্শন কৰা খেলুৱৈক বাদ দিয়া হ’ব। ইয়াত কাৰো ব্যক্তিগত মতামত অন্তৰ্ভুক্ত হ’ব নালাগে। তেওঁ কয়, “ছেপ্টেম্বৰ মাহত চেম্পিয়নছ কাপৰ অন্ত পৰিব আৰু তাৰ পিছত সকলোৰে অভিলেখ গঢ়িব। যাৰ প্ৰদৰ্শন ভাল নহয় তেওঁক লগে লগে বাহিৰ কৰি দিয়া হ’ব। ই কাৰো ব্যক্তিগত মতামত আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।” নিৰ্বাচিত ১৫০জন খেলুৱৈৰ সন্দৰ্ভত পিচিবিৰ অধ্যক্ষগৰাকীয়ে কয় যে নিৰ্বাচিত হোৱা ১৫০গৰাকী খেলুৱৈৰ ভিতৰত ৮০ শতাংশ এআই আৰু ২০ শতাংশ মানুহ ব্যৱহাৰ কৰা হৈছে। আমি আমাৰ বাছনি সমিতিখনক প্ৰায় ২০ শতাংশ গুৰুত্ব দিছো।

Featured