পাকিস্তানৰ ড্রেছিং ৰুমত মাৰপিট মাছুদ–শ্বাহিন আফ্রিদীৰ

🔹 তাৰকা বেটাৰ মহম্মদ ৰিজৱানকো প্রহাৰ

নিউজ ডেস্ক, ৩১ আগষ্ট : পাকিস্তান ক্রিকেট দলৰ বাবে সময় সঁচাকৈয়ে ভাল নহয়৷ ৰাৱালপিণ্ডিত অনুষ্ঠিত প্রথমখন টেষ্টত বাংলাদেশৰ হাতত লজ্জাৰ পৰাজয়ৰ পিছত এইবাৰ পাকিস্তানৰ ড্রেছিং ৰুমত হোৱা বিবাদৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খবৰ অনুসৰি, পাকিস্তানৰ ড্রেছিং ৰুমত দলটোৰ অধিনায়ক শ্বান মাছুদ আৰু তাৰকা পেচ বলাৰ শ্বাহিন শ্বাহ আফ্রিদীৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ কেৱল সেয়াই নহয়, দুই সতীর্থৰ কাজিয়া ৰখাবলৈ যোৱা তাৰকা বেটাৰ মহম্মদ ৰিজৱানকো প্রহাৰ কৰে শ্বান মাছুদ আৰু শ্বাহিনে৷ প্রথমখন টেষ্টত বাংলাদেশৰ হাতত পৰাজয়ৰ পিছত এই কাজিয়া সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই ঘটনাটো সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই পাকিস্তান ক্রিকেট ব’র্ডে৷ খবৰ অনুসৰি অধিনায়ক শ্বান মাছুদৰে হোৱা বিবাদৰ বাবেই শুকুৰবাৰৰ পৰা ৰাৱালপিণ্ডিত বাংলাদেশৰ বিপক্ষে অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন টেষ্টত পাকিস্তান দলটোৰ মূল একাদশৰ পৰা বাদ দিয়া হৈছে তাৰকা পেচ বলাৰ শ্বাহিন শ্বাহ আফ্রিদীক৷ অৱশ্যে দ্বিতীয়খন টেষ্টৰ পৰা শ্বাহিনক আঁতৰাই ৰখা সন্দর্ভত দলটোৰ বলিং প্রশিক্ষক জেছন গিলেস্পিয়ে কয় যে পাৰিবাৰিক আৰু ব্যক্তিগত কাৰণৰ বাবে শ্বাহিনক টেষ্টখনৰ পৰা বাদ দিয়া হৈছে৷ ইফালে, প্রথম টেষ্টৰ সময়ছোৱাত শ্বান মাছুদ আৰু শ্বাহিনৰ সম্পর্কক লৈও প্রশ্ণ উত্থাপন হৈছিল৷ এটা ভাইৰেল ভিডিঅ’ত শ্বাহিনে খেলপথাৰত দলৰ গোট খোৱাৰ সময়ত শ্বান মাছুদৰ হাতখন কান্ধৰ পৰা আঁতৰাই থকা দেখা গৈছিল৷

Featured