টুপামাৰীত বগা চাউলৰ ক’লা বেহা

🔹 চাউলসহ দুজনক হাতে-লোটে ধৰি ৰাইজে গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : কামৰূপৰ নগৰবেৰা আৰক্ষী থানা আৰু টুপামাৰী আৰক্ষী চকী এলেকাত দীৰ্ঘদিনৰে পৰা অব্যাহত আছে বগা চাউলৰ ৰমৰমীয়া বেহা | চৰকাৰে যোগান ধৰা চাউলৰ সিংহভাগ একাংশ ব্যৱসায়ীয়ে সমবায়ৰ হিতাধিকাৰীক ন্যূনতম মূল্য দি ক্ৰয় কৰি গুদাম ভৰ্তি কৰে আৰু সেইসমূহ বস্তাত ভৰাই পুনৰ চৰা দামত বজাৰত বিক্ৰী কৰি থকাটো এক নিয়মত পৰিণত হৈছে | তাৰ মাজতে টুপামাৰীৰ পৰা এখন নম্বৰবিহীন ই-ৰিক্সাত তুলি ১০ বস্তাকৈ চাউল বদলা অঞ্চললৈ নি থকা অৱস্থাত দুজন লোকক আটক কৰি বাহনসহ জব্দকৃত চাউলখিনি টুপামাৰী আৰক্ষীক গতাই দিয়া হৈছিল যদিও নিশাৰ ভাগতেই ৰাইজে চমজাই দিয়া লোক দুজনক টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেও সিঙে মোকলাই দিয়ে | আৰক্ষীক ৰাইজে নিশাৰ ভাগতেই গতাই দিয়া লোক দুজনৰ নাম ক্ৰমে চাবেদ আলী (ই-ৰিক্সাচালক) আৰু ময়দুল ইছলাম বুলি জানিব পৰা গৈছে | ৰাইজে চমজাই দিয়া লোক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া সকলোৰে অগোচৰ | প্ৰশ্ন হয়- চৰকাৰে দুখীয়া হিতাধিকাৰীক যোগান ধৰা চাউল আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখেৰে দিনে-নিশাই অবাধে একাংশ অসাধু চক্ৰই সৰবৰাহ কৰি থকা সত্ত্বেও কিয় আৰক্ষী আজিকোপতি হৈ আছে নীৰৱ-নিশ্চুপ ? তাৰ উপৰি অবৈধ চাউল সৰবৰাহকাৰীক ৰাইজে চমজাই দিয়াৰ পাছতো কিয় আৰক্ষীয়ে গ্ৰহণ কৰিছে নমনীয স্থিতি ? আগলৈ এই অসাধু চাউল ব্যৱসায়ী চক্ৰটিৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান সচেতন ৰাইজৰ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured