বর্নে দ্বীপৰ ৰাষ্ট্র ব্রুনেইৰ চুলতান বলকিয়াহৰ সম্পত্তি জানো আহক

🔹 ৭,০০০তকৈ অধিক বিলাসী গাড়ী- ৬০০ ৰোলছ ৰইছ, ৪৫০ ফেৰাৰী, ৩৮০ বেণ্টলিসহ বিশ্বৰ সকলো ধৰণৰ বিলাসী গাড়ীৰ মালিক চুলতান

🔹 সোণৰ প্রলেপ থকা ৰোলছ ৰইছ এখন

🔹 চুলতানৰ প্রাসাদত আছে ১,৭০০ কোঠা, ২২ কেৰেট সোণৰ গম্বুজ, ২৫৭টা বাথৰুম, ৫টা ছুইমিং পুল

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : বর্নে দ্বীপত অৱস্থিত ৰাষ্ট্র ব্রুনেই৷ ভাৰতৰ ছিকিম আৰু ত্রিপুৰাতকৈও সৰু৷ তেল আৰু প্রাকৃতিক গেছৰ ভঁৰাল ব্রুনেইৰ চুলতানৰ সম্পত্তি আৰু বিলাসী জীৱন বিশ্বজুৰি চর্চিত৷ ব্রুনেইৰ চুলতান হাজী হাছানল বলকিয়াহৰ সম্পত্তিৰ মূল্য ৩০ বিলিয়ন মার্কিন ডলাৰ৷ বিশ্বৰ বৃহত্তম প্রাসাদৰ গৰাকী চুলতান বলকিয়াহ৷ বিশ্বৰ দামী দামী বিলাসী গাড়ীৰ গৰাকী চুলতান বলকিয়াহ৷ চুলতান বলকিয়াহৰ প্রাসাদটো হৈছে ২ নিযুত বর্গফুট সামৰি নির্মাণ কৰা৷ বিশ্বৰ বৃহত্তম এই প্রাসাদটোত ১,৭০০ কোঠা আছে, ২৫৭টা অত্যাধুনিক সা–সৰঞ্জাম সন্নিৱিষ্ট বাথৰুম আছে, আৰু আছে ৫টাকৈ বিশাল ছুইমিং পুল৷ প্রাসাদৰ গম্বুজ ২২ কেৰেট সোণেৰে নির্মাণ কৰা৷ ১১০টা গেৰেজ থকা প্রাসাদৰ চৌহদত ৭,০০০তকৈ অধিক বিলাসী গাড়ী আছে৷ ৬০০তকৈ অধিক ৰোলছ ৰইছ, ৪৫০ ফেৰাৰী, ৩৮০ বেণ্টলিসহ বিশ্বৰ সকলো ধৰণৰ বিলাসী গাড়ীৰ মালিক চুলতান৷ চুলতানৰ আছে পর্ছে, লেম্বৰগিনি, মেবেছ, জাগুৱাৰ, বিএম ডব্লিউ, মেকলেৰেনকে ধৰি বিশ্বৰ প্রখ্যাত গাড়ী নির্মাতা কোম্পানীৰ বিলাসী বাহন৷ তেওঁৰ গাড়ীৰ মূল্য প্রায় ৩ বিলিয়ন মার্কিন ডলাৰ৷ এই বিলাসী বাহনবোৰৰ লগতে সোণৰ প্রলেপ থকা এখন ৰোলছ ৰইছৰ গৰাকী চুলতান৷ তেনেদৰে তেওঁৰ আছে বয়িং ৭৪৭ বিমান এখন৷ ইষ্টানা নুৰুল ইমান পেলেচ হিচাপে খ্যাত চুলতানৰ বিশ্বৰ বৃহত্তম প্রাসাদটো সকলোৰে বাবে ঈর্ষণীয়৷ এই সম্পত্তিবোৰৰ উপৰি চুলতানৰ আছে এখন ব্যক্তিগত চিৰিয়াখানা৷ য’ত আছে ৩০টা বেংগল টাইগাৰ আৰু বিভিন্ন প্রজাতিৰ চৰাই৷ উল্লেখ্য যে চুলতান বলকিয়াহ হৈছে বিশ্বৰ দ্বিতীয় দীর্ঘকালীন ৰাজত্ব চলোৱা ৰাজপৰিয়ালৰ ব্যক্তি৷

Featured