মুজাফফৰনগৰত মহিলাক এচিড আক্রমণ : ত্ৰিপুৰাত জ্বলালে ১৭ বছৰীয়া তৰুণীক

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ হায়দৰাবাদ আৰু উন্নাওৰ ধর্ষিতাক জীৱন্তে জ্বলোৱা ঘটনাক লৈ দেশজুৰি উত্তাল পৰিস্থিতি অব্যাহত থকাৰ সময়তে উত্তৰ প্রদেশৰ মুজফফৰনগৰত দেওবাৰে পুনৰ সংঘটিত হৈছে শিহৰণকাৰী ঘটনা ৷

মুজফফৰনগৰত এগৰাকী ৩০ বছৰীয়া মহিলাই চাৰি ধর্ষণকাৰীৰ বিৰুদ্ধে তৰা গোচৰ প্রত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই মহিলাগৰাকীৰ ওপৰত এচিড নিক্ষেপ কৰা হয় ৷ এই ঘটনাত মহিলাগৰাকীৰ শৰীৰৰ ৩০ শতাংশ জ্বলি গৈছে ৷ বর্তমান মীৰাট হাস্পতালত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী ৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি বুধবাৰে নিশাই সংঘটিত হৈছে এই ঘটনা ৷ চাৰিওটা দুর্বৃত্তই মহিলাগৰাকীৰ ঘৰত প্রৱেশ কৰি এচিড নিক্ষেপ কৰে শৰীৰত ৷ এই জঘন্য কাণ্ড সংঘটিত কৰিয়েই চাৰিওটা দুর্বৃত্তই পলায়ন কৰে ৷

ইফালে দেশজুৰি প্রতিবাদ চলি থকাৰ সময়তে শনিবাৰে ত্রিপুৰাত ১৭ বছৰীয়া যুৱতী এগৰাকী কেইবাদিনো ধৰি প্রেমিক আৰু কেইবাজনো যুৱকৰ হাতত ধর্ষণৰ বলি হোৱাৰ পিছত শনিবাৰে নৃশংসভাৱে যুৱতীগৰাকীক জ্বলাই দিয়া হয় ৷ কালি পুৱা আগৰতলাৰ হাস্পতালত শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ এই ঘটনাক কেন্দ্র কৰি উত্তৰ–পূবৰ ৰাজ্যখনত সৃষ্টি হৈছে তীব্র চাঞ্চল্য ৷

Featured
Comments (0)
Add Comment