শাৰীৰিক সম্পৰ্কই কৰে ৰোগ হ্ৰাস, কিদৰে… তেন্তে জানি লওক

আপোনাৰ মেজাজ উন্নত কৰাৰ লগতে মানসিক চাপ কম কৰিব বিচাৰেনে? লগতে যদি আপুনি কেঞ্চাৰ, হৃদৰোগ আৰু অন্যান্য ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ দৰে বহু ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই খবৰটোৱে আপোনাক সহায় কৰিব পাৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে শাৰীৰিক সম্পৰ্কই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা সমাধান কৰিব পাৰে। শাৰীৰিক সম্পৰ্কৰ জৰিয়তে হৃদযন্ত্ৰৰ স্বাস্থ্য অতি ভালে থাকে। আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি যিসকল পুৰুষে সপ্তাহত কমেও দুবাৰকৈ নিজৰ সংগীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, তেওঁলোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। যিসকলে মাহত এবাৰ এই কাম কৰে তেওঁলোকৰ ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শাৰীৰিক সম্পৰ্ক কৰা মহিলাসকলে মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ পৰা সকাহ পায়। শেহতীয়াকৈ Womanider নামৰ এটা কোম্পানীয়ে এটা গৱেষণা চলাইছে, য’ত ৩১ শতাংশ মহিলাই কয় যে শাৰীৰিক সম্পৰ্কৰ দ্বাৰা বিষৰ পৰা সকাহ পোৱা যায়। শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিলে শৰীৰত এণ্ড’ৰ্ফিন নামৰ হৰম’ন এটা প্ৰসাৰিত হয়। যাৰ বাবে ই কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে মানসিক চাপৰ হৰম’নো হ্ৰাস কৰে। ইয়াৰ উপৰি কিছুমান হৰম’ন আছে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ৰাতি শাৰীৰিক সম্পৰ্ক কৰিলে চিষ্টোলিক হৰম’নে বি পিৰ মাত্ৰা হ্ৰাস কৰে। যাৰ বাবে শৰীৰটো ভালে থাকিব। এই বিশেষ ধৰণৰ গৱেষণা প্ৰায় ৩২ হাজাৰ পুৰুষৰ ওপৰত কৰা হৈছিল, য’ত দেখা গৈছে যে এই পুৰুষসকলে মাহত ২১ বাৰতকৈ অধিক বীর্যপাত কৰে, তেওঁলোকৰ মাজত প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পায়। শাৰীৰিক সম্পৰ্ক শৰীৰৰ বাবে একপ্ৰকাৰৰ ব্যায়াম। ইয়াৰ দ্বাৰা আপুনি সতেজ অনুভৱ কৰে। ইয়াৰ কাৰণে শৰীৰত অক্সিট’চিন, প্ৰ’লেক্টিন আৰু এণ্ড’ৰ্ফিন নামৰ হৰম’নৰ মাত্ৰা বৃদ্ধি পায়। যাৰ বাবে আপুনি ভাল টোপনি মাৰিব পাৰিব আৰু শৰীৰটো অতি শিথিল হৈ থাকিব। শাৰীৰিক সম্পৰ্কৰ বাবে হৃদস্পন্দন বৃদ্ধি পায়। ইয়াৰ বাবে মুখৰ জিলিকনি বাঢ়ি যায়। ইয়াৰ ফলত আপোনাৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হয় আৰু মুখৰ ৰং উন্নত হৈ গোলাপী হৈ পৰে।

Featured