জামিনত মুক্ত ধর্ষণৰ অভিযুক্তক ফুলৰ মালাৰে আদৰণি

🔹 গ্রেপ্তাৰৰ ৭ মাহ পাছত কাৰাগাৰৰ পৰা মুক্তি লাভ : ঘটনাক লৈ চাঞ্চল্য

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : দলবদ্ধ ধর্ষণৰ ঘটনাত দ্রুত কঠোৰ শাস্তিৰ পক্ষত মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সেই সময়তে বাৰাণসীত এগৰাকী ছাত্রীক দলবদ্ধ ধর্ষণত অভিযুক্ত বিজেপিৰ দুজন নেতাই মুক্তি লাভ কৰিলে জামিনত৷ অকল সেয়াই নহয়, গ্রেপ্তাৰৰ ৭ মাহ পাছত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ লগে লগে তেওঁলোকক ফুলৰ মালাৰে আদৰণি জনোৱা হ’ল৷ যোৱা বছৰ বাৰাণসীৰ আইআইটি–বিএইচইউৰ এগৰাকী ছাত্রীক দলবদ্ধ ধর্ষণৰ অভিযোগ উঠিছিল বিজেপিৰ আইটি চেলৰ একাধিক সদস্যৰ বিৰুদ্ধে। এই সদস্যসকলৰ একাধিক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ প্রবল চাপত তিনি অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল যদিও চৰকাৰী অধিবক্তাই প্রামাণিক তথ্য দাখিল নকৰাৰ বাবে অভিযুক্তক মুক্তি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷

Featured