ডিমা হাছাওত আৰক্ষীৰ থাৰ-বৈঠালাংছʼত ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ ডিমা হাছাও জিলাৰ হাফলঙত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী কঢ়িয়াই নিয়া মাহিন্দ্ৰ থাৰ বাহনখন পাহাৰৰ পৰা দʼ খাৱৈত পৰি যোৱাৰ ফলত চালকসহ দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে আৰক্ষী জোৱান কৃষ্ণ ভগত আৰু ৰীতভিৰাজ ৰাভাক হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কৃষ্ণ ভগতৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।‌‌ ইফালে বৈঠালাংছʼ-কামপুৰ সংযোগী ১৮নং ৰাজ্যিক পথত আজি এখন বালি কঢ়িওৱা ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যেক্ষদৰ্শীৰ মতে কামপুৰ দিশৰ পৰা বালি নিয়াৰ বাবে বৈঠালাংছʼলৈ তীব্ৰ বেগত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিলৈ গুচি যা‌য়। অৱশ্যে এই দুৰ্ঘটনাত ডাম্পাৰৰ চাৰিজন কথমপি প্ৰাণৰক্ষা পৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

Featured